--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বাইক নহয় যেন ট্ৰাকহে! এখন বাইকতে এজনলোকে গোটেই পৰিয়ালটোকে তুলি নিয়াৰ কথাই এতিয়া ছ’চিয়েল মিডিয়াত বেছ চৰ্চা লাভ কৰিছে।এয়া কোনো  চাৰ্কাছৰ দৃশ্য নহয়। বহুতে  ভাবিব পাৰে যে এই পৰিয়ালটোৱে গীনিজ বুকত নিজৰ নাম লিখাবলৈ এনে কৰিছে, সেয়াও নহয়। তেওঁলোক প্ৰকৃততে সদায় এনেদৰেই যাতায়াত কৰি আহিছে।

গ্ৰাম্য ভাৰতৰ  এই বিপজ্জনক  দৃশ্যই বহুতকে আমোদ দিয়াৰ লগতে আন বহুতকে চিন্তিত কৰিও তুলিছে। ঠ’চিয়েল মিডিয়াত ভাইৰেল হৈ  পৰা ভিডিঅ’টোত এখন বাইকত সাতজনীয়া  পৰিয়াল এটাই যাত্ৰা কৰা দেখা গৈছে। তেওঁলোকৰ লগত দুটা পোহনীয়া জন্তুও আছিল।  অভূতপূৰ্ব বাইক যাত্ৰাৰ ভিডিঅ' নেটত ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকল হতবাক হৈ পৰিছে। বহুতে বাইক চালকজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে, কিছুমানে ঘটনাটোৰ বাবে প্ৰশাসনক দোষাৰোপ কৰিছে।


ভিডিঅ'টো এতিয়া  টুইটাৰত ভাইৰেল হৈ পৰিছে। ১৫ ছেকেণ্ডৰ ভিডিঅ'টো টুইটাৰ হেণ্ডেল 'জিন্দেগী গুলজাৰ হে'ৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছে। য'ত ইয়াক দেখা গৈছে এখন গতি কৰি থকা মটৰচাইকেল। এজন ব্যক্তিয়ে তেওঁৰ  গোটেই পৰিয়ালটোৰ সৈতে বাইকখনত উঠি  গৈ আছে। মুঠ যাত্ৰীৰ সংখ্যা হৈছে সাতজন। কাৰো মূৰত হেলমেট নাই। লগত দুটা কুকুৰো আছে। শিশুসকলক বিপজ্জনকভাৱে বাইকখনত তুলি নিয়া হৈছে।

 ভিডিঅ'টো পোষ্ট কৰা টুইটাৰ ব্যৱহাৰকাৰীজনে শিৰোনামত লিখিছে, "যদি পৰিয়ালটো আৰক্ষীৰ হাতত  ধৰা পৰে, তেন্তে তেওঁলোকে জৰিমনা পৰিশোধ কৰিবলৈ ঋণ ল'ব লাগিব।" ইফালে  নেটিজেনসকলে এনে ধৰণৰ ঘটনা সন্দৰ্ভত বিভিন্ন  মন্তব্য কৰিছে।
বহুলোকে এনে বিপজ্জনক বাইক যাত্ৰাৰ বাবে পৰিয়ালটোক দোষাৰোপ কৰিছে। ভাইৰেল হৈ পৰা ঘটনাটো ক’ৰ সেয়া এতিয়াও জানিব পৰা হোৱা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু