--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনেয়ে পৰাজয়ৰ জ্বালা, তাৰ মাজতে প্ৰতিপক্ষৰ খেলুৱৈৰ কটাক্ষই এতিয়া কিছু আঘাত দিছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোক৷ মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ পৰাজয়ৰ পিছত ভাৰতীয় দলটোৰ  অধিনায়ক হৰমনপ্ৰীত ৰাতিটোৰ ভিতৰতে খলনায়িকাত পৰিণত হৈছে। সকলোৱে তেওঁৰ ৰাণ আউটক সমালোচনা কৰিছে। 

এনে সময়তে অষ্ট্ৰিয়াৰ খেলুৱৈ এলিছা হিলিয়ে হৰমনপ্ৰীতৰ ৰান-আউটৰ বিষয়ে মুখ খুলিছে৷ কেপ টাউনত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে আৰু অষ্ট্ৰেলিয়া মুখামুখি হৈছিল। ভাৰতে খেলখনতঅতি সামান্য ৰানত পৰাজিত হয়৷ খেলখনত আটাইতকৈ চৰ্চিত কথাটো  হ'ল হৰমনপ্ৰীত কৌৰৰ ৰাণআউট। দুৰ্ভাগ্যজনকভাবে  ভাৰতীয় দলৰ  অধিনায়কগৰাকী  ৰাণ আউট হৈছিল। এই ৰাণ আউট ক্ৰিকেট জগতৰ দুৰ্ভাগ্যজনক ৰাণ আউটৰ তালিকাত থাকিব বুলিও বহুতে আলোচনা কৰিছে। ছেমি ফাইনেলত ভাৰতৰ পৰাজয়ৰ বাবে বহুলোকে হৰমনপ্ৰীতকে দোষাৰোপ কৰিছে।

মেচখনত পৰাজিত হোৱাৰ পিছত হৰমনপ্ৰীত হতাশ হৈছে। তেওঁ চানগ্লাছ পিন্ধি খেলৰ পিছৰ অনুষ্ঠানলৈ আহিছিল। কেৱল সেয়াই নহয় ভাৰতীয় দলৰ  অধিনায়কগৰাকীয়ে  অলপতে এটা সাক্ষাৎকাৰত এক আৱেগিক বাৰ্তা দিছিল। তেওঁ সকলো  নতুনকৈ আৰম্ভ কৰিব বুলি আশ্বাস দিছিল। সেই খেলখনৰ পিছত এক সাক্ষাৎকাৰত অষ্ট্ৰেলিয়াৰ উইকেটকিপাৰ এলিছা হিলিয়ে কয়, "  ভাৰতৰ অধিনায়কগৰাকীয়ে  প্ৰথম ৰাণ সম্পূৰ্ণ কৰাৰ সময়ত আৰু দ্বিতীয় ৰাণ লোৱাৰ সময়ত প্ৰয়োজনতকৈ লেহেম গতিৰে দৌৰিছিল। সম্ভৱতঃ তেওঁ এটা দীঘলীয়া ইনিংছ খেলিবলৈ নিজৰ শক্তি সঞ্চয় কৰিব বিচাৰিছিল। কিন্তু ভাৰতীয় অধিনায়কগৰাকীয়ে  কল্পনাও কৰিব পৰা নাছিল যে তেওঁ এনেদৰে ৰাণ আউট হ'ব।"   অষ্ট্ৰেলিয়াৰ উইকেটকিপাৰগৰাকীয়ে  কয়, "এয়া  দুৰ্ভাগ্য নহয় ।  দ্বিতীয় ৰানটো  লোৱাৰ সময়ত অলপ জোৰেৰে দৌৰিলেই তেওঁ আউট নহ’লহেঁতেন। '


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু