--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ খোদ বিজেপিৰ প্ৰাক্তন সাংসদ ড০ সুব্ৰমনিয়ম স্বামীয়ে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী জনাইছে। স্বামীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পোনপটীয়াকৈ কটাক্ষ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে কেৱল মেৰুদণ্ডবিহীন স্তাৱকক মন্ত্ৰী কৰাৰ ফলাফল পাইছে। ৰে’ল মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত।

এটা টুইটযোগে সুব্ৰমনিয়াম স্বামীয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল অযোগ্য স্তাৱকক মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। আৰু তাৰেই ফল বালেশ্বৰৰ দৰে দুৰ্ঘটনা।

স্বামীয়ে কয়, “এই ট্ৰেকবোৰ লেহেমীয়া ৰে’লৰ বাবে। ইমান বেগী ৰে’ল এই ট্ৰেকত চলোৱাই উচিত হোৱা নাই। গতিকে ৰে’ল মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। প্ৰধানমন্ত্ৰীৰ অনুমতিলৈ অপেক্ষা নকৰি ৰে’ল মন্ত্ৰীয়ে নিজেই পদত্যাগ কৰা উচিত। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অযোগ্য আৰু মেৰুদণ্ডহীন স্তাৱকসকলক মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বাবে বিখ্যাত। তাৰ মূল্য তেওঁ দিবলগীয়া হৈছে। মণিপুৰো ইয়াৰ নিদৰ্শন। মোদীয়ে তাতো তেওঁৰ শিষ্যসকলক বহুৱাই ৰাখিছে।”

উল্লেখ্য যে বালেশ্বৰত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পিছত ৰে’ল বিভাগৰ গুৰুতৰ গাফিলতি, অসংগঠিত ব্যৱস্থা আৰু সমন্বয়ৰ অভাৱ দুৰ্ঘটনাৰ আঁৰৰ অন্যতম কাৰণ হিচাপে পোহৰলৈ আহিছে। ইতিহাসত ইয়াৰ পূৰ্বে এনে দুৰ্ঘটনাৰ বাবে মাত্ৰ দুজন ৰে’ল মন্ত্ৰীয়েহে পদত্যাগ কৰিছে। প্ৰথমজন আছিল লালবাহাদুৰ শাস্ত্ৰী। দ্বিতীয়জন হৈছে নীতিশ কুমাৰ। স্বাভাৱিকতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস