--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনেত্ৰী পায়েল ঘোষ৷ দুবছৰ পূৰ্বে চিনেমা পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি নিশাৰ ভিতৰতে চৰ্চালৈ আহিছিল অভিনেত্ৰীগৰাকী৷ তেতিয়াৰ পৰাই তেওঁ বিভিন্ন সময়ত অনুৰাগ কাশ্যপ সম্পৰ্কে বিভিন্ন মন্তব্য কৰিছে আহিছে যদিও কিন্তু অনুৰাগ কাশ্যপে একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। 

সেইগৰাকী পায়েল ঘোষেই ২০২৩ৰ বিশ্বকাপত ভাৰতীয় ক্ৰিকেট তাৰকা মহম্মদ ছামিক পোনপটীয়াকৈ বিবাহৰ প্ৰস্তাৱ দিছিল। ছামিক পায়েল ঘোষে বিবাহৰ প্ৰস্তাৱ দিয়া বিষয়টোৱে আলোড়ন তুলিছিল৷ এইবাৰ পায়েল এটা নতুন দাবীৰে পুনৰ চৰ্চালৈ আহিছে। পায়েলে দাবী কৰিছে যে তেওঁ প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা ইৰফান পাঠানৰ সৈতে সম্পৰ্কত আছিল। কেৱল ইৰফানেই নহয়, গৌতম গম্ভীৰেও নিশা পলমকৈ পায়েলক ‘মিছকল‘ দিছিল৷

এইবাৰ পায়েলে তেওঁলোকৰ বিষয়ে এটা বিস্ফোৰক দাবী কৰিছে। তেওঁৰ ‘এক্স’ একাউণ্টত, তেওঁ ইৰফানৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে সদৰী কৰিছিল। তেওঁ লিখিছে, ইৰফান আৰু মই পাঁচ বছৰ ধৰি সম্পৰ্কত আছিলোঁ। সেইসময়ত গৌতম গম্ভীৰে প্ৰায় প্ৰতি নিশা মোক মিছকল দিছিল। ইৰফানেও এইটো জানিছিল। গৌতমৰ কাৰণে তেওঁ মোৰ ফোনৰ উত্তৰ দিছিল। ইৰফানে হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ ভায়েক ক্ৰুণালক তেওঁৰ ভায়েক ইউছুফৰ সন্মুখত কৈছিল। পায়েল তাত ৰৈ নাছিল। তেওঁ দাবী কৰিছিল যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰায় সকলোৱে তেওঁক ভাল পাইছিল। তেওঁ কৈছিল যে অভিনেতা অক্ষয় কুমাৰো তেওঁৰ প্ৰেমাকাংক্ষী আছিল। অৱশ্যে, তেওঁ অক্ষয়ক সন্মান কৰে।

কাৰণ তেওঁ কেতিয়াও পায়েলৰ সৈতে দুৰ্ব্যৱহাৰ কৰা নাছিল। পায়েলৰ জন্ম কলকাতাত হৈছিল ১৯৯২ চনত। তেওঁ ছেইণ্ট পলছ মিছন স্কুলত শিক্ষা লাভ কৰিছিল আৰু স্কটিছ চাৰ্চ কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত তেওঁ অভিনয়ৰ বাবে মুম্বাইলৈ যায়। তাত তেওঁ পৰিচালক চন্দ্ৰশেখৰ য়েলেতিক লগ পায়, যাৰ ছবি 'প্ৰয়ানম' পায়েলে অভিনয় কৰিছিল। পাছত তেওঁ 'বৰ্ষাধৰ', 'উচাৰাভেলি', 'মিষ্টাৰ ৰাস্কাল', 'পেটেল কি পঞ্জাবী শাদী' আদি চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০২০ত ৰাজনীতিত যোগদান কৰিছিল। ৰামদাস আঠৱালৰ ভাৰতীয় ৰিপাব্লিকান পাৰ্টিৰ মহিলা শাখাৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা আছে পায়েলৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement