--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰে’ল ভাড়াত জ্যেষ্ঠ নাগৰিকক দিয়া ৰেহাই বিলুপ্ত হোৱাৰ পৰিঘটনা বহু আগতেই পাৰ হৈ গৈছে। এনে পৰিস্থিতিত পুনৰ জ্যেষ্ঠ নাগৰিকক ৰেহাই দিয়াৰ দাবীয়ে গতি লাভ কৰিছে। এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও এই বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে।

 দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰীলৈ পত্ৰযোগে লিখিছে যে ‘বৃদ্ধসকলৰ আশীৰ্বাদ অবিহনে দেশখন আগবাঢ়িব নোৱাৰে বাবেই বৃদ্ধসকলৰ ৰেহাইৰ অন্ত পেলোৱাটো অতি দুৰ্ভাগ্যজনক। এনে পৰিস্থিতিত পুনৰ জ্যেষ্ঠ নাগৰিকসকলৰ ৰে’লভাড়া হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে। আমি বৃদ্ধসকলৰ বাবে বিনামূলীয়াকৈ তীৰ্থযাত্ৰাত পঠিয়াব লাগে। ১৬০০ কোটি টকা ৰাহি কৰিবলৈ বৃদ্ধৰ ৰেহাই শেষ কৰাটো ভুল।"

 উল্লেখযোগ্য যে বহুদিন ধৰি বৃদ্ধসকলক দিয়া ৰেহাই পুনৰ ঘূৰাই দিব পৰাৰ খবৰ আহিছিল, কিন্তু এতিয়ালৈকে এনে হোৱা নাই। দৰাচলতে ক’ভিড মহামাৰীৰ সময়ত আৰ্থিক অৱস্থাৰ দুৰ্বলতাৰ পৰিপ্ৰেক্ষিতত ৰেলৱে বিভাগে জ্যেষ্ঠ নাগৰিককে ধৰি আন তিনিটা শ্ৰেণীৰ ভাড়াৰ ৰেহাই বন্ধ কৰি দিছিল।

 কৰ’না মহামাৰীৰ পূৰ্বে ৬০ বছৰৰ ওপৰৰ নাগৰিকে ৫০ শতাংশ ৰেহাই লাভ কৰিছিল। মহামাৰীৰ ভাবুকি কমি দেশৰ আন সকলো কাম-কাজ সম্পূৰ্ণ স্বাভাৱিক হৈ পৰাৰ পাছতো জ্যেষ্ঠ নাগৰিকৰ এই সকাহ পুনৰ ঘূৰাই পোৱা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু