--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ৰূপৱতী নাৰী। নিজৰ জীৱনটো নিজৰ ধৰণেৰে সজ্জিত কৰিছে তেওঁ। তেওঁ হৈছে জর্জিনা ৰড্ৰিগেজ।  ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোৰ প্রেয়সী।

শেহতীয়াকৈ নেটফ্লিক্সত মুক্তি পালে ‘আই এম জৰ্জিনা’ শ্ব’টোৰ দ্বিতীয় ছিজন। এই অনুষ্ঠানত ৰোনাল্ডোৰ প্ৰেয়সীয়ে স্পষ্টভাৱে কথা ক’লে। যি অত্যন্ত চৰ্চিত হৈ পৰিছে।

সেই শ্ব’টোত তেওঁলোকৰ সম্পৰ্কৰ জৰ্জিনাই গোপন কথাও উদঙাই দিছে। তেওঁ কয় যে তেওঁ ৰোনাল্ডোৰ সৈতে এবাৰ ছুটীত গৈছিল। দুয়োজনে সাগৰৰ পাৰত যৌন সসম্ভোগ কৰাৰ পৰিকল্পনা কৰিছিল। ৰোনাল্ডোৱেও সাগৰৰ নিমখীয়া পানীত প্ৰেমিকাৰ লগত ঘনিষ্ঠ হ’ব বিচাৰিছিল।

কিন্তু জৰ্জিনাই এই কথাত সন্মতি নিদিলে। কাৰণ, সেই সময়ত তেওঁৰ হাতত এটা টাটু আছিল। সাগৰৰ নিমখীয়া পানীয়ে টাটুটো ধ্বংস কৰিব পাৰে বুলি ভয় কৰি জৰ্জিনাই তাত যৌন সম্ভোগ কৰিব নিবিচাৰিলে। ইয়াৰ বিপৰীতে এখন খালী জাহাজলৈ গৈ দুয়ো কামটো কৰে।

ব্যক্তিগত মুহূৰ্তৰ এই গোপন কথা প্ৰকাশ কৰাৰ পাছতে জৰ্জিনাক লৈ ব্যস্ত হৈ পৰিছে অনেক। সকলোৱে জানিব বিচাৰিছে তেওঁলোকৰ প্ৰেম কাহিনী কেনেকৈ আৰম্ভ হ’ল?

১৯৯৪ চনৰ ২৭ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল জৰ্জিনাই। তেওঁৰ জন্ম হৈছিল আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত। জৰ্জিনাৰ মাক স্পেনিছ আৰু পিতৃ আৰ্জেণ্টিনাৰ। জৰ্জিনা স্পেইনৰ জাকা চহৰত ডাঙৰ-দীঘল হৈছিল। জৰ্জিনাই আগতে এখন ৰেষ্টুৰেণ্টত মহিলা পৰিৱেশক হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ পৰিয়ালৰ সৈতে ইংলেণ্ডৰ ব্রিষ্টললৈ গুচি যায়।

বৰ্তমান ৰোনাল্ডোৰ প্ৰেমিকা হিচাপে অত্যন্ত জনপ্ৰিয় জৰ্জিনা। একে সময়তে ছ’চিয়েল মিডিয়াত তেওঁৰ জনপ্ৰিয়তাও কম নহয়! ইনষ্টাগ্ৰামত তেওঁৰ ৪ কোটি ৭৭ লাখ অনুৰাগী আছে। মডেল আৰু নৃত্যশিল্পী হিচাপেও তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছে।

ৰোনাল্ডোৰ সৈতে জৰ্জিনাৰ প্ৰথম সাক্ষাৎও যথেষ্ট চাঞ্চল্যকৰ। স্পেইনৰ ফুটবল কাকত এ এছৰ তথ্য অনুসৰি মাদ্ৰিদৰ গুচি ষ্ট’ৰলৈ গৈছিল ৰোনাল্ডো। জৰ্জিনাই তাত দোকানৰ সহায়িকা হিচাপে কাম কৰিছিল।

সেই সাক্ষাৎ পিছলৈ প্ৰেমলৈ পৰিণত হ’ল। প্ৰথমবাৰৰ বাবে ৰোনাল্ডোক দেখাৰ লগে লগে জৰ্জিনা প্ৰেমত পৰিছিল। ২০১৬ চনত এই দম্পতীহালক প্ৰথমবাৰৰ বাবে পাপাৰাজীৰ কেমেৰাত ধৰা পৰিছিল।

জৰ্জিনাৰ প্ৰেমত পৰাৰ পূৰ্বে ৰোনাল্ডোৰ হৃদয়ত আছিল ৰাছিয়াৰ মডেল ইৰিনা শ্বায়ক। কিন্তু সেই সম্পৰ্ক ২০১৫ চনত ভাঙি গ’ল। পিছৰ বছৰত ফুটবল তাৰকাগৰাকীয়ে জৰ্জিনাৰ সৈতে ডেটিং আৰম্ভ কৰে।

আৰম্ভণিৰে পৰাই জৰ্জিনাৰ সৈতে ৰোনাল্ডোৰ গভীৰ সম্পৰ্ক আছে। জৰ্জিনাৰ ৩বাৰ গৰ্ভপাত হৈছিল। চতুৰ্থবাৰৰ বাবে যমজ সন্তান জন্ম দিওঁতে এজনৰ মৃত্যু হয়। সেই সময়ত তেওঁ মানসিকভাৱে ভাঙি পৰিছিল।

ৰোনাল্ডোৰ মুঠ ৫ টা সন্তান আছে। ইয়াৰ ভিতৰত ৰোনাল্ডোৱে প্ৰথম সন্তানৰ মাতৃৰ পৰিচয় প্ৰকাশ কৰা নাছিল। কিন্তু জৰ্জিনাৰ তেওঁৰ সৈতে এক ডাঙৰ সম্পৰ্ক আছে। তেওঁ নিজৰ সন্তানৰ সৈতে বিভিন্ন মুহূৰ্তৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

৫টা সন্তানৰ সৈতে ৰোনাল্ডো আৰু জৰ্জিনাৰ এটা সুখী পৰিয়াল। কিন্তু তথাপিও তেওঁলোকে বিবাহৰ বিষয়ে একো ভবা নাই। যদিও জৰ্জিনাই বিবাহ সম্পৰ্কে ইংগিতদায়ক মন্তব্য কৰিছিল। ক'লে, "ঈশ্বৰৰ দৃষ্টিত আমি বিয়া হৈছো।"

ছৌদি আৰৱৰ এটা ক্লাব আল নাছেৰৰ সৈতে চুক্তিবদ্ধ হৈছে ৰোনাল্ডো। তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে চৌদি আৰৱত থাকিবলৈ আৰম্ভ কৰিলে। জৰ্জিনাই দাবী কৰিছিল যে তাত তেওঁ এক তিক্ত অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। স্কুলত তেওঁৰ ল’ৰা-ছোৱালীক আন ল’ৰা-ছোৱালীয়ে প্ৰহাৰ কৰিছিল। এই কথা ৰোনাল্ডোৰ প্ৰেয়সীয়ে কয়। ছৌদি আৰৱত তেওঁলোকৰ নতুন জীৱন সন্দৰ্ভত জৰ্জিনাৰ মন্তব্যও চৰ্চাত আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে