--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপাৱলীৰ আগে আগে চৰকাৰে সাধাৰণ জনতাক দিছে এটা বৃহৎ উপহাৰ । চৰকাৰে এতিয়া গ্ৰাহকক সুলভ মূল্যত খাদ্য যোগান ধৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। সুলভ মূল্যত দাইল আৰু পিঁয়াজ যোগান ধৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে। আজি গ্ৰাহক মন্ত্ৰণালয়ে জনোৱা মতে, দীপাৱলীত খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ৰাখিবলৈ সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে।

গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি, এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি চৰকাৰে অতি কম খৰচত ৰাজ্যসমূহক দাইল যোগান ধৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে মাহজাতীয় শস্যৰ দাম ৮ টকা কৰ্তন কৰি একে দামত ৰাজ্যসমূহক দাইল যোগান ধৰিব।

ইয়াৰ বাহিৰেও চৰকাৰে পিঁয়াজৰ দাম হ্ৰাস কৰিছে। গ্ৰাহক মন্ত্ৰণালয়ে জনোৱা মতে, বজাৰত পিয়াঁজৰ নাটনিৰ পৰা হাত সাৰিবলৈ চৰকাৰে উৎসৱৰ দিনা বাফাৰ ষ্টকৰ পৰা পিঁয়াজ যোগান ধৰিছে।

চৰকাৰে দিয়া তথ্য অনুসৰি বৰ্তমান চৰকাৰৰ হাতত প্ৰায় ৪৩ টন মাহজাতীয় শস্যৰ মজুত আছে। উৎসৱৰ পূৰ্বেও চৰকাৰে ৰাজ্যসমূহক সুলভ মূল্যত দাইল যোগান ধৰিছিল। উল্লেখযোগ্য যে এতিয়ালৈকে কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক ৮৮ হাজাৰ টন দাইল যোগান ধৰিছে৷ চৰকাৰে প্ৰতি কুইণ্টলত ৫০০ টকাকৈ বৃদ্ধি কৰিছিল মচুৰ দাইলৰ এমএছপি। 

তাৎপৰ্যপূৰ্ণভাৱে ভাৰতে গ্ৰাহকৰ প্ৰয়োজন পূৰণৰ বাবে দাইল আমদানি কৰে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি ২০২২ চনৰ বিত্তীয় বৰ্ষৰ পৰা ২০২৬ চনলৈ প্ৰতি বছৰে ম্যানমাৰৰ পৰা ১ লাখ টন ৰহৰ দালি দেশলৈ আমদানি কৰা হ’ব। ইয়াৰ উপৰিও অহা পাঁচ বছৰত দক্ষিণ-পূব আফ্ৰিকাৰ দেশ মালাউইৰ পৰাও ৫০ হাজাৰ টন ৰহৰ দাইল আমদানি কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ