--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলটো এতিয়া যথেষ্ট চাপৰ মাজত আছে। ভাব হয় যেন দলটো এতিয়া ভালে খিনি বিধ্বস্ত৷ এনে সময়তে কটা ঘাত নিমখ ঢালি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱে দলটোৰ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাক নিৰ্মম ভাবে সমালোচনা কৰিছে৷  

কিংবদন্তী অলৰাউণ্ডাৰগৰাকীয়ে  কয় যে ভাৰতীয়  দলটোৰ অধিনায়কজন ফিট হোৱাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে কপিলে ৰোহিতক কঠোৰ পৰিশ্ৰম কৰিবলৈ উপদেশ দিয়ে৷  ৰোহিত শৰ্মাই তেওঁৰ ফিটনেছ বজাই ৰাখিবলৈ  কাম কৰিব লাগিব। কপিল দেৱে কয় "দলটোৰ অধিনায়কজন  ফিট থকাটো অতি গুৰুত্বপূৰ্ণ। যদি  কোনোবাই খাপ নাখায় তেন্তে সেয়া   লজ্জাজনক কথা৷ এনে অৱস্থাত ৰোহিতক ভাৰতৰ অধিনায়ক হিচাপে দেখাটো লজ্জাজনক"।

কপিল দেৱে কয় -"তেওঁ এজন মহান বেটছমেন। মই গোটেই দিনটো টিভিৰ সন্মুখত বহি তেওঁৰ বেটিং চাব পাৰো। কিন্তু যেতিয়া তেওঁৰ ফিটনেছৰ বিষয়ে চিন্তা কৰো , তেওঁৰ শৰীৰত অতিৰিক্ত ওজন থকা যেন লাগে। অন্ততঃ টিভিত চাই তেনেকুৱাই লাগে।" উল্লেখ্য  ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ ফিটনেছ দীৰ্ঘদিন ধৰি সমালোচিত হৈ আহিছে।

অৱশ্যে ভাৰতৰ প্ৰথম বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱে ৰোহিতৰ ফিটনেছকলৈ কৰা মন্তব্যই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে৷ লক্ষণীয় কথাটো হ’ল  ৰোহিতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত প্ৰায় ১১ মাহৰ পিছত ভাৰতীয় টেষ্ট দললৈ উভতি আহিছে।

আঙুলিৰ আঘাতৰ বাবে তেওঁ বাংলাদেশৰ বিৰুদ্ধে দুখন টেষ্টৰ শৃংখলাত খেলিব পৰা নাছিল। এই মুহূৰ্তত তেওঁ  যথেষ্ট ছন্দত আছে। অৱশ্যে,ফিটনেছকলৈ হোৱা চৰ্চাৰ কোনো উত্তৰ  ৰোহিতে  দিয়া নাই। তেওঁ এতিয়া ইন্দোৰত তৃতীয় টেষ্টৰ পৰিকল্পনাত ব্যস্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু