--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে মধ্যবিত্তীয় নাগৰিকক ঋণৰ বোজাৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত দোহাৰিছে পূৰ্বৰ নীতি। ৰেপো ৰেট (আৰ বি আইয়ে বাণিজ্যিক বেংকক হ্ৰস্বম্যাদী ঋণ দিয়াৰ হাৰ) একেৰাহে ষষ্ঠবাৰৰ অপৰিৱৰ্তিত হৈ আছে। অৰ্থাৎ পূৰ্বৰ দৰেই ৰেপো ৰেট ৬.৫ শতাংশত আছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰিভাৰ্ছ ৰেপো ৰেটো(আৰ বি আইয়ে বিভিন্ন বাণিজ্যিক বেংকৰ পৰা যি হাৰত ধন ধাৰে লয়) অপৰিৱৰ্তিত হৈ আছে।


বৃহস্পতিবাৰে আৰ বি আইৰ গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে মুদ্ৰানীতি সমিতিৰ দ্বিমাহেকীয়া বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। দাসে কয় যে খাদ্যৰ দাম বৃদ্ধিয়ে মুদ্ৰাস্ফীতিৰ ওপৰত প্ৰভাৱ পেলাইছে। কিন্তু ঘৰুৱা কাৰ্যকলাপৰ গতি অব্যাহত আছে। কাকতলীয়াভাৱে ২০২২ চনৰ আৰম্ভণিৰ পৰা যোৱা বছৰৰ ফেব্ৰুৱাৰীলৈকে আৰ বি আইয়ে একেৰাহে ছবাৰকৈ ৰেপো ৰেট আৰু ৰিভাৰ্ছ ৰেপ' ৰেট বৃদ্ধি কৰিছিল।


ৰিজাৰ্ভ বেংকৰ এক সূত্ৰই জনোৱা মতে, ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ কাৰণ হ’ল দেশত খুচুৰা মুদ্ৰাস্ফীতি আংশিকভাৱে ৰোধ কৰা হৈছে। কিন্তু সামগ্ৰিকভাৱে মুদ্ৰাস্ফীতিৰ হাৰ এতিয়াও লক্ষ্যতকৈ বেছি। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি কয় আৰ বি আইৰ গভৰ্ণৰগৰাকীয়ে।দাসে কয় যে জিডিপি বৃদ্ধিৰ সম্ভাৱ্য লক্ষ্য পূৰ্বৰ ৬.৫ শতাংশৰ পৰা ৭ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু