--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ জানুৱাৰী মাহত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই মাতৃত্ব লাভ কৰিছিল। তেওঁ আৰু নিক জ’নাছৰ কন্যা মালতী মেৰী চোপ্ৰা জোনাছৰ জন্ম হৈছিল চেৰ’গেচিৰ জৰিয়তে। ইয়াৰ পিছতে বিতৰ্কও হৈছিল। কিয় প্ৰিয়ংকাই চেৰ’গেচিৰ জৰিয়তে সন্তান জন্ম দিছিল?

কিন্তু জানেনে, অভিনেত্ৰীগৰাকীয়ে বহু আগতেই সন্তান জন্মৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা প্ৰকাশ কৰিছে। কয় যে ৩০ বছৰ বয়সৰ পৰাই তেওঁ ডিম্বানু সঞ্চয় কৰিবলৈ আৰম্ভ কৰিছিল। তাৰোপৰি ক’লে যে তেওঁ নিকক বিয়া কৰাবলৈ ইচ্ছুক নাছিল।

প্ৰিয়ংকাই ক’লে, “মই ল’ৰা-ছোৱালীক ভাল পাওঁ। মোৰ সদায় সন্তান জন্ম দিয়াৰ ইচ্ছা আছিল। গতিকে ত্ৰিশ বছৰ বয়সত কণী সঞ্চয় কৰিবলৈ আৰম্ভ কৰিলোঁ।'' মাতৃৰ পৰামৰ্শমতে এই পদক্ষেপ গ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। এই প্ৰসংগত প্ৰিয়ংকাই যুক্তি আগবঢ়ায়, "মই অভিলাষী, মই মোৰ কেৰিয়াৰত সফল হ'ব বিচাৰিছিলো। কিন্তু সেই সময়ত মই এনে এজনক বিচাৰি নাপালোঁ যাৰ লগত মই সন্তান জন্ম দিয়াৰ কথা ভাবিব পাৰো। গতিকে এই সিদ্ধান্ত মাৰ পৰামৰ্শত লৈছিলো।’’

সন্তান জন্ম দিয়াৰ কথা ভাবি প্ৰথমবাৰৰ বাবে নিক জ’নাছক বিয়া কৰাব বিচৰা নাছিল অভিনেত্ৰীগৰাকীয়ে। ডেটিং কৰাৰ কেইমাহমানৰ ভিতৰতে দুয়োৰে বিয়া হৈছিল। কিন্তু দুয়োৰে বয়সৰ পাৰ্থক্য আছিল বৃহৎ। নিক ২৫ বছৰীয়া হোৱাৰ বিপৰীতে প্ৰিয়ংকাই ৩৫ বছৰ অতিক্ৰম কৰিছে।

অভিনেত্ৰীগৰাকীৰ মতে, "২৫ বছৰ বয়সত সন্তান জন্ম দিয়াৰ কথা নিকে ভাবিব নে নাই সেই বিষয়ে মোৰ সন্দেহ আছিল। সেইবাবেই ডেটিং কৰিবলৈও মন যোৱা নাছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়