--°C
Loading...
Listen to Article
2 min read
80%
এসময়ত এখন দেশত এজন ৰজা আছিল। ৰজাৰ এজনী দীপলিপ ৰাজকন্যা আছিল। ফুলৰ দৰে ধুনীয়া আছিল বাবে তাইৰ নাম আছিল ফুলকুঁৱৰী। এনেকৈয়ে আৰম্ভ হয় কথাবোৰ। তাৰ পিছত লাহে লাহে আমাৰ মনে যাত্ৰা কৰে কল্পনা ৰাজ্যলৈ। কল্পনা ৰাজ্যত ৰজা, ৰাণী, ৰাজকোঁৱৰ আৰু ৰাজকুমাৰী মূর্তমান হৈ উঠে। কল্পনা ৰাজ্যৰ এখন এখনকৈ দুৱাৰ খুলি আগুৱাই গৈ থাকে কাহিনী। কথাখিনি শেষ নোহোৱালৈকে মনটোক খামুচি ধৰি থাকে কৌতূহল আৰু উৎসুকতাই আৰু কথাবোৰ গৈ গৈ এক শীর্ষবিন্দুত ৰৈ যোৱাৰ লগে লগে এক কোমল আৱেশত ডুবি থাকে আমাৰ মন বহুপৰলৈকে। এয়াই সাধুকথা। আছেনে কাৰোবাৰ এনে শৈশৱ য'ত সাধুকথাই আহি জীপাল কৰাহি নাই সময়। মিঠা মিঠা সোৱাদেৰে আটোলটোল এই সাধুকথাবূোৰ। জীৱনৰ দুপৰীয়া আৰু ভাটিবেলাত থিয় হোৱা লোকসকলে যেতিয়া উভতি চায়, তেতিয়া নিশ্চয়কৈ অনুভৱ কৰিব পাৰিব জীৱনৰ পুৱাভাগ সাধুকথাসমূহে কেনেকৈ আলোড়িত কৰি ৰাখিছিল। 

পৃথিৱীৰ প্রান্তে প্রান্তে সাধুকথা সিঁচৰতি হৈ আছে। কেতিয়াবা ইখন দেশৰ লগত সিখন দেশৰ সাধুকথাৰ মিল দেখিবলৈ পোৱা যায়। ইয়াত কোনো অস্বাভাবিকতা নাই। মানুহৰ চিন্তা-ভাবনা, কল্পনা ইত্যাদি ইজনৰ লগত সিজনৰ মিল ঘটিব পাৰে। পুৰণি কালৰ পৰাই পৃথিৱীৰ সকলো দেশতে মুখে মুখে সাধুকথা প্রচলিত হৈ আহিছে। বিশ্বৰ প্ৰতিটো জাতিৰে সুকীয়া সুকীয়া সাধুকথা আছে। নিজস্ব পৰিৱেশ, পুৰণি ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, চিন্তা-কল্পনা আদিৰ ভেটিত সাধুকথাসমূহ গঢ় লৈ উঠে। ভিন ভিন পৰিবেশত ভিন ভিন সাধু ৰচিত হৈছে যদিও সকলো দেশৰে সকলো ভাষাৰে সাধুকথাৰ মূল উদ্দেশ্য হৈছে শিশুক আনন্দ প্রদান কৰাৰ লগতে নৈতিক শিক্ষাৰে পুষ্ট কৰি জীৱন যাত্ৰাত আগুৱাই যোৱাত সহায় কৰা। শিশুৰ চৰিত্র গঠন আৰু মানসিক বিকাশ সাধনত ই প্ৰায়ে প্রভাব পেলায়। সাধুকথাই শিশুৰ মনত কল্পনাৰ ৰং সিঁচে। মনৰ আঁহ পাহ মুকলি কৰে। 

সাধুকথা বুলি ক'লেই আমাৰ চকুত ভাঁহি উঠে বৰষুণৰ দিনবোৰত, জোনাক উপচি থকা চোতালত শীতত জুহালৰ কাষত, জহত বিচনীৰ বা দি নাতি-নাতিনীক সাধু কৈ থকা আমাৰ আইতা-ককাহঁতৰ ছবিখন। সাধু শুনি শিশুৰ মন উৰা মাৰে অন্য এখন জগতলৈ। আমক 'ফেন্টাচী ৱৰ্ল্ড'লৈ লৈ যাব পাৰে কেৱল সাধুকথাসমূহে। য'ত গছে কথা কয়, ভেকুলী মানুহৰ পুতেক হয়, বাঘ হৰিণা নলে-গলে লগা বন্ধু হয়, হাঁহ কণীৰ ভিতৰতো সোমাই থাকিব পাৰে কোনো ৰূপহী ছোৱালী। এইবোৰে সঁচাই বিস্ময়াভিভূত কৰি তোলে আমাক।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সাধুকথাৰ সম্পৰ্কত কৈছিল, "অসমীয়াই সাধুৰ মোল পুৰণি কালৰপৰা বুজে আৰু চিৰকাল যে সাধুক সমাদৰ কৰি আহিছে এই কথা 'সাধুকথা' এই শব্দটোলৈ মন কৰিলেই দেখিবলৈ পোৱা যায়। সাধুকথা মানে সজ কথা বা সন্ত-সাধুৰ উপদেশ বাক্য বুলি আগৰেৰপৰাই অসমীয়াই ভাবি আহিছে। 

কিন্তু আজিৰ অসমীয়াই যেন সাধুকথাক সমাদৰ কৰিবলৈ লাহে লাহে পাহৰি পেলাইছে। বৰ্তমানৰ শিশু যেন সাধুকথাৰপৰা বহু দুৰৈত অৱস্থান কৰিছে। টিভিৰ সন্মুখত বহি, মোবাইল হাতত লৈ কাৰ্টুন চোৱাত ব্যস্ত থাকে আজিৰ শিশু। তেওঁলোকে কার্টুন চাওক কোনো কথা নাই কিন্তু ইয়াৰ লগে লগে সাধুকথাৰ মায়াসনা জগতখনৰ সৈতেও সংযোগ ঘটাই দিয়ে যাতে অভিভাৱকসকলে। নহ'লে তেওঁলোকৰ মনবোৰ হৈ পৰিব উদাস, ভাবলেশহীন আৰু নিৰস। শিশুক এখন কার্টুন চাব দিয়াতকৈ এখন সাধুকথাৰ পুথি পঢ়িব দিয়াটো বেছি ভাল কাৰণ কার্টুনত যিহেতু কাহিনীৰ লগতে ছবিসমূহো সংযোজিত থাকে সেয়েহে ইয়াত মন-মগজুৱে কল্পনাৰ চিত্ৰ এখন তৈয়াৰ কৰিবলৈ সুযোগ নাপায়। কিন্তু সাধুকথা পঢ়িলে মানুহৰ মনে নিজস্ব কল্পনাত একোখন চিত্ৰ গঢ় দি ল'ব পাৰে। ফলত শিশুৰ কল্পনাশক্তি বৃদ্ধি পায়। 

সাধুকথাৰ মানৱ জীৱনত থকা প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়েই সম্প্ৰতি ২০ মাৰ্চৰ দিনটো ‘বিশ্ব সাধুকথা কোৱা দিৱস’ (World Storytelling Day) হিচাপে উদ্‌যাপন কৰা হয়। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement