--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰতন টাটা, কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে ধনী লোকসকলৰ মাজৰে এজন৷ ৰতন টাটাৰ জীৱনশৈলীয়ে বহুতকে আকৰ্ছণ কৰি আহিছে৷ বিখ্যাত উদ্যোগপতিগৰাকীয়ে সদায় দামীৰো দামী সামগ্ৰীহে ব্যৱহাৰ কৰে৷ যিবোৰ সামগ্ৰী সাধাৰণ লোকৰ বাবে কল্পনাৰো অগোচৰ৷ টাটা উদ্যোগৰ  প্ৰাক্তন অধ্যক্ষ ৰতন টাটা হৈছে বিশ্বৰ অন্যতম ধনী উদ্যোগী। তেওঁ দেশৰ  আটাইতকৈ বিনয়ী উদ্যোগীসকলৰ মাজৰে  এজন। ১ বিলিয়ন ডলাৰৰো অধিক মুঠ সম্পত্তিৰ গৰাকী ৰতন টাটা এজন মানৱতাবাদী ৷ তেওঁ এগৰাকী   অনুপ্ৰেৰণামূলক বক্তা হিচাপেও বহুতৰে মাজত পৰিচিত৷ ৰতন টাটাই ব্যৱহাৰ কৰা   ব্যয়বহুল বস্তুবোৰৰ বিষয়ে জানো আহক-

ফেৰাৰী কেলিফৰ্ণিয়া
ৰতন টাটাৰ এখন  ৰঙা ৰঙৰ ফেৰাৰী কেলিফৰ্ণিয়া বাহন আছে । বিশ্বৰ খুব কম লোকৰহে এনে বাহন আছে৷ এই বাহন খন হাৰ্ডটপ কনভাৰ্টিবলটো ৫০৪ এনএম আৰু ৫৫২  বিএইচপিযুক্ত আৰু ৪.৩ লিটাৰ ভি৮  ইঞ্জিনৰ দ্বাৰা চালিত। অৱশ্যে বাহন খনৰ এই মডেলটো এতিয়া  দেশত বন্ধ কৰা হৈছে।

 ডাচল্ট ফালকন প্ৰাইভেট জেট
 মন গ’লে ক’ৰবালৈ উৰি যাব পৰাকৈ ৰতন টাটাৰ এখন  ডাচল্ট ফালকন ২০০০ আছে। ৰতন টাটাই  নিজেও  বিমান চলাব পাৰে৷  এই বিমান খনৰ দুটা ইঞ্জিন আছে আৰু বিমান খন  ফৰাচী অভিযন্তাৰ  এটা দলে  ডিজাইন কৰিছে।


মুম্বাইৰ সমুদ্ৰতীৰত থকা  বাংলো
ৰতন টাটাৰ মুম্বাইৰ কোলাবা এটা দৃষ্টিনন্দন বাংলো আছে৷ ঘৰটোৰ পৰা  আৰৱ সাগৰৰ মনোৰম  দৃশ্য উপভোগ কৰিব পাৰি। ১৫,০০০ বৰ্গফুট জুৰি বিস্তাৰিত প্ৰাসাদটোৰ সাতটা মহলা আছে আৰু ওপৰৰ মহলাত এটা চুইমিং পুল আছে। ঘৰটোত  বিশাল গাড়ী পাৰ্কিঙৰ  স্থান, এটা মিডিয়া ৰুম, এটা চান ডেক, এটা লাউঞ্জ আৰু আন এটা চুইমিং পুল আছে। লক্ষণীয়ভাৱে, এই বাংলোটো মুম্বাইৰ আটাইতকৈ ব্যয়বহুল ঘৰবোৰৰ ভিতৰৰে  এটা।

মাচেৰাটি কোৱাট্ৰোপোৰ্টে

ৰতন টাটাৰ এখন বিলাসী মাচেৰাটি কোৱাট্ৰোপোৰ্টে আছে। বহুতৰে  সপোনৰ গাড়ী মাচেৰাটি কোৱাট্ৰোপোৰ্টত  এটা টুইন-টাৰ্বো ভি৬ পেট্ৰ'ল ইঞ্জিন থাকে৷ 

লেণ্ড ৰোভাৰ ফ্ৰীলেণ্ডাৰ
ৰতন টাটাই বহু দিন আগতেই লেণ্ড ৰোভাৰ ফ্ৰীলেণ্ডাৰ ক্ৰয় কৰিছিল। গাড়ীখনত চাৰিটা চিলিণ্ডাৰৰ ডিজেল ইঞ্জিন আছে৷ এই গাড়ী খনত উঠি টাটাই প্ৰায়ে মুম্বাইত ভ্ৰমণ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই