--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ৰূপৱতী নাৰী। নিজৰ জীৱনটো নিজৰ ধৰণেৰে সজ্জিত কৰিছে তেওঁ। তেওঁ হৈছে জর্জিনা ৰড্ৰিগেজ।  ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোৰ প্রেয়সী।

শেহতীয়াকৈ নেটফ্লিক্সত মুক্তি পালে ‘আই এম জৰ্জিনা’ শ্ব’টোৰ দ্বিতীয় ছিজন। এই অনুষ্ঠানত ৰোনাল্ডোৰ প্ৰেয়সীয়ে স্পষ্টভাৱে কথা ক’লে। যি অত্যন্ত চৰ্চিত হৈ পৰিছে।

সেই শ্ব’টোত তেওঁলোকৰ সম্পৰ্কৰ জৰ্জিনাই গোপন কথাও উদঙাই দিছে। তেওঁ কয় যে তেওঁ ৰোনাল্ডোৰ সৈতে এবাৰ ছুটীত গৈছিল। দুয়োজনে সাগৰৰ পাৰত যৌন সসম্ভোগ কৰাৰ পৰিকল্পনা কৰিছিল। ৰোনাল্ডোৱেও সাগৰৰ নিমখীয়া পানীত প্ৰেমিকাৰ লগত ঘনিষ্ঠ হ’ব বিচাৰিছিল।

কিন্তু জৰ্জিনাই এই কথাত সন্মতি নিদিলে। কাৰণ, সেই সময়ত তেওঁৰ হাতত এটা টাটু আছিল। সাগৰৰ নিমখীয়া পানীয়ে টাটুটো ধ্বংস কৰিব পাৰে বুলি ভয় কৰি জৰ্জিনাই তাত যৌন সম্ভোগ কৰিব নিবিচাৰিলে। ইয়াৰ বিপৰীতে এখন খালী জাহাজলৈ গৈ দুয়ো কামটো কৰে।

ব্যক্তিগত মুহূৰ্তৰ এই গোপন কথা প্ৰকাশ কৰাৰ পাছতে জৰ্জিনাক লৈ ব্যস্ত হৈ পৰিছে অনেক। সকলোৱে জানিব বিচাৰিছে তেওঁলোকৰ প্ৰেম কাহিনী কেনেকৈ আৰম্ভ হ’ল?

১৯৯৪ চনৰ ২৭ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল জৰ্জিনাই। তেওঁৰ জন্ম হৈছিল আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত। জৰ্জিনাৰ মাক স্পেনিছ আৰু পিতৃ আৰ্জেণ্টিনাৰ। জৰ্জিনা স্পেইনৰ জাকা চহৰত ডাঙৰ-দীঘল হৈছিল। জৰ্জিনাই আগতে এখন ৰেষ্টুৰেণ্টত মহিলা পৰিৱেশক হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ পৰিয়ালৰ সৈতে ইংলেণ্ডৰ ব্রিষ্টললৈ গুচি যায়।

বৰ্তমান ৰোনাল্ডোৰ প্ৰেমিকা হিচাপে অত্যন্ত জনপ্ৰিয় জৰ্জিনা। একে সময়তে ছ’চিয়েল মিডিয়াত তেওঁৰ জনপ্ৰিয়তাও কম নহয়! ইনষ্টাগ্ৰামত তেওঁৰ ৪ কোটি ৭৭ লাখ অনুৰাগী আছে। মডেল আৰু নৃত্যশিল্পী হিচাপেও তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছে।

ৰোনাল্ডোৰ সৈতে জৰ্জিনাৰ প্ৰথম সাক্ষাৎও যথেষ্ট চাঞ্চল্যকৰ। স্পেইনৰ ফুটবল কাকত এ এছৰ তথ্য অনুসৰি মাদ্ৰিদৰ গুচি ষ্ট’ৰলৈ গৈছিল ৰোনাল্ডো। জৰ্জিনাই তাত দোকানৰ সহায়িকা হিচাপে কাম কৰিছিল।

সেই সাক্ষাৎ পিছলৈ প্ৰেমলৈ পৰিণত হ’ল। প্ৰথমবাৰৰ বাবে ৰোনাল্ডোক দেখাৰ লগে লগে জৰ্জিনা প্ৰেমত পৰিছিল। ২০১৬ চনত এই দম্পতীহালক প্ৰথমবাৰৰ বাবে পাপাৰাজীৰ কেমেৰাত ধৰা পৰিছিল।

জৰ্জিনাৰ প্ৰেমত পৰাৰ পূৰ্বে ৰোনাল্ডোৰ হৃদয়ত আছিল ৰাছিয়াৰ মডেল ইৰিনা শ্বায়ক। কিন্তু সেই সম্পৰ্ক ২০১৫ চনত ভাঙি গ’ল। পিছৰ বছৰত ফুটবল তাৰকাগৰাকীয়ে জৰ্জিনাৰ সৈতে ডেটিং আৰম্ভ কৰে।

আৰম্ভণিৰে পৰাই জৰ্জিনাৰ সৈতে ৰোনাল্ডোৰ গভীৰ সম্পৰ্ক আছে। জৰ্জিনাৰ ৩বাৰ গৰ্ভপাত হৈছিল। চতুৰ্থবাৰৰ বাবে যমজ সন্তান জন্ম দিওঁতে এজনৰ মৃত্যু হয়। সেই সময়ত তেওঁ মানসিকভাৱে ভাঙি পৰিছিল।

ৰোনাল্ডোৰ মুঠ ৫ টা সন্তান আছে। ইয়াৰ ভিতৰত ৰোনাল্ডোৱে প্ৰথম সন্তানৰ মাতৃৰ পৰিচয় প্ৰকাশ কৰা নাছিল। কিন্তু জৰ্জিনাৰ তেওঁৰ সৈতে এক ডাঙৰ সম্পৰ্ক আছে। তেওঁ নিজৰ সন্তানৰ সৈতে বিভিন্ন মুহূৰ্তৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

৫টা সন্তানৰ সৈতে ৰোনাল্ডো আৰু জৰ্জিনাৰ এটা সুখী পৰিয়াল। কিন্তু তথাপিও তেওঁলোকে বিবাহৰ বিষয়ে একো ভবা নাই। যদিও জৰ্জিনাই বিবাহ সম্পৰ্কে ইংগিতদায়ক মন্তব্য কৰিছিল। ক'লে, "ঈশ্বৰৰ দৃষ্টিত আমি বিয়া হৈছো।"

ছৌদি আৰৱৰ এটা ক্লাব আল নাছেৰৰ সৈতে চুক্তিবদ্ধ হৈছে ৰোনাল্ডো। তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে চৌদি আৰৱত থাকিবলৈ আৰম্ভ কৰিলে। জৰ্জিনাই দাবী কৰিছিল যে তাত তেওঁ এক তিক্ত অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। স্কুলত তেওঁৰ ল’ৰা-ছোৱালীক আন ল’ৰা-ছোৱালীয়ে প্ৰহাৰ কৰিছিল। এই কথা ৰোনাল্ডোৰ প্ৰেয়সীয়ে কয়। ছৌদি আৰৱত তেওঁলোকৰ নতুন জীৱন সন্দৰ্ভত জৰ্জিনাৰ মন্তব্যও চৰ্চাত আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল