ডিজিটেল ডেস্কঃ ভাৰতৰ বিবাহিত পুৰুষ-মহিলাৰ ডেটিং এপৰ প্ৰতি প্ৰৱণতা বাঢ়িছে। ফ্ৰান্সৰ ডেটিং এপ কোম্পানী এটাৰ পৰিসংখ্যাই প্ৰমাণ কৰিছে যে বিবাহৰ পাছত অন্যৰ সৈতে ডেটিঙৰ প্ৰতি আগ্ৰহ বাঢ়িছে ভাৰতৰ পুৰুষ-মহিলাৰ। এই এপটো বিশেষভাৱে বিবাহিত লোকৰ বাবে নিৰ্মাণ কৰা হৈছে, যিটো ডেটিঙৰ বাবে ব্যৱহাৰ কৰা হয়। ফ্ৰান্সৰ এই 'এক্সটা মেৰেটিয়েল এফেয়াৰ'ৰ ডেটিং এপটোৰ নাম হৈছে গ্লীডেন (Gleeden)।
গ্লীডেন এপটোৰ মতে, বিশ্বজুৰি ইয়াৰ এক কোটিৰো অধিক ব্যৱহাৰকাৰী আছে, যিয়ে ডেটিঙৰ বাবে এই এপটো ব্যৱহাৰ কৰে। আচৰিত কথাটো হ'ল ইয়াৰ ২০ শতাংশ অৰ্থাৎ ২০ লাখ মানুহ ভাৰতৰ। ইয়াত ৩০ বছৰৰ ওপৰৰ লোকৰ সংখ্যা বেছি, য’ত মহিলা আৰু পুৰুষ উভয়ৰে সংখ্যা কম বেছি পৰিমাণে সমান।
গ্লীডেনে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২২ চনৰ শেষৰ চাৰি মাহৰ পৰা এই এপটোলৈ অহা লোকৰ সংখ্যাই উত্থান ঘটাইছে আৰু তাৰ পিছৰ পৰাই এই এপটোলৈ অহা লোকৰ সংখ্যা ১১ শতাংশ বৃদ্ধি পাইছে। কোম্পানীটোৰ মতে, এপটো চাবস্ক্ৰাইব কৰা বেছিভাগ লোকৰ ভিতৰত ডাঙৰ চহৰত বাস কৰা লোকো অন্তৰ্ভুক্ত। তেওঁলোকৰ সংখ্যা ৬৬ শতাংশ।
আনহাতে, ৪৪ শতাংশ লোক সৰু চহৰৰ। পৰিসংখ্যা অনুসৰি গ্লীডেন এপত উপস্থিত ভাৰতৰ অধিকাংশ লোকেই উচ্চ শ্ৰেণীৰ পৰা আহিছে। ইয়াত অভিযন্তা, উদ্যোগী, পৰিচালক, বিষয়া, চিকিৎসকৰ দৰে পেছাৰ অধিকাংশ লোক অন্তৰ্ভুক্ত হৈ আছে।
বিবাহিত লোকৰ বাবে বিশেষভাৱে নিৰ্মিত এই এপটোৰ ব্যৱহাৰকাৰীৰ ভিতৰত বৃহৎ সংখ্যক গৃহিণীও আছে। ইয়াৰ ব্যৱহাৰকাৰীৰ ভিতৰত ৬০ শতাংশ পুৰুষ আৰু ৪০ শতাংশ মহিলা।