--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলামধৰ্মী লোকসকলৰ এতিয়া পবিত্ৰ ৰমজান মাহ চলি আছে। ৰমজান মাহত ইছলাম ধৰ্ম গ্ৰহণ কৰা ৰাখী সাৱন্তেও ৰোজা ৰখাৰ নাটক কৰা বুলি বহুতে এতিয়া আলোচনা কৰিছে।  কেইদিনমান আগত তেওঁ ইছলাম ধৰ্মৰ নিয়ম অনুসৰি  ৰোজা আৰম্ভ কৰিছিল। কিন্তু তেওঁ সেয়া ৰক্ষা কৰিব  নোৱাৰিলে। বলীউডৰ 'ড্ৰামা কুইন'য়ে অৱশেষত উপবাস ভংগ কৰিলে।

শেহতীয়াকৈ, ৰাখীয়ে কৈছে  যে তেওঁ অজ্ঞাতে ৰোজা ভংগ কৰিছে। কিন্তু কেনেকৈ ?দৰাচলতে ৰখায়ে ৰোজাৰ মাজতে খাইছিল  চুইংগাম ।  আৰু সেইকাৰণে তেওঁৰ উপবাস ভংগ হয়।  উল্লেখ্য প্ৰেমিক আদিলক পাবলৈ নিজৰ ধৰ্মই সলনি কৰি ফাতিমা নাম লৈছিল অভিনেত্ৰী ৰাখী সাৱন্তে। আদিলৰ সৈতে এতিয়া ৰাখীৰ বিয়া ভাগিছে। ধৰ্।ণৰ গোচৰত স্বামী আদিল কাৰাগাৰত আছে। জানুৱাৰী মাহত ৰাখী সাৱন্তৰ বিবাহৰ বাতৰি প্ৰকাশ পাইছিল। বিয়াৰ কেইদিনমানৰ পিছতে সিটোকৈ বৈবাহিক বিতৰ্ক আৰম্ভ হৈছিল। 

ৰাখী সাৱন্ত আৰু আদিল দুৰানীৰ বৈবাহিক বিতৰ্ক  গোটেই ফেব্ৰুৱাৰী মাহটোত সংবাদমাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। বিবাহৰ সময়ত ৰাখীয়ে তেওঁৰ ধৰ্ম সলনি কৰিছিল আৰু ইছলাম গ্ৰহণ কৰিছিল। ৰাখীয়ে তেওঁৰ  নাম ফাতিমালৈ সলনি কৰিছিল। কিন্তু যাৰ বাবে ইমান খিনি কৰিলে তেঁৱেই এতিয়া ৰাখীৰ কাষত নাই। আদিল এতিয়া কাৰাগাৰত আছে। এনে সময়তে অভিনেত্ৰীগৰাকীয়ে  উমৰাহ  কৰিবলৈ মক্কালৈ যোৱাৰ মন মেলিছে। উল্লেখ্য  উমৰাহ  হৈছে মক্কালৈ যিকোনো সময়তে পূণ্য অৰ্জনৰ বাবে যাব পৰা তীৰ্থ যাত্ৰা।

ফাতিমা নাম গ্ৰহণ কৰা ৰাখীয়ে  নিজেই প্ৰকাশ কৰিছে যে তেওঁ ৫ বাৰ নামাজ পঢ়ে । পূণ্য অৰ্জনৰ বাবে  ৰাখীয়ে  এইবাৰ  ৰমজান মাহত মক্কালৈ যাব বিচাৰিছে। অৱশ্যে তেওঁ নিশ্চিত নহয় যে তেওঁ মক্কালৈ যোৱাৰ অনুমতি পাব নে নাই। মক্কালৈ যোৱাৰ অনুমোদন  বিচাৰি ৰাখীয়ে  ইতিমধ্যে জামা মছজিদত আবেদন দাখিল কৰিছে। নাম পৰিবৰ্তনৰ শপতনামাও  অভিনেত্ৰীগৰাকীয়ে আবেদনৰ সৈতে দাখিল কৰিছে বুলি জানিব পৰা গৈছে।  

কিছুদিন আগতে তেওঁ ফটোগ্ৰাফাৰসকলক কৈছিল , "মই দিনে পাঁচবাৰ নামাজ  পঢ়ো। মই আল্লাত  বিশ্বাস কৰো। যদি তেওঁ বিচাৰে, মই নিশ্চিতভাৱে ৰমজানত উমৰাহলৈ যাব পাৰিম। মই এমাহৰ বাবে ৰমজান পালন কৰিম। মই সেই সময়ত জিমলৈ নাযাওঁ। মই উপবাস কৰি প্ৰাৰ্থনা কৰিম"। ৰাখীয়ে লগতে কয়, "যদি মই  উমৰাহলৈ যাব পাৰো, মই বিশ্বাস কৰোঁ যে মোৰ ভাগ্য মুকলি হ'ব।" 



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু