--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰতন টাটা, কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে ধনী লোকসকলৰ মাজৰে এজন৷ ৰতন টাটাৰ জীৱনশৈলীয়ে বহুতকে আকৰ্ছণ কৰি আহিছে৷ বিখ্যাত উদ্যোগপতিগৰাকীয়ে সদায় দামীৰো দামী সামগ্ৰীহে ব্যৱহাৰ কৰে৷ যিবোৰ সামগ্ৰী সাধাৰণ লোকৰ বাবে কল্পনাৰো অগোচৰ৷ টাটা উদ্যোগৰ  প্ৰাক্তন অধ্যক্ষ ৰতন টাটা হৈছে বিশ্বৰ অন্যতম ধনী উদ্যোগী। তেওঁ দেশৰ  আটাইতকৈ বিনয়ী উদ্যোগীসকলৰ মাজৰে  এজন। ১ বিলিয়ন ডলাৰৰো অধিক মুঠ সম্পত্তিৰ গৰাকী ৰতন টাটা এজন মানৱতাবাদী ৷ তেওঁ এগৰাকী   অনুপ্ৰেৰণামূলক বক্তা হিচাপেও বহুতৰে মাজত পৰিচিত৷ ৰতন টাটাই ব্যৱহাৰ কৰা   ব্যয়বহুল বস্তুবোৰৰ বিষয়ে জানো আহক-

ফেৰাৰী কেলিফৰ্ণিয়া
ৰতন টাটাৰ এখন  ৰঙা ৰঙৰ ফেৰাৰী কেলিফৰ্ণিয়া বাহন আছে । বিশ্বৰ খুব কম লোকৰহে এনে বাহন আছে৷ এই বাহন খন হাৰ্ডটপ কনভাৰ্টিবলটো ৫০৪ এনএম আৰু ৫৫২  বিএইচপিযুক্ত আৰু ৪.৩ লিটাৰ ভি৮  ইঞ্জিনৰ দ্বাৰা চালিত। অৱশ্যে বাহন খনৰ এই মডেলটো এতিয়া  দেশত বন্ধ কৰা হৈছে।

 ডাচল্ট ফালকন প্ৰাইভেট জেট
 মন গ’লে ক’ৰবালৈ উৰি যাব পৰাকৈ ৰতন টাটাৰ এখন  ডাচল্ট ফালকন ২০০০ আছে। ৰতন টাটাই  নিজেও  বিমান চলাব পাৰে৷  এই বিমান খনৰ দুটা ইঞ্জিন আছে আৰু বিমান খন  ফৰাচী অভিযন্তাৰ  এটা দলে  ডিজাইন কৰিছে।


মুম্বাইৰ সমুদ্ৰতীৰত থকা  বাংলো
ৰতন টাটাৰ মুম্বাইৰ কোলাবা এটা দৃষ্টিনন্দন বাংলো আছে৷ ঘৰটোৰ পৰা  আৰৱ সাগৰৰ মনোৰম  দৃশ্য উপভোগ কৰিব পাৰি। ১৫,০০০ বৰ্গফুট জুৰি বিস্তাৰিত প্ৰাসাদটোৰ সাতটা মহলা আছে আৰু ওপৰৰ মহলাত এটা চুইমিং পুল আছে। ঘৰটোত  বিশাল গাড়ী পাৰ্কিঙৰ  স্থান, এটা মিডিয়া ৰুম, এটা চান ডেক, এটা লাউঞ্জ আৰু আন এটা চুইমিং পুল আছে। লক্ষণীয়ভাৱে, এই বাংলোটো মুম্বাইৰ আটাইতকৈ ব্যয়বহুল ঘৰবোৰৰ ভিতৰৰে  এটা।

মাচেৰাটি কোৱাট্ৰোপোৰ্টে

ৰতন টাটাৰ এখন বিলাসী মাচেৰাটি কোৱাট্ৰোপোৰ্টে আছে। বহুতৰে  সপোনৰ গাড়ী মাচেৰাটি কোৱাট্ৰোপোৰ্টত  এটা টুইন-টাৰ্বো ভি৬ পেট্ৰ'ল ইঞ্জিন থাকে৷ 

লেণ্ড ৰোভাৰ ফ্ৰীলেণ্ডাৰ
ৰতন টাটাই বহু দিন আগতেই লেণ্ড ৰোভাৰ ফ্ৰীলেণ্ডাৰ ক্ৰয় কৰিছিল। গাড়ীখনত চাৰিটা চিলিণ্ডাৰৰ ডিজেল ইঞ্জিন আছে৷ এই গাড়ী খনত উঠি টাটাই প্ৰায়ে মুম্বাইত ভ্ৰমণ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু