--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ তৃতীয় বৃহত্তম ব্যক্তিগত খণ্ডৰ বেংকটোৱে স্তম্ভিত কৰিছে কোটি কোটি গ্ৰাহকক। প্ৰান্তীয় খৰচ ভিত্তিক সুতৰ হাৰ (এমচিএলআৰ) এক্সিছ বেংকে ০.২৫ শতাংশ বৃদ্ধি কৰিছে। তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে বৃদ্ধি কৰা সুতৰ হাৰ। দেশৰ তৃতীয় বৃহত্তম ব্যক্তিগত খণ্ডৰ বেংকটোৱে ৱেবছাইটত প্ৰকাশ কৰা তথ্য অনুসৰি ২০২২ চনৰ ১৮ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এবছৰৰ বাবে ষ্টেণ্ডাৰ্ড এমচিএলআৰ ০.২৫ শতাংশ বৃদ্ধি কৰি ৮.৩৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে আছিল ৮.১০ শতাংশ।

বাহন, ব্যক্তিগত আৰু গৃহ ঋণৰ হাৰ এবছৰৰ এমচিএলআৰৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। ৩০ ছেপ্টেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে ০.৫০ শতাংশ বৃদ্ধি কৰাৰ পিছতে এক্সিছ বেংকে এমচিএলআৰ হাৰ বৃদ্ধি কৰিছে। এদিনৰ পৰা ছমাহলৈকে ঋণৰ ক্ষেত্ৰতো এমচিএলআৰ ০.২৫ শতাংশ বৃদ্ধি কৰি ৮.১৫-৮.৩০ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

দুবছৰৰ বাবে এমচিএলআৰ হ’ব ৮.৪৫ শতাংশ আৰু তিনি বছৰৰ বাবে ৮.৫০ শতাংশ। এক্সিছ বেংকে জনোৱা মতে, পৰৱৰ্তী পৰ্যালোচনালৈকে এই হাৰসমূহ বৈধ হ’ব। ইয়াৰ পূৰ্বে ভাৰতীয় ষ্টেট বেংক (এছবিআই), ফেডাৰেল বেংক আৰু কোটক মহিন্দ্ৰা বেংকে এমচিএলআৰৰ হাৰ বৃদ্ধি কৰিছিল। ইয়াৰ উপৰিও মঙলবাৰে বৃহৎ পৰিমাণৰ ধন জমা কৰাসকলৰ সুতৰ হাৰ ০.৩ শতাংশ বৃদ্ধি কৰিছে এছ বি আইয়ে।

সোমবাৰে এছবিআইয়ে ১০ কোটি টকাতকৈ কম জমা থকা ছেভিংছ একাউণ্টৰ সুত ০.৫০ শতাংশ হ্ৰাস কৰি ২.৭০ শতাংশলৈ হ্ৰাস কৰে। এছবিআইয়ে এক বিবৃতিত কয় যে এতিয়া গ্ৰাহকে ১০ কোটি বা তাতকৈ অধিক টকা জমা কৰিলে ৩ শতাংশ হাৰত সুত পাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ