--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ খোদ বিজেপিৰ প্ৰাক্তন সাংসদ ড০ সুব্ৰমনিয়ম স্বামীয়ে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী জনাইছে। স্বামীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পোনপটীয়াকৈ কটাক্ষ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে কেৱল মেৰুদণ্ডবিহীন স্তাৱকক মন্ত্ৰী কৰাৰ ফলাফল পাইছে। ৰে’ল মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত।

এটা টুইটযোগে সুব্ৰমনিয়াম স্বামীয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল অযোগ্য স্তাৱকক মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। আৰু তাৰেই ফল বালেশ্বৰৰ দৰে দুৰ্ঘটনা।

স্বামীয়ে কয়, “এই ট্ৰেকবোৰ লেহেমীয়া ৰে’লৰ বাবে। ইমান বেগী ৰে’ল এই ট্ৰেকত চলোৱাই উচিত হোৱা নাই। গতিকে ৰে’ল মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। প্ৰধানমন্ত্ৰীৰ অনুমতিলৈ অপেক্ষা নকৰি ৰে’ল মন্ত্ৰীয়ে নিজেই পদত্যাগ কৰা উচিত। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অযোগ্য আৰু মেৰুদণ্ডহীন স্তাৱকসকলক মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বাবে বিখ্যাত। তাৰ মূল্য তেওঁ দিবলগীয়া হৈছে। মণিপুৰো ইয়াৰ নিদৰ্শন। মোদীয়ে তাতো তেওঁৰ শিষ্যসকলক বহুৱাই ৰাখিছে।”

উল্লেখ্য যে বালেশ্বৰত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পিছত ৰে’ল বিভাগৰ গুৰুতৰ গাফিলতি, অসংগঠিত ব্যৱস্থা আৰু সমন্বয়ৰ অভাৱ দুৰ্ঘটনাৰ আঁৰৰ অন্যতম কাৰণ হিচাপে পোহৰলৈ আহিছে। ইতিহাসত ইয়াৰ পূৰ্বে এনে দুৰ্ঘটনাৰ বাবে মাত্ৰ দুজন ৰে’ল মন্ত্ৰীয়েহে পদত্যাগ কৰিছে। প্ৰথমজন আছিল লালবাহাদুৰ শাস্ত্ৰী। দ্বিতীয়জন হৈছে নীতিশ কুমাৰ। স্বাভাৱিকতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক