--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাত সংঘটিত হোৱা ভয়াৱহ ৰেল দুৰ্ঘটনাই দেশ জোকাৰি গৈছে। তেনে সময়তে জানিব পৰা গৈছে যে দুৰ্ঘটনাৰ সময়ত বাহানাগা ষ্টেশ্যনৰ দায়িত্বত থকা সহকাৰী ষ্টেশ্যন মাষ্টাৰ এছ বি মাহন্তি পলাতক অৱস্থাত আছে। দুৰ্ঘটনাটোৰ পাছতে পলাতক অৱস্থাত আছে দায়িত্বত থকা ষ্টেশ্যন মাষ্টাৰজন।

জানিব পৰা মতে, আৰক্ষীয়ে বিচাৰি ফুৰিছে যদিও বিচাৰি পোৱা সহকাৰী ষ্টেশ্যন মাষ্টাৰগৰাকীক। সেই এই মুহূৰ্তত সচেতন মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে – বিষয়াগৰাকীৰ অকৰ্মণ্যতাৰ বাবেই সংঘটিত হ’বলৈ পালে নেকি এই ভয়ানক দুৰ্ঘটনাটো।

উল্লেখ্য যে শুকুৰবাৰে নিশা উৰিষ্যাত সংঘটিত হোৱা ভয়ানক ৰে’ল দুৰ্ঘটনাত এতিয়ালৈকে প্ৰায় ৩০০ জন যাত্ৰী নিহত হোৱাৰ লগতে প্ৰায় ১০০০ যাত্ৰী আহত হৈছে। আনহাতে এতিয়ালৈকে চিনাক্ত হোৱা নাই ডেৰশতকৈও অধিক মৃতদেহ। সন্ধানহীন অৱস্থাত আছে শতাধিক আহত যাত্ৰী। 

ঘটনা সংঘটিত হোৱাৰ পিছতেই সমগ্ৰ বিশ্বতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। বিশ্বৰ বিভিন্ন দেশে উৰিষ্যাৰ এই ঘটনাত দুখ প্ৰকাশ কৰি ভাৰতলৈ শোক-বাৰ্তা প্ৰেৰণ কৰিছে। আহত ব্যক্তি সকলক সহায় কৰিবলৈ তথা ৰক্তদানৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা উৰিষ্যালৈ ৰাওনা হৈছে ভালেসংখ্যক লোক। 

ঘটনাৰ উচিত তদন্তৰ দাবী জনাই দেশৰ প্ৰায় সকলো প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছে। কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগ দাবী কৰিছে সকলো বিৰোধী দলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক