--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদৰ সময়ত কেতিয়াবা কিছুমান মানুহ দেৱদূত হৈ পৰে। ভগৱানে নিজে সহায় কৰিবলৈ নাহি কেতিয়াবা মানুহৰ জৰিয়তে সহায় কৰি দিয়ে বুলি মানুহে বিশ্বাস কৰে। শেহতীয়াকৈ সেই কথা যেন পুনৰ সঁচা প্ৰমাণিত হল। ঘটনা অনুসৰি ৰে’ল যাত্ৰাৰ সময়তে এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হল। সেই ডবাতে যাত্ৰা কৰিছিল এগৰাকী মেডিকেলৰ ছাত্ৰীয়ে। মেডিকেলৰ ছাত্ৰীগৰাকীৰ সহায়ত চলন্ত ৰে’লতে সন্তান প্ৰসৱ কৰিলে মহিলাগৰাকীয়ে। মহিলাগৰাকীক সন্তান প্ৰসৱত সহায় কৰা মেডিকেলৰ ছাত্ৰীগৰাকীকো প্ৰশংসাৰে উপচাই পেলাইছে প্ৰতিজন লোকেই। এই ঘটনা তেলেংগানাৰ।  এই ঘটনাই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে। 

মঙলবাৰে তেলেংগানাৰ শ্ৰীকাকুলামৰ পৰা এগৰাকী গৰ্ভৱতী মহিলাই ছেকেন্দ্ৰাবাদ ডুৰণ্ট’ এক্সপ্ৰেছ ৰে’লত যাত্ৰা কৰিছিল। ৰে’লখন অনকাপল্লী ষ্টেছন পোৱাৰ সময়তে হঠাৎ ৰে’লৰ ভিতৰতে প্ৰসৱ বেদনা আৰম্ভ হয় মহিলাগৰাকীৰ। কি কৰো, কি নকৰোকৈ পৰিয়ালৰ লোক বিবুধিত পৰে। চলন্ত ৰে’লৰ ভিতৰত এনেদৰে প্ৰসৱ বেদনা অনুভৱ হোৱাত উদ্বিগ্ন হৈ পৰে মহিলাগৰাকীৰ সৈতে সেই সময়ত যাত্ৰা কৰা পৰিয়ালৰ আন লোকসকল।
 সকলো দেখি নিজে আগবাঢ়ি আহিল একেটা ডবাতে থকা মেডিকেলৰ ছাত্ৰীগৰাকী। তেওঁ প্ৰসূতিগৰাকীক প্ৰসৱত সহায় কৰে। ছাত্ৰীগৰাকীৰ সহায়ত চলন্ত ৰে’লৰ ভিতৰতে এটি সুস্থ সবল সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে। মেডিকেলৰ ছাত্ৰীগৰাকীক ভগৱান যেন জ্ঞান কৰি কৃতজ্ঞতা জ্ঞাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালে। বৰ্তমান মহিলাগৰাকী আৰু শিশুটি দুয়োজনেই সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে। ছ’চিয়েল মিডিয়াত এই ঘটনা ভাইৰেল হৈ পৰিছে। ছাত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে নেটিজেনসকলে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement