--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাত সংঘটিত হোৱা ভয়াৱহ ৰেল দুৰ্ঘটনাই দেশ জোকাৰি গৈছে। তেনে সময়তে জানিব পৰা গৈছে যে দুৰ্ঘটনাৰ সময়ত বাহানাগা ষ্টেশ্যনৰ দায়িত্বত থকা সহকাৰী ষ্টেশ্যন মাষ্টাৰ এছ বি মাহন্তি পলাতক অৱস্থাত আছে। দুৰ্ঘটনাটোৰ পাছতে পলাতক অৱস্থাত আছে দায়িত্বত থকা ষ্টেশ্যন মাষ্টাৰজন।

জানিব পৰা মতে, আৰক্ষীয়ে বিচাৰি ফুৰিছে যদিও বিচাৰি পোৱা সহকাৰী ষ্টেশ্যন মাষ্টাৰগৰাকীক। সেই এই মুহূৰ্তত সচেতন মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে – বিষয়াগৰাকীৰ অকৰ্মণ্যতাৰ বাবেই সংঘটিত হ’বলৈ পালে নেকি এই ভয়ানক দুৰ্ঘটনাটো।

উল্লেখ্য যে শুকুৰবাৰে নিশা উৰিষ্যাত সংঘটিত হোৱা ভয়ানক ৰে’ল দুৰ্ঘটনাত এতিয়ালৈকে প্ৰায় ৩০০ জন যাত্ৰী নিহত হোৱাৰ লগতে প্ৰায় ১০০০ যাত্ৰী আহত হৈছে। আনহাতে এতিয়ালৈকে চিনাক্ত হোৱা নাই ডেৰশতকৈও অধিক মৃতদেহ। সন্ধানহীন অৱস্থাত আছে শতাধিক আহত যাত্ৰী। 

ঘটনা সংঘটিত হোৱাৰ পিছতেই সমগ্ৰ বিশ্বতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। বিশ্বৰ বিভিন্ন দেশে উৰিষ্যাৰ এই ঘটনাত দুখ প্ৰকাশ কৰি ভাৰতলৈ শোক-বাৰ্তা প্ৰেৰণ কৰিছে। আহত ব্যক্তি সকলক সহায় কৰিবলৈ তথা ৰক্তদানৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা উৰিষ্যালৈ ৰাওনা হৈছে ভালেসংখ্যক লোক। 

ঘটনাৰ উচিত তদন্তৰ দাবী জনাই দেশৰ প্ৰায় সকলো প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছে। কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগ দাবী কৰিছে সকলো বিৰোধী দলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস