--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ প্ৰেক্ষাপটত কলিকতা উচ্চ ন্যায়ালয়৷ দক্ষিণ দিনাজপুৰত ১০ হাজাৰ ছাগলী বলি দিয়া কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰা বিৰত থাকে কলিকতা উচ্চ ন্যায়ালয়। শুকুৰবাৰে মুখ্য ন্যায়াধীশ টি এছ শিৱগানম আৰু ন্যায়াধীশ হিৰণ্ময় ভট্টাচাৰ্যৰ খণ্ড বিচাৰপীঠে কয় যে এই উৎসৱসমূহৰ আমেজ বেলেগ। বহুতে এই ধৰ্মীয় পৰম্পৰাসমূহক বিশ্বাস কৰে। বহু ৰাজ্যত ককফাইটিং বা কুকুৰাৰ যুঁজ অনুষ্ঠিত হয়।আদালতে জল্লিকাট্টুৰ দৰে খেলো বন্ধ কৰা নাছিল। এই কথাসমূহৰ উদ্ধৃতিৰে আদালতে ছাগলী বলি দিয়া কাৰ্য নিষিদ্ধ কৰাৰ পৰা বিৰত থাকে।

দক্ষিণ দিনাজপুৰৰ ৰাস পূৰ্ণিমাৰ পাছত বল্লা গাঁৱত আৰম্ভ হৈছে বল্লা কালি পূজা। সেই পূজাত ১০ হাজাৰ ছাগলী বলি দিয়া হয়। এটা স্বেচ্ছাসেৱী সংস্থাই এই ছাগলী বলি নিষিদ্ধ কৰাৰ অনুৰোধ জনাই ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে। আবেদনকাৰীৰ অধিবক্তাই কয় যে অনুজ্ঞাপত্ৰ অবিহনে পশু বলি হ’ব নোৱাৰে,এনে  কাৰ্যক ৰাষ্ট্ৰই বন্ধ কৰিব লাগে। জীৱ-জন্তুৰ ওপৰত হোৱা হিংসা বন্ধ কৰিব লাগে। গোচৰৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে, “উৎসৱ আৰম্ভ হৈছে। গতিকে এই পৰিস্থিতিত বলি বন্ধ কৰা সম্ভৱ নহয়। কিন্তু পূজা কমিটীক কব পাৰোঁ যে আইন মতে ব্যৱস্থা কৰক। আৰু পূজা সমিতিয়ে মাৰ্চ মাহত এই প্ৰতিবেদন দিব।

এই গোচৰৰ ৰায়দানৰ সময়ত জল্লিকাট্টু সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কথাও উল্লেখ কৰে বিচাৰপীঠে। এইবাৰ উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ ম’হৰ খেল জাল্লিকাট্টুক বৈধতা প্ৰদান কৰে। এই সন্দৰ্ভত তামিলনাডু চৰকাৰে আইনখন গৃহীত কৰে। কে এম জোচেফৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে কয় যে জাল্লিকাট্টুৰ সৈতে অত্যাচাৰৰ কোনো সম্পৰ্ক নাই। ইয়াক ৰক্তাক্ত খেল বুলিও ক’ব নোৱাৰি। অৱশ্যে এই খেলত ব্যৱহৃত জীৱ-জন্তুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে ৰাজ্যক নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক