--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে ২৬/১১ পাহৰা নাই। কবি-গীতিকাৰ জাভেদ আখতাৰে সেই কথা পাকিস্তানক সোঁৱৰাই দিলে। শেহতীয়াকৈ তেওঁ পাকিস্তানৰ লাহোৰত অনুষ্ঠিত হোৱা সাহিত্য মহোৎসৱত অংশ লৈছিল। দৰ্শকৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত তেওঁ পুনৰ পুৰণি বিষয়টোলৈ উভতি আহিল।

ভাৰত-পাকিস্তানৰ সংঘাত এটা স্থায়ী সমস্যাত পৰিণত হৈছে। জাভেদ আখটাৰৰ মতে ভাৰতীয়সকলৰ খং উঠাৰ উচিত কাৰণ আছে। তেওঁৰ ভাষাত, "আমি ভাৰতত পাকিস্তানী শিল্পী নুছৰত আদিৰ অনুষ্ঠান আয়োজন কৰিছো। কিন্তু পাকিস্তানত কেতিয়াও লতা মংগেশকাৰৰ অনুষ্ঠান আয়োজন কৰা নাই।"

পাকিস্তানী দৰ্শকসকলে হাত চাপৰি বজাই জাভেদৰ ভাষণক সমৰ্থন কৰে। জাভেদ ২৬/১১ৰ প্ৰসংগও আনে। মুম্বাইৰ বাসিন্দা জাভেদে কয়- ‘মুম্বাই আক্ৰমণৰ বিষয়ে সকলোৱে জানে। আক্ৰমণকাৰী নৰৱে বা ইজিপ্তৰ পৰা অহা নাছিল। আপোনালোকৰ দেশত এতিয়াও আক্ৰমণকাৰীয়ে মুক্তভাৱে ঘূৰি ফুৰে। যদি ভাৰতীয়সকলে এই বিষয়ে ক্ষোভ পুহি ৰাখে, তেন্তে আপোনালোকে অনুভৱ কৰা উচিত।"

উল্লেখ্য যে ২০০৮ চন মুম্বাই চহৰত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ আজিও দেশবাসীৰ মনত এক ৰক্তাক্ত স্মৃতি। এই আক্ৰমণত দহজন উগ্ৰপন্থীৰ ভিতৰত ৯ জন ভাৰতীয় সৈন্যই নিহত, এজনক দীঘলীয়া বিচাৰৰ অন্তত ফাঁচী দিয়া হয়। যদিও হাফিজ ছাইদৰ দৰে এই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকি-উৰ-ৰেহমান এতিয়াও পাকিস্তানত সুৰক্ষিত। তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানৰ চৰকাৰ অক্ষম। লাহোৰত অনুষ্ঠিত এই অনুষ্ঠানত শিল্পী জাভেদে এই প্ৰসংগ উত্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক