--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ’মন কি বাত’ অনুষ্ঠানটো  অল ইণ্ডিয়া ৰেডিঅ’ যোগে সম্প্ৰচাৰিত হৈ আহিছে। অনুষ্ঠানটোত মোদীয়ে বিভিন্ন বিষয়কলৈ ভাষণ দিয়ে। কিন্তু মোদীৰ এনে অনুষ্ঠান বন্ধ কৰাৰ দাবী উত্থাপন হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ 'ভাৰত জোড়ো' যাত্ৰাৰ পৰাই প্ৰত্যাহ্বান জনাই কয় যে মোদীয়ে ’মন কি বাত ’ বন্ধ কৰক, ইয়াৰ পৰিৱৰ্তে তেওঁ মানুহৰ কথা শুনক।

 কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে মোদীক প্ৰত্যাহ্বান জনাই কয় "চাৰিওফালে ঘৃণা আৰু ভয়ৰ পৰিৱেশে বিৰাজ কৰিছে । যদি আপোনাৰ সাহস আছে, ৰাস্তালৈ ওলাই আহক আৰু মানুহৰ কথা শুনক"। আজি  কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা' মহাৰাষ্ট্ৰৰ চেগাঁও অঞ্চলত উপস্থিত হৈছে। তাৰ পৰাই ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক আক্ৰমণৰ  লক্ষ্য কৰি লয়। ৰাহুল গান্ধীয়ে কয় "প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন কি বাত কাৰ্যসূচী বন্ধ কৰা উচিত। তেওঁ ৰাস্তাত থকা লোকসকলৰ কথা শুনক। আপোনাৰ তেনে কৰিবলৈ সাহস আছে নে? বিজেপিয়ে জনসাধাৰণৰ আভ্যন্তৰীণ ভয়ক ঘৃণালৈ পৰিণত কৰিছে। যদি দেশৰ প্ৰধানমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে কৃষকসকলৰ কথা শুনিলেহেঁতেন তেন্তে তেওঁলোকে আত্মহত্যা কৰিব লগা নহ'লহেঁতেন।"

উল্লেখ্য শেহতীয়াকৈ  ৰাহুল গান্ধীয়ে ছাভাৰকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে সমস্যাত পৰিছে। তেওঁৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত এখন এজাহাৰ দাখিল কৰা হৈছে। ৰাহুলে বিনায়ক দামোদৰ ছাভাৰকাৰ  সম্পৰ্কে এটা বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ দাবী কৰিছিল যে ছাভাৰকাৰে ব্ৰিটিছসকলক সহায় কৰিছিল। তেওঁ গান্ধী আৰু নেহৰুক প্ৰতাৰণা কৰিছিল। 

গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কৰা মন্তব্যই এক বিতৰ্কৰ সৃষ্টি কৰিছে। ছাভাৰকাৰৰ নাতি ৰঞ্জিত ছাভাৰকাৰ আৰু শিৱসেনাৰ সাংসদ ৰাহুল ছেৱালে ইতিমধ্যে মুম্বাইৰ শিৱাজী পাৰ্ক আৰক্ষী থানাত ৰাহুল গান্ধীৰ  বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ইপিনে কংগ্ৰেছ নেতাজনে দাবী কৰিছে যে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁৰ 'ভাৰত জোড়ো যাত্ৰা' বন্ধ কৰিব বিচাৰিছে। ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে 'মন কি বাত' বন্ধ কৰি প্ৰধানমন্ত্ৰীক ৰাজপথলৈ ওলাই আহি ৰাইজৰ কথা শুনিবলৈ প্ৰত্যাহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক