--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰৰ মতে ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহ বজাই ৰখাত উদ্ভিদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঘৰত থকা কাৰ্বন ডাই অক্সাইড শোষণ কৰি বায়ুমণ্ডল নিৰ্মল কৰি ৰাখে উদ্ভিদে। বাস্তুশাস্ত্ৰত এনে কিছুমান উদ্ভিদৰ কথা উল্লেখ কৰা হৈছে যিবোৰে ধনাত্মক শক্তি সঞ্চাৰ কৰে। 

এই উদ্ভিদসমূহৰ ভিতৰত আছে তুলসী, মানি প্লাণ্ট, লাকী বেম্ব আদি উদ্ভিদ। ইয়াৰ বাহিৰেও আন এবিধ উদ্ভিদ আছে যাৰ ফুল ভগৱান বিষ্ণুৰ অতি প্ৰিয়। সেই ফুল হৈছে অপৰাজিতা ফুল। অপৰাজিতা উদ্ভিদক বিষ্ণুপ্ৰিয়া বুলিও কোৱা হয়। ভগৱান বিষ্ণুৰ ওচৰত বিষ্ণুপ্ৰিয়া অপৰাজিতা ফুল আগবঢ়াই তেওঁৰ বিশেষ কৃপা লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। 

অপৰাজিতা উদ্ভিদৰ বিষয়ে কোৱা হৈছে যে ইয়াৰ লতা গছ বাঢ়ি যোৱাৰ লগে লগে ঘৰৰ উন্নতিৰ অগ্ৰগতিও বৃদ্ধি পায়। ফেব্ৰুৱাৰী বা মাৰ্চ মাহত অপৰাজিতা গছ ৰোপণ কৰিলে ভাল। অপৰাজিতাৰ নীলা ফুল শনি দেৱলৈ আগবঢ়াইও সুফল পাব পাৰি। শনিদেৱক অপৰাজিতাৰ ফুল আগবঢ়ালে শনিৰ দোষৰ পৰা নিস্তাৰ পোৱা যায় বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও শনিবাৰে শনি দেৱক অপৰাজিতা ফুল আগবঢ়ালে ঘৰখননৈ শুভ শক্তিৰ আগমন ঘটে।

ঘৰৰ চৌহদত বিষ্ণুপ্ৰিয়া অপৰাজিতাক পূব-উত্তৰ কোণত স্থাপন কৰাটো আটাইতকৈ উপযুক্ত। ইয়াৰ উপৰিও ঘৰৰ উত্তৰ দিশতো ইয়াক ৰোপণ কৰিব পাৰি। এই দিশত ৰোপণ কৰিলে ঘৰত সমৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। বাস্তুৰ মতে অপৰাজিতাৰ উদ্ভিদ দক্ষিণ বা পশ্চিম দিশত ৰোপণ কৰিব নালাগে। বাস্তুশাস্ত্ৰ আৰু জ্যোতিষতো এই বিষয়ে উল্লেখ আছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস