--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ কঁপোৱা   শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ড সন্দৰ্ভত দিল্লী আৰক্ষীয়ে শ্ৰদ্ধাৰ প্ৰেমিক আফতাব পুনেৱালাৰ বিৰুদ্ধে সাজু কৰিছে ৩০০০ পৃষ্ঠাৰ খচৰা অভিযোগনামা৷ জানিব পৰা মতে অভিযোগনামা খন  এতিয়া আইনবিশেষজ্ঞসকলে পৰীক্ষা কৰি আছে। পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতে  সেয়া  আদালতত দাখিল কৰা হ'ব।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে অভিযোগনামা খনত  ১০০ ৰো অধিক সাক্ষীৰ ভাষ্য লিপিবদ্ধ কৰা হৈছে। ইয়াৰ উপৰি খচৰা অভিযোগনামাখনত বৈদ্যুতিক আৰু ফৰেনচিক পৰীক্ষাৰ তথ্য সংলগ্ন কৰা  হৈছে। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি আফতাবৰ স্বীকাৰোক্তি, তেওঁৰ নাৰ্কো পৰীক্ষাৰ ফলাফল আৰু ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদন অভিযোগনামাত  যোগ দিয়া হৈছে।

আফতাবৰ বিৰুদ্ধে ১৮ মে'ত তেওঁৰ প্ৰেমিকা শ্ৰদ্ধাক হত্যা কৰাৰ অভিযোগ উঠিছিল। প্ৰমাণ ধ্বংস কৰিবলৈ আফতাবে শ্ৰদ্ধাৰ মৃতদেহ  ৩৫ টুকুৰাকৈ কাটি   ফ্ৰিজত ভৰাই ৰাখিছিল। তাৰ পিছত তেওঁ মেহৰৌলীৰ অৰণ্যত শ্ৰদ্ধাৰ  শৰীৰৰ টুকুৰাবোৰ সুবিধা বুজি  পেলাই গৈছিল। ঘটনাটোৰ বহু কেইদিন  পিছত অৰণ্যত কেইডালো  হাড় পোৱা গৈছিল। ডিএনএ পৰীক্ষাৰ ফলাফলে দেখুৱাইছে যে সেই হাড়  শ্ৰদ্ধাৰ আছিল। শ্ৰদ্ধাৰ পিতৃয়ে  দাখিল কৰা অভিযোগৰ ভিত্তিত আফতাবক গ্ৰেপ্তাৰ কৰা হৈছিল।২৮ বছৰীয়া আফতাব যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰা কাৰাগাৰত আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক