--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ জানুৱাৰী মাহত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই মাতৃত্ব লাভ কৰিছিল। তেওঁ আৰু নিক জ’নাছৰ কন্যা মালতী মেৰী চোপ্ৰা জোনাছৰ জন্ম হৈছিল চেৰ’গেচিৰ জৰিয়তে। ইয়াৰ পিছতে বিতৰ্কও হৈছিল। কিয় প্ৰিয়ংকাই চেৰ’গেচিৰ জৰিয়তে সন্তান জন্ম দিছিল?

কিন্তু জানেনে, অভিনেত্ৰীগৰাকীয়ে বহু আগতেই সন্তান জন্মৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা প্ৰকাশ কৰিছে। কয় যে ৩০ বছৰ বয়সৰ পৰাই তেওঁ ডিম্বানু সঞ্চয় কৰিবলৈ আৰম্ভ কৰিছিল। তাৰোপৰি ক’লে যে তেওঁ নিকক বিয়া কৰাবলৈ ইচ্ছুক নাছিল।

প্ৰিয়ংকাই ক’লে, “মই ল’ৰা-ছোৱালীক ভাল পাওঁ। মোৰ সদায় সন্তান জন্ম দিয়াৰ ইচ্ছা আছিল। গতিকে ত্ৰিশ বছৰ বয়সত কণী সঞ্চয় কৰিবলৈ আৰম্ভ কৰিলোঁ।'' মাতৃৰ পৰামৰ্শমতে এই পদক্ষেপ গ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। এই প্ৰসংগত প্ৰিয়ংকাই যুক্তি আগবঢ়ায়, "মই অভিলাষী, মই মোৰ কেৰিয়াৰত সফল হ'ব বিচাৰিছিলো। কিন্তু সেই সময়ত মই এনে এজনক বিচাৰি নাপালোঁ যাৰ লগত মই সন্তান জন্ম দিয়াৰ কথা ভাবিব পাৰো। গতিকে এই সিদ্ধান্ত মাৰ পৰামৰ্শত লৈছিলো।’’

সন্তান জন্ম দিয়াৰ কথা ভাবি প্ৰথমবাৰৰ বাবে নিক জ’নাছক বিয়া কৰাব বিচৰা নাছিল অভিনেত্ৰীগৰাকীয়ে। ডেটিং কৰাৰ কেইমাহমানৰ ভিতৰতে দুয়োৰে বিয়া হৈছিল। কিন্তু দুয়োৰে বয়সৰ পাৰ্থক্য আছিল বৃহৎ। নিক ২৫ বছৰীয়া হোৱাৰ বিপৰীতে প্ৰিয়ংকাই ৩৫ বছৰ অতিক্ৰম কৰিছে।

অভিনেত্ৰীগৰাকীৰ মতে, "২৫ বছৰ বয়সত সন্তান জন্ম দিয়াৰ কথা নিকে ভাবিব নে নাই সেই বিষয়ে মোৰ সন্দেহ আছিল। সেইবাবেই ডেটিং কৰিবলৈও মন যোৱা নাছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ