--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে ২৬/১১ পাহৰা নাই। কবি-গীতিকাৰ জাভেদ আখতাৰে সেই কথা পাকিস্তানক সোঁৱৰাই দিলে। শেহতীয়াকৈ তেওঁ পাকিস্তানৰ লাহোৰত অনুষ্ঠিত হোৱা সাহিত্য মহোৎসৱত অংশ লৈছিল। দৰ্শকৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত তেওঁ পুনৰ পুৰণি বিষয়টোলৈ উভতি আহিল।

ভাৰত-পাকিস্তানৰ সংঘাত এটা স্থায়ী সমস্যাত পৰিণত হৈছে। জাভেদ আখটাৰৰ মতে ভাৰতীয়সকলৰ খং উঠাৰ উচিত কাৰণ আছে। তেওঁৰ ভাষাত, "আমি ভাৰতত পাকিস্তানী শিল্পী নুছৰত আদিৰ অনুষ্ঠান আয়োজন কৰিছো। কিন্তু পাকিস্তানত কেতিয়াও লতা মংগেশকাৰৰ অনুষ্ঠান আয়োজন কৰা নাই।"

পাকিস্তানী দৰ্শকসকলে হাত চাপৰি বজাই জাভেদৰ ভাষণক সমৰ্থন কৰে। জাভেদ ২৬/১১ৰ প্ৰসংগও আনে। মুম্বাইৰ বাসিন্দা জাভেদে কয়- ‘মুম্বাই আক্ৰমণৰ বিষয়ে সকলোৱে জানে। আক্ৰমণকাৰী নৰৱে বা ইজিপ্তৰ পৰা অহা নাছিল। আপোনালোকৰ দেশত এতিয়াও আক্ৰমণকাৰীয়ে মুক্তভাৱে ঘূৰি ফুৰে। যদি ভাৰতীয়সকলে এই বিষয়ে ক্ষোভ পুহি ৰাখে, তেন্তে আপোনালোকে অনুভৱ কৰা উচিত।"

উল্লেখ্য যে ২০০৮ চন মুম্বাই চহৰত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ আজিও দেশবাসীৰ মনত এক ৰক্তাক্ত স্মৃতি। এই আক্ৰমণত দহজন উগ্ৰপন্থীৰ ভিতৰত ৯ জন ভাৰতীয় সৈন্যই নিহত, এজনক দীঘলীয়া বিচাৰৰ অন্তত ফাঁচী দিয়া হয়। যদিও হাফিজ ছাইদৰ দৰে এই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকি-উৰ-ৰেহমান এতিয়াও পাকিস্তানত সুৰক্ষিত। তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানৰ চৰকাৰ অক্ষম। লাহোৰত অনুষ্ঠিত এই অনুষ্ঠানত শিল্পী জাভেদে এই প্ৰসংগ উত্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা