--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ পৰা আৰম্ভ কৰি দীপিকা পাডুকন, কেটৰিনা কাইফলৈকে—তেওঁলোক বলিউডৰ শীৰ্ষস্থানৰ অভিনেতা-অভিনেত্ৰী। তেওঁলোকৰ পাৰিশ্ৰমিক আকাশলংঘী। কিন্তু জানেনে, যদি আপুনি সেই প্ৰিয় তাৰকাসকলক আপোনাৰ পাৰ্টিলৈ মাতিব বিচাৰে, তেন্তে তেওঁলোকে ঠিক কিমান টকাৰ মাননি লয়?

‘শ্বীলা কী জৱানী’, ‘চিকনি চামেলি’কে ধৰি কেইবাটাও হিট গীতত নৃত্য প্ৰদৰ্শন কৰিছে  কেটৰিনা কাইফে। ১২ বছৰতকৈও অধিক সময় তেওঁ বলিউড শাসন কৰি আহিছে। বিভিন্ন বিয়া হওক বা জন্মদিনৰ পাৰ্টি হওক, বহু ঠাইত তেওঁ অনুষ্ঠান পৰিৱেশন কৰে। জনা যায় যে একোটা ঘৰুৱা অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিবলৈ কেটৰিনাই চাৰে তিনি কোটি টকা লয়।

বহু বছৰ বলিউড শাসন কৰিছে শ্বাহৰুখ খানে। যদি তেওঁক এটা হাউচ পাৰ্টিলৈ নিমন্ত্ৰণ কৰিব পৰা যায়, তেন্তে ইয়াতকৈ আনন্দৰ কথা কি হ’ব পাৰে? কিন্তু শ্বাহৰুখ খানক অতিথি হিচাপে পাবলৈ যথেষ্ট খৰচ কৰিব লাগিব। যিকোনো ‘প্ৰাইভেট পাৰ্টি’ৰ প্ৰদৰ্শনৰ বাবে শ্বাহৰুখৰ পাৰিতোষিক ৩ কোটি টকা।

এই মুহূৰ্তত তেওঁৱেই বলিউডৰ আটাইতকৈ সফল নায়িকা। তেওঁ হৈছে দীপিকা পাডুকন। ব্যক্তিগত অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিবলৈ হ’লে দীপিকা দিব লগা হয় এক কোটি টকা।

বলিউডত তেওঁৰ পৰিচয় ‘খিলাদি কুমাৰ’। তেওঁ হৈছে অক্ষয় কুমাৰ। যিকোনো ব্যক্তিগত অনুষ্ঠানত নৃ্ত্য প্ৰদৰ্শনৰ বাবে অক্ষয়ৰ পাৰিতোষিক প্ৰায় ডেৰ-দুই কোটি টকা।

ৰণবীৰ সিঙে অভিনয় কৰা প্ৰতিখন ছবিয়ে যোৱা কেইবছৰমানৰ পৰা হিট লাভ কৰিছে। তেওঁৰ ভক্তৰ সংখ্যাও অগণন। ব্যক্তিগত অনুষ্ঠানত প্ৰদৰ্শনৰ বাবে ৰণবীৰে কিমান টকা লয় জানেনে? এক কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক