--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি এগৰাকী পতি বা পত্নীয়ে পৰ্যাপ্ত কাৰণ অবিহনে তেওঁলোকৰ সঙ্গীৰ সৈতে দীঘলীয়া সময়ৰ বাবে যৌন সম্ভোগ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে  ই মানসিক নিষ্ঠুৰতাৰ এক ঘটনাৰ দৰে হ’ব। এই মন্তব্য কৰিছে  এলাহাবাদ উচ্চ ন্যায়ালয়ে।  শেহতীয়াকৈ আদালতে এহাল দম্পতীৰ বিবাহ ভংগ কৰাৰ প্ৰসংগত এনেদৰে  মন্তব্য কৰে। 

আদালতে উল্লেখ কৰে যে আবেদনকাৰী ৰবীন্দ্ৰ প্ৰতাপ যাদৱে তেওঁৰ পত্নী আশা দেৱীয়ে "বৈবাহিক বন্ধন’’ৰ প্ৰতি কোনো সন্মান  জনোৱা নাছিল, বৈবাহিক দায়বদ্ধতাৰ বাধ্যবাধকতা পালন কৰিবলৈ তেওঁ অস্বীকাৰ কৰিছিল" বুলি অভিযোগ কৰিছে। সেইবাবেই  তেওঁলোকৰ বিবাহৰ অৰ্থ নোহোৱা হৈ পৰিছে বুলিও যাদৱে আবেদনত উল্লেখ কৰিছিল।  যাদৱে ২০০৫ চনত বাৰাণসীৰ পাৰিবাৰিক আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই সেই আবেদন কৰিছিল। 

পাৰিবাৰিক আদালতে হিন্দু বিবাহ আইন, ১৯৫৫ ৰ ধাৰা ১৩ৰ উদ্ধৃতি দি তেওঁৰ বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰিছিল। উচ্চ ন্যায়ালয়ে  কয় যে নিম্ন আদালতে এইক্ষেত্ৰত  "অতি-কাৰিকৰী দৃষ্টিভংগী" গ্ৰহণ কৰিছিল আৰু  যাদৱৰ গোচৰটো খাৰিজ কৰিছিল।ৰবীন্দ্ৰ প্ৰতাপ যাদৱে বিবাহ বিচ্ছেদ বিচাৰি কৈছিল যে তেওঁলোকে বহু দিন ধৰি  পৃথকে বাস কৰা কৰি আহিছে। 

যাদৱৰ মতে দম্পতীহালে ১৯৭৯ চনৰ মে’ মাহত বিবাহপাশত আৱদ্ধ হৈছিল  আৰু কিছু দিনৰ  পিছতে তেওঁৰ পত্নীৰ আচৰণ সলনি হৈছিল।  পত্নীয়ে  তেওঁৰ সৈতে সহবাস কৰিবলৈ অস্বীকাৰ কৰি গৈছিল। পিছত পত্নীয়ে তেওঁৰ মাক-দেউতাকৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিছিল। বিয়াৰ ছয় মাহৰ পিছত যাদৱে  তেওঁৰ পত্নীক পুনৰ ঘৰলৈ  ঘূৰি আহিবলৈ সৈমান কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু পত্নীয়ে সেয়া  অস্বীকাৰ কৰিছিল।

১৯৯৪  চনৰ জুলাই মাহত গাওঁখনত এখন পঞ্চায়ত অনুষ্ঠিত হৈছিল দম্পতীহালে  এক চুক্তিত উপনীত হৈ বিবাহ বিচ্ছেদ  কৰিছিল। আবেদনকাৰী যাদৱে  দাবী কৰিছিল যে তেওঁ তেওঁৰ পত্নীক মাহে ২২,০০০ টকা  পৰিশোধ কৰিছিল। অৱশ্যে, যেতিয়া যাদৱে  মানসিক নিষ্ঠুৰতাৰ আধাৰত বিবাহ বিচ্ছেদৰ বাবে আদালতলৈ গৈছিল তেতিয়া পত্নীয়ে  আদালতত উপস্থিত হোৱা নাছিল।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুনীত কুমাৰ আৰু ৰাজেন্দ্ৰ কুমাৰৰ  বিচাৰপীঠে কয়  "নিঃসন্দেহে, পৰ্যাপ্ত কাৰণ অবিহনে দীৰ্ঘদিন ধৰি পতি অথবা পত্নীয়েতেওঁৰ সঙ্গীক  যৌন সম্ভোগ কৰিবলৈ নিদিয়া, মানসিক নিষ্ঠুৰতাৰ সমান... " ন্যায়াধীশ সুনীত কুমাৰ আৰু ৰাজেন্দ্ৰ কুমাৰৰ  বিচাৰপীঠে কয়।মানসিক নিষ্ঠুৰতাৰ দিশটোৰ বিষয়ত ২০০৬ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কথা উল্লেখ কৰি বিচাৰপীঠে পাৰিবাৰিক আদালতৰ আদেশৰ ত্ৰুটি বিচাৰি উলিয়াই ইয়াক নাকচ  কৰে।








 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
বিলাসীপাৰাত বাছ আৰু এল্টোৰ মুখামুখি সংঘৰ্ষ! আহত বহুজন
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা