--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ’মন কি বাত’ অনুষ্ঠানটো  অল ইণ্ডিয়া ৰেডিঅ’ যোগে সম্প্ৰচাৰিত হৈ আহিছে। অনুষ্ঠানটোত মোদীয়ে বিভিন্ন বিষয়কলৈ ভাষণ দিয়ে। কিন্তু মোদীৰ এনে অনুষ্ঠান বন্ধ কৰাৰ দাবী উত্থাপন হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ 'ভাৰত জোড়ো' যাত্ৰাৰ পৰাই প্ৰত্যাহ্বান জনাই কয় যে মোদীয়ে ’মন কি বাত ’ বন্ধ কৰক, ইয়াৰ পৰিৱৰ্তে তেওঁ মানুহৰ কথা শুনক।

 কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে মোদীক প্ৰত্যাহ্বান জনাই কয় "চাৰিওফালে ঘৃণা আৰু ভয়ৰ পৰিৱেশে বিৰাজ কৰিছে । যদি আপোনাৰ সাহস আছে, ৰাস্তালৈ ওলাই আহক আৰু মানুহৰ কথা শুনক"। আজি  কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা' মহাৰাষ্ট্ৰৰ চেগাঁও অঞ্চলত উপস্থিত হৈছে। তাৰ পৰাই ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক আক্ৰমণৰ  লক্ষ্য কৰি লয়। ৰাহুল গান্ধীয়ে কয় "প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন কি বাত কাৰ্যসূচী বন্ধ কৰা উচিত। তেওঁ ৰাস্তাত থকা লোকসকলৰ কথা শুনক। আপোনাৰ তেনে কৰিবলৈ সাহস আছে নে? বিজেপিয়ে জনসাধাৰণৰ আভ্যন্তৰীণ ভয়ক ঘৃণালৈ পৰিণত কৰিছে। যদি দেশৰ প্ৰধানমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে কৃষকসকলৰ কথা শুনিলেহেঁতেন তেন্তে তেওঁলোকে আত্মহত্যা কৰিব লগা নহ'লহেঁতেন।"

উল্লেখ্য শেহতীয়াকৈ  ৰাহুল গান্ধীয়ে ছাভাৰকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে সমস্যাত পৰিছে। তেওঁৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত এখন এজাহাৰ দাখিল কৰা হৈছে। ৰাহুলে বিনায়ক দামোদৰ ছাভাৰকাৰ  সম্পৰ্কে এটা বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ দাবী কৰিছিল যে ছাভাৰকাৰে ব্ৰিটিছসকলক সহায় কৰিছিল। তেওঁ গান্ধী আৰু নেহৰুক প্ৰতাৰণা কৰিছিল। 

গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কৰা মন্তব্যই এক বিতৰ্কৰ সৃষ্টি কৰিছে। ছাভাৰকাৰৰ নাতি ৰঞ্জিত ছাভাৰকাৰ আৰু শিৱসেনাৰ সাংসদ ৰাহুল ছেৱালে ইতিমধ্যে মুম্বাইৰ শিৱাজী পাৰ্ক আৰক্ষী থানাত ৰাহুল গান্ধীৰ  বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ইপিনে কংগ্ৰেছ নেতাজনে দাবী কৰিছে যে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁৰ 'ভাৰত জোড়ো যাত্ৰা' বন্ধ কৰিব বিচাৰিছে। ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে 'মন কি বাত' বন্ধ কৰি প্ৰধানমন্ত্ৰীক ৰাজপথলৈ ওলাই আহি ৰাইজৰ কথা শুনিবলৈ প্ৰত্যাহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু