--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি এগৰাকী পতি বা পত্নীয়ে পৰ্যাপ্ত কাৰণ অবিহনে তেওঁলোকৰ সঙ্গীৰ সৈতে দীঘলীয়া সময়ৰ বাবে যৌন সম্ভোগ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে  ই মানসিক নিষ্ঠুৰতাৰ এক ঘটনাৰ দৰে হ’ব। এই মন্তব্য কৰিছে  এলাহাবাদ উচ্চ ন্যায়ালয়ে।  শেহতীয়াকৈ আদালতে এহাল দম্পতীৰ বিবাহ ভংগ কৰাৰ প্ৰসংগত এনেদৰে  মন্তব্য কৰে। 

আদালতে উল্লেখ কৰে যে আবেদনকাৰী ৰবীন্দ্ৰ প্ৰতাপ যাদৱে তেওঁৰ পত্নী আশা দেৱীয়ে "বৈবাহিক বন্ধন’’ৰ প্ৰতি কোনো সন্মান  জনোৱা নাছিল, বৈবাহিক দায়বদ্ধতাৰ বাধ্যবাধকতা পালন কৰিবলৈ তেওঁ অস্বীকাৰ কৰিছিল" বুলি অভিযোগ কৰিছে। সেইবাবেই  তেওঁলোকৰ বিবাহৰ অৰ্থ নোহোৱা হৈ পৰিছে বুলিও যাদৱে আবেদনত উল্লেখ কৰিছিল।  যাদৱে ২০০৫ চনত বাৰাণসীৰ পাৰিবাৰিক আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই সেই আবেদন কৰিছিল। 

পাৰিবাৰিক আদালতে হিন্দু বিবাহ আইন, ১৯৫৫ ৰ ধাৰা ১৩ৰ উদ্ধৃতি দি তেওঁৰ বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰিছিল। উচ্চ ন্যায়ালয়ে  কয় যে নিম্ন আদালতে এইক্ষেত্ৰত  "অতি-কাৰিকৰী দৃষ্টিভংগী" গ্ৰহণ কৰিছিল আৰু  যাদৱৰ গোচৰটো খাৰিজ কৰিছিল।ৰবীন্দ্ৰ প্ৰতাপ যাদৱে বিবাহ বিচ্ছেদ বিচাৰি কৈছিল যে তেওঁলোকে বহু দিন ধৰি  পৃথকে বাস কৰা কৰি আহিছে। 

যাদৱৰ মতে দম্পতীহালে ১৯৭৯ চনৰ মে’ মাহত বিবাহপাশত আৱদ্ধ হৈছিল  আৰু কিছু দিনৰ  পিছতে তেওঁৰ পত্নীৰ আচৰণ সলনি হৈছিল।  পত্নীয়ে  তেওঁৰ সৈতে সহবাস কৰিবলৈ অস্বীকাৰ কৰি গৈছিল। পিছত পত্নীয়ে তেওঁৰ মাক-দেউতাকৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিছিল। বিয়াৰ ছয় মাহৰ পিছত যাদৱে  তেওঁৰ পত্নীক পুনৰ ঘৰলৈ  ঘূৰি আহিবলৈ সৈমান কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু পত্নীয়ে সেয়া  অস্বীকাৰ কৰিছিল।

১৯৯৪  চনৰ জুলাই মাহত গাওঁখনত এখন পঞ্চায়ত অনুষ্ঠিত হৈছিল দম্পতীহালে  এক চুক্তিত উপনীত হৈ বিবাহ বিচ্ছেদ  কৰিছিল। আবেদনকাৰী যাদৱে  দাবী কৰিছিল যে তেওঁ তেওঁৰ পত্নীক মাহে ২২,০০০ টকা  পৰিশোধ কৰিছিল। অৱশ্যে, যেতিয়া যাদৱে  মানসিক নিষ্ঠুৰতাৰ আধাৰত বিবাহ বিচ্ছেদৰ বাবে আদালতলৈ গৈছিল তেতিয়া পত্নীয়ে  আদালতত উপস্থিত হোৱা নাছিল।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুনীত কুমাৰ আৰু ৰাজেন্দ্ৰ কুমাৰৰ  বিচাৰপীঠে কয়  "নিঃসন্দেহে, পৰ্যাপ্ত কাৰণ অবিহনে দীৰ্ঘদিন ধৰি পতি অথবা পত্নীয়েতেওঁৰ সঙ্গীক  যৌন সম্ভোগ কৰিবলৈ নিদিয়া, মানসিক নিষ্ঠুৰতাৰ সমান... " ন্যায়াধীশ সুনীত কুমাৰ আৰু ৰাজেন্দ্ৰ কুমাৰৰ  বিচাৰপীঠে কয়।মানসিক নিষ্ঠুৰতাৰ দিশটোৰ বিষয়ত ২০০৬ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কথা উল্লেখ কৰি বিচাৰপীঠে পাৰিবাৰিক আদালতৰ আদেশৰ ত্ৰুটি বিচাৰি উলিয়াই ইয়াক নাকচ  কৰে।








 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ