--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এলায়েন্স এয়াৰৰ এজন পাইলটৰ বিৰুদ্ধে ৰাজস্থানৰ ভাৰতীয় বায়ু সেনা ঘাটি বিমানবন্দৰৰ নিষিদ্ধ এলেকাত ফটো তোলাৰ অভিযোগ উত্থাপিত হৈছে। বিদেশী পাইলটজনৰ বিৰুদ্ধে উত্তৰলাই বায়ু সেনা ঘাটিৰ এটা নিষিদ্ধ এলেকাত ফটো আৰু ভিডিঅ' লোৱাৰ অভিযোগ উত্থাপিত হৈছে। পাইলটজনক আইএএফৰ নিৰাপত্তা বিষয়াসকলে কেইবা ঘণ্টা ধৰি আটক কৰিছিল।

জানুৱাৰীৰ ৯  তাৰিখে, এয়াৰলাইনটোৱে দিল্লীৰ পৰা উত্তৰলাই বিমান ঘাটিলৈ এখন চাৰ্টাৰ্ড বিমান পৰিচালনা কৰে। এয়াৰ বেছত অৱতৰণ কৰাৰ পিছত, পাইলটজনৰ ওপৰত তাত কেইবাখনো ফটো আৰু ভিডিঅ' লোৱাৰ অভিযোগ উত্থাপিত হৈছিল। সেইকাৰণে তেওঁক বায়ু সেনাই আটক কৰিছিল। ভাৰতীয় বায়ু সেনাই অসামৰিক বিমান পৰিবহন সঞ্চালক প্ৰধানৰ (ডিজিচিএ) ওচৰত অভিযোগ দাখিল কৰিছে।

এই ঘটনাটো শুক্ৰবাৰে পোহৰলৈ আহিছিল। এলায়েন্স এয়াৰলাইনছৰ দ্বাৰা এটা বিবৃতি জাৰী কৰা হৈছিল। এয়াৰলাইনৰ মতে, পাইলটজনক বৰ্তমানৰ বাবে কামৰ পৰা অব্যাহতি দিয়া হৈছে।  এনে ধৰণৰ ঘটনাৰ গুৰুত্বসহকাৰে তদন্ত কৰা হৈছে। তদন্ত শেষ নোহোৱালৈকে পাইলটজনক কামৰ পৰা অব্যাহতি দিয়া হয়৷ 

উক্ত এয়াৰ লাইনটোৰ বিবৃতিত  কোৱা  হৈছে যে এয়াৰলাইন হিচাপে এলায়েন্স এয়াৰে কিছুমান প্ৰক্ৰিয়া বা নীতি মানি চলে।গতিকে  তেওঁলোকে এনে ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক