--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেছি আৰু ৰোণাল্ডো৷ দীৰ্ঘদিন ধৰি দুয়োজনৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা চলি আহিছে৷ দুয়োজনকে ফুটবল ইতিহাসৰ শ্ৰেষ্ঠতম খেলুৱৈ বুলি ধৰা হয়৷ ৰোণাল্ডো আৰু মেছিক লৈ অনুৰাগীসকলৰ মাজতো তীব্ৰ বাক-বিতণ্ডা চলে৷ বিশ্বজুৰি আছে তেওঁলোকৰ কোটি কোটি অনুৰাগী৷

কিন্তু মেছি আৰু ৰোণাল্ডো খেলপথাৰতহে উভয়ৰে প্ৰতিদন্বন্দী, ব্যক্তিগত জীৱনত পৰস্পৰে পৰস্পৰৰ প্ৰতি আছে গভীৰ সমীহ আৰু শ্ৰদ্ধা৷ 

কাটাৰ বিশ্বকাপৰ পূৰ্বে সামাজিক মাধ্যমত বিয়পি পৰিছিল দুয়োজন তাৰকাৰ এখনি বিশেষ ফটো৷ দুয়োজনে মুখামুখিকৈ বহি দবা খেলি থকাৰ ফটোখনে ইনষ্টাগ্ৰামত ধুমুহাৰ সৃষ্টি কৰিছিল৷

ফটোখনত দেখা গৈছিল, দুয়োজন তাৰকাই একোটাকৈ গোল ডিঙিৰ টি-চাৰ্ট আৰু ডেনিম জিনছ পৰিধান কৰি আছে৷ মেছিৰ হাত গালত, ৰোণাল্ডোৰ হাত কপালত৷ দুয়োজনে তীব্ৰ মনোযোগেৰে দবা খেলত নিমগ্ন আছে৷

ফটোখন বিয়পি পৰাৰ পাছতে কিছুসংখ্যক অনুৰাগীয়ে ভাবিছিল যে ছৱিখন কম্পিউটাৰত বনোৱা হৈছে৷ কিন্তু পাছত জনা গ’ল যে সঁচাকৈয়ে একেলগে কেমেৰাৰ সমুখত ধৰা দিছিল দুয়োজন প্ৰতিদ্বন্দিয়ে৷ এটা ফেশ্বন সংস্তা লুই ভিট্টঁই এই ফটোখন বিজ্ঞাপন হিচাপে প্ৰকাশ কৰিছিল৷

ফেশ্বন সংস্থাটোৰ এই বিজ্ঞাপনৰ বক্তব্য তথা থীম আছিল- ভিক্টৰী ইজ এ ষ্টেট অৱ মাইণ্ড (বিজয় মানে মস্তিষ্কৰ এটা ভাৱনা)৷ দুয়োগৰাকী তাৰকাই এই বক্তব্যৰেই ছৱিখন নিজৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত প’ষ্ট কৰিছিল৷

ফটোখনৰ বাবে ফেশ্বন সংস্থাটোৰ খৰচ হৈছিল ৫০ কোটি টকা৷ ৰোণাল্ডোৱে লাভ কৰিছিল ১৬ কোটি টকা৷ মেছিয়ে লাভ কৰিছিল ১৪ কোটি টকা৷ ফটোখন কেমেৰাত আৱদ্ধ কৰিছিল বিখ্যাত ফটোগ্ৰাফাৰ য়ানি লিবোভিটজে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক