--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা কুকুৰে এতিয়া টোপনি হৰিছে মধ্যপ্ৰদেশ আৰক্ষীৰ।  গোৱালিয়ৰ জিলাৰ বিলুৱা অঞ্চলৰ পৰা এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) বিষয়াৰ এটা কুকুৰ সন্ধানহীন হৈছিল। ইয়াৰ পিছতেই কুকুৰটো বিচাৰি এতিয়া চলাথ কৰিছে আৰক্ষীয়ে।  আৰক্ষীয়ে সমগ্ৰ  অঞ্চলটোত "সন্ধানহীন " বুলি পোষ্টাৰ লগাইছে  আৰু আৰক্ষীয়ে কুকুৰটোৰ সন্ধান দিব পৰা জনক পুৰস্কাৰ দিয়া হ’ব বুলি ঘোষণা কৰিছে। 

কুকুৰটো শুক্ৰবাৰে (৩১ মাৰ্চ) নিৰুদ্দেশ হৈছিল।জানিব পৰা মতে  দিল্লীত নিযুক্ত এজন এমপি কেডাৰৰ আইএএছ বিষয়াৰ দুটা কুকুৰক দিল্লীৰ পৰা ভূপাললৈ লৈ যোৱা হৈছিল। শুক্ৰবাৰে নিশা কুকুৰটো লৈ যোৱা  কৰ্মচাৰীসকলে বিলোৱাৰ ওচৰৰ এখন ধাবাত ৰাতিৰ আহাৰৰ খাবলৈ  ৰৈছিল।  কৰ্মচাৰীসকলে  আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে দুটা কুকুৰ গাড়ীৰ পৰা পলাই যায়।  দলটোৱে এটা কুকুৰ ধৰিবলৈ সক্ষম হয় যদিও  কিন্তু আনটো বিচাৰি পোৱা নগ’ল। 

কৰ্মচাৰীসকলে দিল্লীৰ আইএএছ বিষয়াজনক ফোনযোগে ঘটনাটোৰ বিষয়ে অৱগত কৰে। তাৰ পিছত গোৱালিয়ৰ আৰক্ষীয়ে গোৱালিয়ৰ চিৰিয়াখানাৰ কৰ্মচাৰীৰ সৈতে কুকুৰটো বিচাৰিবলৈ আৰম্ভ কৰে। ওচৰৰ ধাবাবোৰত কুকুৰটো সন্ধানহীন হোৱাৰ পোষ্টাৰ লগোৱা হৈছে। শীৰ্ষ আৰক্ষী বিষয়া বিবেক শৰ্মাই কয়, "আহাৰ গ্ৰহণৰ বাবে কেইজনমান  লোক বিলুৱা অঞ্চলৰ এখন ধাবালৈ আহিছিল। তেতিয়াই কুকুৰটোৱে তেওঁলোকৰ গাড়ীৰ পৰা জঁপিয়াই পলাই গৈছিল।’’

শৰ্মাই কয়, "কুকুৰটো চিনাক্ত কৰা যিকোনো লোকৰ বাবেই  উচিত পুৰস্কাৰ ঘোষণা কৰি বিভিন্ন স্থানত পোষ্টাৰো লগোৱা হৈছে।" কুকুৰটো নিৰুদ্দেশ হোৱা ধাবাৰ গৰাকী জয়প্ৰকাশে কয়, "শুক্ৰবাৰে নিশা এখন গাড়ীৰ পৰা নামি অহা কৰ্মচাৰীসকলে খাদ্য গ্ৰহণ কৰে  আৰু এই সময়ছোৱাত এটা কুকুৰটো নাইকিয়া হয়। কুকুৰটোৰ গৰাকী  বিষয়াজনে নিজেও পিছদিনা পুৱা কুকুৰটোৰ সন্ধানত আৰক্ষী আৰু আন কৰ্মচাৰীৰ সৈতে ইয়ালৈ আহিছিল। " উল্লেখ্য শীৰ্ষ বিষয়াৰ কুকুৰ হোৱাৰ বাবেই আৰক্ষীয়ে এতিয়া আন সকলো গুৰুত্বপূৰ্ণ কাম বাদ দি হ’লেও কুকুৰটো বিচৰাৰ অভিযানত নামি পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ