--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান আৰু ঐশ্বৰ্য ৰায় বচ্চন ছবি জগতৰ দুই ডাঙৰ তাৰকা। দুয়োগৰাকীয়ে এতিয়ালৈকে বহু হিট ছবি ৰাইজক উপহাৰ দিছে। সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘দেৱদাস’ত দুয়োৰে যুটিয়ে দৰ্শকৰ হৃদয় জয় কৰিছিল। অৱশ্যে শ্বাহৰুখ খানে নিজে ৫ খন ডাঙৰ ছবিৰ পৰা ঐশ্বৰ্য ৰায়ক বাহিৰ কৰি দিছিল। এই কথা ক’লে স্বয়ং বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায়ে।

ঐশ্বৰ্য ৰায়ৰ এটা থ্ৰ’বেক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত অভিনেত্ৰীগৰাকীয়ে পাঁচখন ছবিৰ পৰা তেওঁক কেনেকৈ বাহিৰ কৰি দিয়া হৈছিল সেই কথা উল্লেখ কৰিছে। ছিমি গৰেৱালৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ঐশ্বৰ্যই।

এই ভাইৰেল ভিডিঅ’টোত ছিমিয়ে শ্বাহৰুখ খানৰ কথা উল্লেখ কৰি ঐশ্বৰ্যক সুধিছে, ‘‘আপুনি শ্বাহৰুখ খানৰ সৈতে পাঁচখন ছবিত একেলগে কাম কৰিবলৈ ওলাইছিল। নহয়নে? ‘বীৰ জাৰা’তো আপোনাক কাষ্ট কৰাৰ কথা আছিল।’’ এই প্ৰশ্নৰ উত্তৰত ঐশ্বৰ্যই সামান্য হাঁহি এটা মাৰি উত্তৰ দিয়ে ‘‘হয়, এনেকুৱা কিছুমান ছবি আছিল য’ত মই কাম কৰিবলৈ ওলাইছিলো। কিন্তু হঠাতে কোনো কাৰণ নোহোৱাকৈয়ে সেইবোৰ মোৰ হাতৰ পৰা ওলাই গ’ল, কিয় ওলাই গ’ল তাৰ উত্তৰ মোৰ ওচৰত নাছিল।’’

ছিমিয়ে অভিনেত্ৰীগৰাকীক সুধিলে যে ‘‘আপুনি এই ছবিবোৰৰ প্ৰস্তাৱ নাকচ কৰিছিলে নেকি?’’ এই কথা শুনি অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘নাই, এই ছবিবোৰত কাম নকৰাটো মোৰ সিদ্ধান্ত নাছিল। বৰঞ্চ মই নিজেও যথেষ্ট আচৰিত হৈছিলোঁ, বিভ্ৰান্ত হৈছিলোঁ আৰু সঁচা কথা ক’বলৈ গ’লে মই বহুত দুখ পাইছিলোঁ।’’ 

ঐশ্বৰ্য আৰু শ্বাহৰুখক আৰু বহু ছবিত একেলগে অভিনয় কৰা দেখিবলৈ পোৱা গ’লহেঁতেন। ইয়াৰ ভিতৰত আছিল ‘চলতে চলতে’, ‘কল হো না হো’ আৰু ‘বীৰ জাৰা’ৰ দৰে ব্লকবাষ্টাৰ ছবি। জানিবলৈ পোৱা মতে শ্বাহৰুখে এই ছবিবোৰৰ পৰা ঐশ্বৰ্যক আঁতৰাই দিছিল। এই বিষয়ে কথা পাতি ছিমিয়ে একেটা সাক্ষাৎকাৰতে ঐশ্বৰ্যক সুধিছিল যে ‘‘শ্বাহৰুখে আপোনাক কিয় ছবিকেইখনৰ পৰা বাদ দিলে সেই বিষয়ে কেতিয়াও প্ৰশ্ন কৰা নাছিল নেকি?’’ এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কৈছিল, ‘‘এয়া মোৰ স্বভাৱত নাই, কোনোবাই যদি বুজাই দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰে তেন্তে নিজেই বুজাব। গতিকে, কি আৰু কিয় সেই বিষয়ে প্ৰশ্ন কৰাটো মোৰ বাবে সম্ভৱ নহয়।’’

উল্লেখ্য যে সেই সময়ত ঐশ্বৰ্য আৰু ছলমান খানৰ সম্পৰ্ক অতি বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছিল। ঐশ্বৰ্যৰ ছবিৰ চেটত ছলমান খানে প্ৰায়ে অশান্তিৰ সৃষ্টি কৰিছিল। সেইবাবেই শ্বাহৰুখে ঐশ্বৰ্যক ছবিৰ পৰা বাহিৰ কৰি দিছিল বুলি শুনিবলৈ পোৱা গৈছিল।

শ্বাহৰুখে এক সাক্ষাৎকাৰত কৈছিল- ‘‘কাৰোবাৰ লগত প্ৰজেক্ট এটা আৰম্ভ কৰি তাৰ পিছত কোনো ভুল নকৰাকৈ সলনি কৰাটো অতি কঠিন। বৰ দুখ লাগে কাৰণ ঐশ্বৰ্য মোৰ বহুত ভাল বন্ধু। ব্যক্তিগতভাৱে মই ভাবো মই ভুল কৰিলোঁ। কিন্তু এজন প্ৰযোজক হিচাপে ই আছিল সঠিক সিদ্ধান্ত। ইয়াৰ বাবে মই ঐশ্বৰ্যৰ ওচৰত ক্ষমা বিচাৰিছো।’’

উল্লেখ্য যে ঐশ্বৰ্য ৰায় আৰু শ্বাহৰুখ খানক শেষবাৰৰ বাবে একেলগে দেখা গৈছিল ২০১৬ চনৰ কৰণ জোহৰৰ ছবি ‘এ দিল হে মুছকিল’ত। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ