--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলটো এতিয়া যথেষ্ট চাপৰ মাজত আছে। ভাব হয় যেন দলটো এতিয়া ভালে খিনি বিধ্বস্ত৷ এনে সময়তে কটা ঘাত নিমখ ঢালি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱে দলটোৰ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাক নিৰ্মম ভাবে সমালোচনা কৰিছে৷  

কিংবদন্তী অলৰাউণ্ডাৰগৰাকীয়ে  কয় যে ভাৰতীয়  দলটোৰ অধিনায়কজন ফিট হোৱাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে কপিলে ৰোহিতক কঠোৰ পৰিশ্ৰম কৰিবলৈ উপদেশ দিয়ে৷  ৰোহিত শৰ্মাই তেওঁৰ ফিটনেছ বজাই ৰাখিবলৈ  কাম কৰিব লাগিব। কপিল দেৱে কয় "দলটোৰ অধিনায়কজন  ফিট থকাটো অতি গুৰুত্বপূৰ্ণ। যদি  কোনোবাই খাপ নাখায় তেন্তে সেয়া   লজ্জাজনক কথা৷ এনে অৱস্থাত ৰোহিতক ভাৰতৰ অধিনায়ক হিচাপে দেখাটো লজ্জাজনক"।

কপিল দেৱে কয় -"তেওঁ এজন মহান বেটছমেন। মই গোটেই দিনটো টিভিৰ সন্মুখত বহি তেওঁৰ বেটিং চাব পাৰো। কিন্তু যেতিয়া তেওঁৰ ফিটনেছৰ বিষয়ে চিন্তা কৰো , তেওঁৰ শৰীৰত অতিৰিক্ত ওজন থকা যেন লাগে। অন্ততঃ টিভিত চাই তেনেকুৱাই লাগে।" উল্লেখ্য  ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ ফিটনেছ দীৰ্ঘদিন ধৰি সমালোচিত হৈ আহিছে।

অৱশ্যে ভাৰতৰ প্ৰথম বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱে ৰোহিতৰ ফিটনেছকলৈ কৰা মন্তব্যই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে৷ লক্ষণীয় কথাটো হ’ল  ৰোহিতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত প্ৰায় ১১ মাহৰ পিছত ভাৰতীয় টেষ্ট দললৈ উভতি আহিছে।

আঙুলিৰ আঘাতৰ বাবে তেওঁ বাংলাদেশৰ বিৰুদ্ধে দুখন টেষ্টৰ শৃংখলাত খেলিব পৰা নাছিল। এই মুহূৰ্তত তেওঁ  যথেষ্ট ছন্দত আছে। অৱশ্যে,ফিটনেছকলৈ হোৱা চৰ্চাৰ কোনো উত্তৰ  ৰোহিতে  দিয়া নাই। তেওঁ এতিয়া ইন্দোৰত তৃতীয় টেষ্টৰ পৰিকল্পনাত ব্যস্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক