--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিবাহিত পুৰুষ-মহিলাৰ ডেটিং এপৰ ​​প্ৰতি প্ৰৱণতা বাঢ়িছে। ফ্ৰান্সৰ ডেটিং এপ কোম্পানী এটাৰ পৰিসংখ্যাই প্ৰমাণ কৰিছে যে বিবাহৰ পাছত অন্যৰ সৈতে ডেটিঙৰ প্ৰতি আগ্ৰহ বাঢ়িছে ভাৰতৰ পুৰুষ-মহিলাৰ। এই এপটো বিশেষভাৱে বিবাহিত লোকৰ বাবে নিৰ্মাণ কৰা হৈছে, যিটো ডেটিঙৰ বাবে ব্যৱহাৰ কৰা হয়। ফ্ৰান্সৰ এই 'এক্সটা মেৰেটিয়েল এফেয়াৰ'ৰ ডেটিং এপটোৰ নাম হৈছে গ্লীডেন (Gleeden)। 

গ্লীডেন এপটোৰ মতে, বিশ্বজুৰি ইয়াৰ এক কোটিৰো অধিক ব্যৱহাৰকাৰী আছে, যিয়ে ডেটিঙৰ বাবে এই এপটো ব্যৱহাৰ কৰে। আচৰিত কথাটো হ'ল ইয়াৰ ২০ শতাংশ অৰ্থাৎ ২০ লাখ মানুহ ভাৰতৰ। ইয়াত ৩০ বছৰৰ ওপৰৰ লোকৰ সংখ্যা বেছি, য’ত মহিলা আৰু পুৰুষ উভয়ৰে সংখ্যা কম বেছি পৰিমাণে সমান।

গ্লীডেনে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২২ চনৰ শেষৰ চাৰি মাহৰ পৰা এই এপটোলৈ অহা লোকৰ সংখ্যাই উত্থান ঘটাইছে আৰু তাৰ পিছৰ পৰাই এই এপটোলৈ অহা লোকৰ সংখ্যা ১১ শতাংশ বৃদ্ধি পাইছে। কোম্পানীটোৰ মতে, এপটো চাবস্ক্ৰাইব কৰা বেছিভাগ লোকৰ ভিতৰত ডাঙৰ চহৰত বাস কৰা লোকো অন্তৰ্ভুক্ত। তেওঁলোকৰ সংখ্যা ৬৬ শতাংশ।

আনহাতে, ৪৪ শতাংশ লোক সৰু চহৰৰ। পৰিসংখ্যা অনুসৰি গ্লীডেন এপত উপস্থিত ভাৰতৰ অধিকাংশ লোকেই উচ্চ শ্ৰেণীৰ পৰা আহিছে। ইয়াত অভিযন্তা, উদ্যোগী, পৰিচালক, বিষয়া, চিকিৎসকৰ দৰে পেছাৰ অধিকাংশ লোক অন্তৰ্ভুক্ত হৈ আছে।

বিবাহিত লোকৰ বাবে বিশেষভাৱে নিৰ্মিত এই এপটোৰ ব্যৱহাৰকাৰীৰ ভিতৰত বৃহৎ সংখ্যক গৃহিণীও আছে। ইয়াৰ ব্যৱহাৰকাৰীৰ ভিতৰত ৬০ শতাংশ পুৰুষ আৰু ৪০ শতাংশ মহিলা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক