--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰৰ মতে ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহ বজাই ৰখাত উদ্ভিদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঘৰত থকা কাৰ্বন ডাই অক্সাইড শোষণ কৰি বায়ুমণ্ডল নিৰ্মল কৰি ৰাখে উদ্ভিদে। বাস্তুশাস্ত্ৰত এনে কিছুমান উদ্ভিদৰ কথা উল্লেখ কৰা হৈছে যিবোৰে ধনাত্মক শক্তি সঞ্চাৰ কৰে। 

এই উদ্ভিদসমূহৰ ভিতৰত আছে তুলসী, মানি প্লাণ্ট, লাকী বেম্ব আদি উদ্ভিদ। ইয়াৰ বাহিৰেও আন এবিধ উদ্ভিদ আছে যাৰ ফুল ভগৱান বিষ্ণুৰ অতি প্ৰিয়। সেই ফুল হৈছে অপৰাজিতা ফুল। অপৰাজিতা উদ্ভিদক বিষ্ণুপ্ৰিয়া বুলিও কোৱা হয়। ভগৱান বিষ্ণুৰ ওচৰত বিষ্ণুপ্ৰিয়া অপৰাজিতা ফুল আগবঢ়াই তেওঁৰ বিশেষ কৃপা লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। 

অপৰাজিতা উদ্ভিদৰ বিষয়ে কোৱা হৈছে যে ইয়াৰ লতা গছ বাঢ়ি যোৱাৰ লগে লগে ঘৰৰ উন্নতিৰ অগ্ৰগতিও বৃদ্ধি পায়। ফেব্ৰুৱাৰী বা মাৰ্চ মাহত অপৰাজিতা গছ ৰোপণ কৰিলে ভাল। অপৰাজিতাৰ নীলা ফুল শনি দেৱলৈ আগবঢ়াইও সুফল পাব পাৰি। শনিদেৱক অপৰাজিতাৰ ফুল আগবঢ়ালে শনিৰ দোষৰ পৰা নিস্তাৰ পোৱা যায় বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও শনিবাৰে শনি দেৱক অপৰাজিতা ফুল আগবঢ়ালে ঘৰখননৈ শুভ শক্তিৰ আগমন ঘটে।

ঘৰৰ চৌহদত বিষ্ণুপ্ৰিয়া অপৰাজিতাক পূব-উত্তৰ কোণত স্থাপন কৰাটো আটাইতকৈ উপযুক্ত। ইয়াৰ উপৰিও ঘৰৰ উত্তৰ দিশতো ইয়াক ৰোপণ কৰিব পাৰি। এই দিশত ৰোপণ কৰিলে ঘৰত সমৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। বাস্তুৰ মতে অপৰাজিতাৰ উদ্ভিদ দক্ষিণ বা পশ্চিম দিশত ৰোপণ কৰিব নালাগে। বাস্তুশাস্ত্ৰ আৰু জ্যোতিষতো এই বিষয়ে উল্লেখ আছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ