--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা কুকুৰে এতিয়া টোপনি হৰিছে মধ্যপ্ৰদেশ আৰক্ষীৰ।  গোৱালিয়ৰ জিলাৰ বিলুৱা অঞ্চলৰ পৰা এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) বিষয়াৰ এটা কুকুৰ সন্ধানহীন হৈছিল। ইয়াৰ পিছতেই কুকুৰটো বিচাৰি এতিয়া চলাথ কৰিছে আৰক্ষীয়ে।  আৰক্ষীয়ে সমগ্ৰ  অঞ্চলটোত "সন্ধানহীন " বুলি পোষ্টাৰ লগাইছে  আৰু আৰক্ষীয়ে কুকুৰটোৰ সন্ধান দিব পৰা জনক পুৰস্কাৰ দিয়া হ’ব বুলি ঘোষণা কৰিছে। 

কুকুৰটো শুক্ৰবাৰে (৩১ মাৰ্চ) নিৰুদ্দেশ হৈছিল।জানিব পৰা মতে  দিল্লীত নিযুক্ত এজন এমপি কেডাৰৰ আইএএছ বিষয়াৰ দুটা কুকুৰক দিল্লীৰ পৰা ভূপাললৈ লৈ যোৱা হৈছিল। শুক্ৰবাৰে নিশা কুকুৰটো লৈ যোৱা  কৰ্মচাৰীসকলে বিলোৱাৰ ওচৰৰ এখন ধাবাত ৰাতিৰ আহাৰৰ খাবলৈ  ৰৈছিল।  কৰ্মচাৰীসকলে  আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে দুটা কুকুৰ গাড়ীৰ পৰা পলাই যায়।  দলটোৱে এটা কুকুৰ ধৰিবলৈ সক্ষম হয় যদিও  কিন্তু আনটো বিচাৰি পোৱা নগ’ল। 

কৰ্মচাৰীসকলে দিল্লীৰ আইএএছ বিষয়াজনক ফোনযোগে ঘটনাটোৰ বিষয়ে অৱগত কৰে। তাৰ পিছত গোৱালিয়ৰ আৰক্ষীয়ে গোৱালিয়ৰ চিৰিয়াখানাৰ কৰ্মচাৰীৰ সৈতে কুকুৰটো বিচাৰিবলৈ আৰম্ভ কৰে। ওচৰৰ ধাবাবোৰত কুকুৰটো সন্ধানহীন হোৱাৰ পোষ্টাৰ লগোৱা হৈছে। শীৰ্ষ আৰক্ষী বিষয়া বিবেক শৰ্মাই কয়, "আহাৰ গ্ৰহণৰ বাবে কেইজনমান  লোক বিলুৱা অঞ্চলৰ এখন ধাবালৈ আহিছিল। তেতিয়াই কুকুৰটোৱে তেওঁলোকৰ গাড়ীৰ পৰা জঁপিয়াই পলাই গৈছিল।’’

শৰ্মাই কয়, "কুকুৰটো চিনাক্ত কৰা যিকোনো লোকৰ বাবেই  উচিত পুৰস্কাৰ ঘোষণা কৰি বিভিন্ন স্থানত পোষ্টাৰো লগোৱা হৈছে।" কুকুৰটো নিৰুদ্দেশ হোৱা ধাবাৰ গৰাকী জয়প্ৰকাশে কয়, "শুক্ৰবাৰে নিশা এখন গাড়ীৰ পৰা নামি অহা কৰ্মচাৰীসকলে খাদ্য গ্ৰহণ কৰে  আৰু এই সময়ছোৱাত এটা কুকুৰটো নাইকিয়া হয়। কুকুৰটোৰ গৰাকী  বিষয়াজনে নিজেও পিছদিনা পুৱা কুকুৰটোৰ সন্ধানত আৰক্ষী আৰু আন কৰ্মচাৰীৰ সৈতে ইয়ালৈ আহিছিল। " উল্লেখ্য শীৰ্ষ বিষয়াৰ কুকুৰ হোৱাৰ বাবেই আৰক্ষীয়ে এতিয়া আন সকলো গুৰুত্বপূৰ্ণ কাম বাদ দি হ’লেও কুকুৰটো বিচৰাৰ অভিযানত নামি পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু