--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বাইক নহয় যেন ট্ৰাকহে! এখন বাইকতে এজনলোকে গোটেই পৰিয়ালটোকে তুলি নিয়াৰ কথাই এতিয়া ছ’চিয়েল মিডিয়াত বেছ চৰ্চা লাভ কৰিছে।এয়া কোনো  চাৰ্কাছৰ দৃশ্য নহয়। বহুতে  ভাবিব পাৰে যে এই পৰিয়ালটোৱে গীনিজ বুকত নিজৰ নাম লিখাবলৈ এনে কৰিছে, সেয়াও নহয়। তেওঁলোক প্ৰকৃততে সদায় এনেদৰেই যাতায়াত কৰি আহিছে।

গ্ৰাম্য ভাৰতৰ  এই বিপজ্জনক  দৃশ্যই বহুতকে আমোদ দিয়াৰ লগতে আন বহুতকে চিন্তিত কৰিও তুলিছে। ঠ’চিয়েল মিডিয়াত ভাইৰেল হৈ  পৰা ভিডিঅ’টোত এখন বাইকত সাতজনীয়া  পৰিয়াল এটাই যাত্ৰা কৰা দেখা গৈছে। তেওঁলোকৰ লগত দুটা পোহনীয়া জন্তুও আছিল।  অভূতপূৰ্ব বাইক যাত্ৰাৰ ভিডিঅ' নেটত ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকল হতবাক হৈ পৰিছে। বহুতে বাইক চালকজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে, কিছুমানে ঘটনাটোৰ বাবে প্ৰশাসনক দোষাৰোপ কৰিছে।


ভিডিঅ'টো এতিয়া  টুইটাৰত ভাইৰেল হৈ পৰিছে। ১৫ ছেকেণ্ডৰ ভিডিঅ'টো টুইটাৰ হেণ্ডেল 'জিন্দেগী গুলজাৰ হে'ৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছে। য'ত ইয়াক দেখা গৈছে এখন গতি কৰি থকা মটৰচাইকেল। এজন ব্যক্তিয়ে তেওঁৰ  গোটেই পৰিয়ালটোৰ সৈতে বাইকখনত উঠি  গৈ আছে। মুঠ যাত্ৰীৰ সংখ্যা হৈছে সাতজন। কাৰো মূৰত হেলমেট নাই। লগত দুটা কুকুৰো আছে। শিশুসকলক বিপজ্জনকভাৱে বাইকখনত তুলি নিয়া হৈছে।

 ভিডিঅ'টো পোষ্ট কৰা টুইটাৰ ব্যৱহাৰকাৰীজনে শিৰোনামত লিখিছে, "যদি পৰিয়ালটো আৰক্ষীৰ হাতত  ধৰা পৰে, তেন্তে তেওঁলোকে জৰিমনা পৰিশোধ কৰিবলৈ ঋণ ল'ব লাগিব।" ইফালে  নেটিজেনসকলে এনে ধৰণৰ ঘটনা সন্দৰ্ভত বিভিন্ন  মন্তব্য কৰিছে।
বহুলোকে এনে বিপজ্জনক বাইক যাত্ৰাৰ বাবে পৰিয়ালটোক দোষাৰোপ কৰিছে। ভাইৰেল হৈ পৰা ঘটনাটো ক’ৰ সেয়া এতিয়াও জানিব পৰা হোৱা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক