--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ কঁপোৱা   শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ড সন্দৰ্ভত দিল্লী আৰক্ষীয়ে শ্ৰদ্ধাৰ প্ৰেমিক আফতাব পুনেৱালাৰ বিৰুদ্ধে সাজু কৰিছে ৩০০০ পৃষ্ঠাৰ খচৰা অভিযোগনামা৷ জানিব পৰা মতে অভিযোগনামা খন  এতিয়া আইনবিশেষজ্ঞসকলে পৰীক্ষা কৰি আছে। পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতে  সেয়া  আদালতত দাখিল কৰা হ'ব।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে অভিযোগনামা খনত  ১০০ ৰো অধিক সাক্ষীৰ ভাষ্য লিপিবদ্ধ কৰা হৈছে। ইয়াৰ উপৰি খচৰা অভিযোগনামাখনত বৈদ্যুতিক আৰু ফৰেনচিক পৰীক্ষাৰ তথ্য সংলগ্ন কৰা  হৈছে। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি আফতাবৰ স্বীকাৰোক্তি, তেওঁৰ নাৰ্কো পৰীক্ষাৰ ফলাফল আৰু ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদন অভিযোগনামাত  যোগ দিয়া হৈছে।

আফতাবৰ বিৰুদ্ধে ১৮ মে'ত তেওঁৰ প্ৰেমিকা শ্ৰদ্ধাক হত্যা কৰাৰ অভিযোগ উঠিছিল। প্ৰমাণ ধ্বংস কৰিবলৈ আফতাবে শ্ৰদ্ধাৰ মৃতদেহ  ৩৫ টুকুৰাকৈ কাটি   ফ্ৰিজত ভৰাই ৰাখিছিল। তাৰ পিছত তেওঁ মেহৰৌলীৰ অৰণ্যত শ্ৰদ্ধাৰ  শৰীৰৰ টুকুৰাবোৰ সুবিধা বুজি  পেলাই গৈছিল। ঘটনাটোৰ বহু কেইদিন  পিছত অৰণ্যত কেইডালো  হাড় পোৱা গৈছিল। ডিএনএ পৰীক্ষাৰ ফলাফলে দেখুৱাইছে যে সেই হাড়  শ্ৰদ্ধাৰ আছিল। শ্ৰদ্ধাৰ পিতৃয়ে  দাখিল কৰা অভিযোগৰ ভিত্তিত আফতাবক গ্ৰেপ্তাৰ কৰা হৈছিল।২৮ বছৰীয়া আফতাব যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰা কাৰাগাৰত আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে