--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেছি আৰু ৰোণাল্ডো৷ দীৰ্ঘদিন ধৰি দুয়োজনৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা চলি আহিছে৷ দুয়োজনকে ফুটবল ইতিহাসৰ শ্ৰেষ্ঠতম খেলুৱৈ বুলি ধৰা হয়৷ ৰোণাল্ডো আৰু মেছিক লৈ অনুৰাগীসকলৰ মাজতো তীব্ৰ বাক-বিতণ্ডা চলে৷ বিশ্বজুৰি আছে তেওঁলোকৰ কোটি কোটি অনুৰাগী৷

কিন্তু মেছি আৰু ৰোণাল্ডো খেলপথাৰতহে উভয়ৰে প্ৰতিদন্বন্দী, ব্যক্তিগত জীৱনত পৰস্পৰে পৰস্পৰৰ প্ৰতি আছে গভীৰ সমীহ আৰু শ্ৰদ্ধা৷ 

কাটাৰ বিশ্বকাপৰ পূৰ্বে সামাজিক মাধ্যমত বিয়পি পৰিছিল দুয়োজন তাৰকাৰ এখনি বিশেষ ফটো৷ দুয়োজনে মুখামুখিকৈ বহি দবা খেলি থকাৰ ফটোখনে ইনষ্টাগ্ৰামত ধুমুহাৰ সৃষ্টি কৰিছিল৷

ফটোখনত দেখা গৈছিল, দুয়োজন তাৰকাই একোটাকৈ গোল ডিঙিৰ টি-চাৰ্ট আৰু ডেনিম জিনছ পৰিধান কৰি আছে৷ মেছিৰ হাত গালত, ৰোণাল্ডোৰ হাত কপালত৷ দুয়োজনে তীব্ৰ মনোযোগেৰে দবা খেলত নিমগ্ন আছে৷

ফটোখন বিয়পি পৰাৰ পাছতে কিছুসংখ্যক অনুৰাগীয়ে ভাবিছিল যে ছৱিখন কম্পিউটাৰত বনোৱা হৈছে৷ কিন্তু পাছত জনা গ’ল যে সঁচাকৈয়ে একেলগে কেমেৰাৰ সমুখত ধৰা দিছিল দুয়োজন প্ৰতিদ্বন্দিয়ে৷ এটা ফেশ্বন সংস্তা লুই ভিট্টঁই এই ফটোখন বিজ্ঞাপন হিচাপে প্ৰকাশ কৰিছিল৷

ফেশ্বন সংস্থাটোৰ এই বিজ্ঞাপনৰ বক্তব্য তথা থীম আছিল- ভিক্টৰী ইজ এ ষ্টেট অৱ মাইণ্ড (বিজয় মানে মস্তিষ্কৰ এটা ভাৱনা)৷ দুয়োগৰাকী তাৰকাই এই বক্তব্যৰেই ছৱিখন নিজৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত প’ষ্ট কৰিছিল৷

ফটোখনৰ বাবে ফেশ্বন সংস্থাটোৰ খৰচ হৈছিল ৫০ কোটি টকা৷ ৰোণাল্ডোৱে লাভ কৰিছিল ১৬ কোটি টকা৷ মেছিয়ে লাভ কৰিছিল ১৪ কোটি টকা৷ ফটোখন কেমেৰাত আৱদ্ধ কৰিছিল বিখ্যাত ফটোগ্ৰাফাৰ য়ানি লিবোভিটজে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু