--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰাৰ পিছতে কালি কাশ্মীৰত বন্ধ হৈ পৰা ভাৰত জোড়ো যাত্ৰা আজি পুনৰ আৰম্ভ হৈছে। এই যাত্ৰাত আজি পিপল ডেম'ক্ৰেটিক পাৰ্টিৰ (পিডিপি) মুৰব্বী মেহবুবা মুফতিয়ে কংগ্ৰেছৰ ৰাহুল গান্ধীৰ সংগ দিয়ে।  ৰাহুলে আজি ৰাহুল গান্ধীয়ে  জম্মু আৰু কাশ্মীৰৰ অৱন্তীপোৰাৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰে। শ্ৰীনগৰৰ পান্থা চক অভিমুখে আগবাঢ়ি গৈ  পাম্পোৰৰ বিৰলা অপেন মাইণ্ডছ ইণ্টাৰনেচনেল স্কুলৰ ওচৰত এই যাত্ৰা  বন্ধ হ'ব।

ইফালে, জম্মু-কাশ্মীৰত ভাৰত জোড়ো যাত্ৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত হস্তক্ষেপ বিচাৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখিছে। শ্বাহলৈ লিখা পত্ৰখন কংগ্ৰেছে অভিযোগ কৰিছে যে কাজিগুণ্ডত পদযাত্ৰাৰ সময়ত জনসমাগম বৃদ্ধি হোৱাৰ সময়তে  জম্মু-কাশ্মীৰ আৰক্ষীয়ে  ৰাহুল গান্ধীৰ চাৰিওফালে থকা নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল।খাৰ্গেই পত্ৰ খনত লিখিছে " আপুনি পাৰিলে  ব্যক্তিগতভাৱে এই ক্ষেত্ৰত হস্তক্ষেপ কৰক আৰু সংশ্লিষ্ট বিষয়াসকলক যাত্ৰাৰ সমাপ্তি হোৱালৈ আৰু ৩০ জানুৱাৰীত শ্ৰীনগৰত অনুষ্ঠিত অনুষ্ঠান পৰ্যন্ত পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ক," । 

খাৰ্গেই সাংবাদিকক কয় "আমি আশা কৰিছো যে অহা দুদিনৰ ভিতৰত যাত্ৰাত বহু লোকে  যোগদান কৰিব আৰু সোমবাৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোতো বহু মানুহ হ’ব। কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা আৰু অন্যান্য গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ নেতাসকলেও এই সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব," । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সংঘটিত গাড়ী বোমা বিস্ফোৰণত নিহত হোৱা ৪০ জন চিআৰপিএফ জোৱানৰ স্মৃতিত স্তম্ভত  পুষ্পাঞ্জলি অৰ্পন  কৰে৷  চাৰি বছৰ পূৰ্বে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জৈশ-ই-মহম্মদৰ আত্মঘাতী বোমাৰুৱে চিআৰপিএফৰ বাছখন উৰুৱাই দিছিল। উল্লেখ্য ৰাহুল  গান্ধীৰ নেতৃত্বত পদযাত্ৰা যোৱা বছৰৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল আৰু ই ৩০ জানুৱাৰীত শ্ৰীনগৰত সমাপ্ত হ'ব৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু