--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনেয়ে পৰাজয়ৰ জ্বালা, তাৰ মাজতে প্ৰতিপক্ষৰ খেলুৱৈৰ কটাক্ষই এতিয়া কিছু আঘাত দিছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোক৷ মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ পৰাজয়ৰ পিছত ভাৰতীয় দলটোৰ  অধিনায়ক হৰমনপ্ৰীত ৰাতিটোৰ ভিতৰতে খলনায়িকাত পৰিণত হৈছে। সকলোৱে তেওঁৰ ৰাণ আউটক সমালোচনা কৰিছে। 

এনে সময়তে অষ্ট্ৰিয়াৰ খেলুৱৈ এলিছা হিলিয়ে হৰমনপ্ৰীতৰ ৰান-আউটৰ বিষয়ে মুখ খুলিছে৷ কেপ টাউনত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে আৰু অষ্ট্ৰেলিয়া মুখামুখি হৈছিল। ভাৰতে খেলখনতঅতি সামান্য ৰানত পৰাজিত হয়৷ খেলখনত আটাইতকৈ চৰ্চিত কথাটো  হ'ল হৰমনপ্ৰীত কৌৰৰ ৰাণআউট। দুৰ্ভাগ্যজনকভাবে  ভাৰতীয় দলৰ  অধিনায়কগৰাকী  ৰাণ আউট হৈছিল। এই ৰাণ আউট ক্ৰিকেট জগতৰ দুৰ্ভাগ্যজনক ৰাণ আউটৰ তালিকাত থাকিব বুলিও বহুতে আলোচনা কৰিছে। ছেমি ফাইনেলত ভাৰতৰ পৰাজয়ৰ বাবে বহুলোকে হৰমনপ্ৰীতকে দোষাৰোপ কৰিছে।

মেচখনত পৰাজিত হোৱাৰ পিছত হৰমনপ্ৰীত হতাশ হৈছে। তেওঁ চানগ্লাছ পিন্ধি খেলৰ পিছৰ অনুষ্ঠানলৈ আহিছিল। কেৱল সেয়াই নহয় ভাৰতীয় দলৰ  অধিনায়কগৰাকীয়ে  অলপতে এটা সাক্ষাৎকাৰত এক আৱেগিক বাৰ্তা দিছিল। তেওঁ সকলো  নতুনকৈ আৰম্ভ কৰিব বুলি আশ্বাস দিছিল। সেই খেলখনৰ পিছত এক সাক্ষাৎকাৰত অষ্ট্ৰেলিয়াৰ উইকেটকিপাৰ এলিছা হিলিয়ে কয়, "  ভাৰতৰ অধিনায়কগৰাকীয়ে  প্ৰথম ৰাণ সম্পূৰ্ণ কৰাৰ সময়ত আৰু দ্বিতীয় ৰাণ লোৱাৰ সময়ত প্ৰয়োজনতকৈ লেহেম গতিৰে দৌৰিছিল। সম্ভৱতঃ তেওঁ এটা দীঘলীয়া ইনিংছ খেলিবলৈ নিজৰ শক্তি সঞ্চয় কৰিব বিচাৰিছিল। কিন্তু ভাৰতীয় অধিনায়কগৰাকীয়ে  কল্পনাও কৰিব পৰা নাছিল যে তেওঁ এনেদৰে ৰাণ আউট হ'ব।"   অষ্ট্ৰেলিয়াৰ উইকেটকিপাৰগৰাকীয়ে  কয়, "এয়া  দুৰ্ভাগ্য নহয় ।  দ্বিতীয় ৰানটো  লোৱাৰ সময়ত অলপ জোৰেৰে দৌৰিলেই তেওঁ আউট নহ’লহেঁতেন। '


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক