--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলামধৰ্মী লোকসকলৰ এতিয়া পবিত্ৰ ৰমজান মাহ চলি আছে। ৰমজান মাহত ইছলাম ধৰ্ম গ্ৰহণ কৰা ৰাখী সাৱন্তেও ৰোজা ৰখাৰ নাটক কৰা বুলি বহুতে এতিয়া আলোচনা কৰিছে।  কেইদিনমান আগত তেওঁ ইছলাম ধৰ্মৰ নিয়ম অনুসৰি  ৰোজা আৰম্ভ কৰিছিল। কিন্তু তেওঁ সেয়া ৰক্ষা কৰিব  নোৱাৰিলে। বলীউডৰ 'ড্ৰামা কুইন'য়ে অৱশেষত উপবাস ভংগ কৰিলে।

শেহতীয়াকৈ, ৰাখীয়ে কৈছে  যে তেওঁ অজ্ঞাতে ৰোজা ভংগ কৰিছে। কিন্তু কেনেকৈ ?দৰাচলতে ৰখায়ে ৰোজাৰ মাজতে খাইছিল  চুইংগাম ।  আৰু সেইকাৰণে তেওঁৰ উপবাস ভংগ হয়।  উল্লেখ্য প্ৰেমিক আদিলক পাবলৈ নিজৰ ধৰ্মই সলনি কৰি ফাতিমা নাম লৈছিল অভিনেত্ৰী ৰাখী সাৱন্তে। আদিলৰ সৈতে এতিয়া ৰাখীৰ বিয়া ভাগিছে। ধৰ্।ণৰ গোচৰত স্বামী আদিল কাৰাগাৰত আছে। জানুৱাৰী মাহত ৰাখী সাৱন্তৰ বিবাহৰ বাতৰি প্ৰকাশ পাইছিল। বিয়াৰ কেইদিনমানৰ পিছতে সিটোকৈ বৈবাহিক বিতৰ্ক আৰম্ভ হৈছিল। 

ৰাখী সাৱন্ত আৰু আদিল দুৰানীৰ বৈবাহিক বিতৰ্ক  গোটেই ফেব্ৰুৱাৰী মাহটোত সংবাদমাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। বিবাহৰ সময়ত ৰাখীয়ে তেওঁৰ ধৰ্ম সলনি কৰিছিল আৰু ইছলাম গ্ৰহণ কৰিছিল। ৰাখীয়ে তেওঁৰ  নাম ফাতিমালৈ সলনি কৰিছিল। কিন্তু যাৰ বাবে ইমান খিনি কৰিলে তেঁৱেই এতিয়া ৰাখীৰ কাষত নাই। আদিল এতিয়া কাৰাগাৰত আছে। এনে সময়তে অভিনেত্ৰীগৰাকীয়ে  উমৰাহ  কৰিবলৈ মক্কালৈ যোৱাৰ মন মেলিছে। উল্লেখ্য  উমৰাহ  হৈছে মক্কালৈ যিকোনো সময়তে পূণ্য অৰ্জনৰ বাবে যাব পৰা তীৰ্থ যাত্ৰা।

ফাতিমা নাম গ্ৰহণ কৰা ৰাখীয়ে  নিজেই প্ৰকাশ কৰিছে যে তেওঁ ৫ বাৰ নামাজ পঢ়ে । পূণ্য অৰ্জনৰ বাবে  ৰাখীয়ে  এইবাৰ  ৰমজান মাহত মক্কালৈ যাব বিচাৰিছে। অৱশ্যে তেওঁ নিশ্চিত নহয় যে তেওঁ মক্কালৈ যোৱাৰ অনুমতি পাব নে নাই। মক্কালৈ যোৱাৰ অনুমোদন  বিচাৰি ৰাখীয়ে  ইতিমধ্যে জামা মছজিদত আবেদন দাখিল কৰিছে। নাম পৰিবৰ্তনৰ শপতনামাও  অভিনেত্ৰীগৰাকীয়ে আবেদনৰ সৈতে দাখিল কৰিছে বুলি জানিব পৰা গৈছে।  

কিছুদিন আগতে তেওঁ ফটোগ্ৰাফাৰসকলক কৈছিল , "মই দিনে পাঁচবাৰ নামাজ  পঢ়ো। মই আল্লাত  বিশ্বাস কৰো। যদি তেওঁ বিচাৰে, মই নিশ্চিতভাৱে ৰমজানত উমৰাহলৈ যাব পাৰিম। মই এমাহৰ বাবে ৰমজান পালন কৰিম। মই সেই সময়ত জিমলৈ নাযাওঁ। মই উপবাস কৰি প্ৰাৰ্থনা কৰিম"। ৰাখীয়ে লগতে কয়, "যদি মই  উমৰাহলৈ যাব পাৰো, মই বিশ্বাস কৰোঁ যে মোৰ ভাগ্য মুকলি হ'ব।" 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ