--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে মধ্যবিত্তীয় নাগৰিকক ঋণৰ বোজাৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত দোহাৰিছে পূৰ্বৰ নীতি। ৰেপো ৰেট (আৰ বি আইয়ে বাণিজ্যিক বেংকক হ্ৰস্বম্যাদী ঋণ দিয়াৰ হাৰ) একেৰাহে ষষ্ঠবাৰৰ অপৰিৱৰ্তিত হৈ আছে। অৰ্থাৎ পূৰ্বৰ দৰেই ৰেপো ৰেট ৬.৫ শতাংশত আছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰিভাৰ্ছ ৰেপো ৰেটো(আৰ বি আইয়ে বিভিন্ন বাণিজ্যিক বেংকৰ পৰা যি হাৰত ধন ধাৰে লয়) অপৰিৱৰ্তিত হৈ আছে।


বৃহস্পতিবাৰে আৰ বি আইৰ গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে মুদ্ৰানীতি সমিতিৰ দ্বিমাহেকীয়া বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। দাসে কয় যে খাদ্যৰ দাম বৃদ্ধিয়ে মুদ্ৰাস্ফীতিৰ ওপৰত প্ৰভাৱ পেলাইছে। কিন্তু ঘৰুৱা কাৰ্যকলাপৰ গতি অব্যাহত আছে। কাকতলীয়াভাৱে ২০২২ চনৰ আৰম্ভণিৰ পৰা যোৱা বছৰৰ ফেব্ৰুৱাৰীলৈকে আৰ বি আইয়ে একেৰাহে ছবাৰকৈ ৰেপো ৰেট আৰু ৰিভাৰ্ছ ৰেপ' ৰেট বৃদ্ধি কৰিছিল।


ৰিজাৰ্ভ বেংকৰ এক সূত্ৰই জনোৱা মতে, ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ কাৰণ হ’ল দেশত খুচুৰা মুদ্ৰাস্ফীতি আংশিকভাৱে ৰোধ কৰা হৈছে। কিন্তু সামগ্ৰিকভাৱে মুদ্ৰাস্ফীতিৰ হাৰ এতিয়াও লক্ষ্যতকৈ বেছি। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি কয় আৰ বি আইৰ গভৰ্ণৰগৰাকীয়ে।দাসে কয় যে জিডিপি বৃদ্ধিৰ সম্ভাৱ্য লক্ষ্য পূৰ্বৰ ৬.৫ শতাংশৰ পৰা ৭ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ