--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদৰ সময়ত কেতিয়াবা কিছুমান মানুহ দেৱদূত হৈ পৰে। ভগৱানে নিজে সহায় কৰিবলৈ নাহি কেতিয়াবা মানুহৰ জৰিয়তে সহায় কৰি দিয়ে বুলি মানুহে বিশ্বাস কৰে। শেহতীয়াকৈ সেই কথা যেন পুনৰ সঁচা প্ৰমাণিত হল। ঘটনা অনুসৰি ৰে’ল যাত্ৰাৰ সময়তে এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হল। সেই ডবাতে যাত্ৰা কৰিছিল এগৰাকী মেডিকেলৰ ছাত্ৰীয়ে। মেডিকেলৰ ছাত্ৰীগৰাকীৰ সহায়ত চলন্ত ৰে’লতে সন্তান প্ৰসৱ কৰিলে মহিলাগৰাকীয়ে। মহিলাগৰাকীক সন্তান প্ৰসৱত সহায় কৰা মেডিকেলৰ ছাত্ৰীগৰাকীকো প্ৰশংসাৰে উপচাই পেলাইছে প্ৰতিজন লোকেই। এই ঘটনা তেলেংগানাৰ।  এই ঘটনাই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে। 

মঙলবাৰে তেলেংগানাৰ শ্ৰীকাকুলামৰ পৰা এগৰাকী গৰ্ভৱতী মহিলাই ছেকেন্দ্ৰাবাদ ডুৰণ্ট’ এক্সপ্ৰেছ ৰে’লত যাত্ৰা কৰিছিল। ৰে’লখন অনকাপল্লী ষ্টেছন পোৱাৰ সময়তে হঠাৎ ৰে’লৰ ভিতৰতে প্ৰসৱ বেদনা আৰম্ভ হয় মহিলাগৰাকীৰ। কি কৰো, কি নকৰোকৈ পৰিয়ালৰ লোক বিবুধিত পৰে। চলন্ত ৰে’লৰ ভিতৰত এনেদৰে প্ৰসৱ বেদনা অনুভৱ হোৱাত উদ্বিগ্ন হৈ পৰে মহিলাগৰাকীৰ সৈতে সেই সময়ত যাত্ৰা কৰা পৰিয়ালৰ আন লোকসকল।
 সকলো দেখি নিজে আগবাঢ়ি আহিল একেটা ডবাতে থকা মেডিকেলৰ ছাত্ৰীগৰাকী। তেওঁ প্ৰসূতিগৰাকীক প্ৰসৱত সহায় কৰে। ছাত্ৰীগৰাকীৰ সহায়ত চলন্ত ৰে’লৰ ভিতৰতে এটি সুস্থ সবল সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে। মেডিকেলৰ ছাত্ৰীগৰাকীক ভগৱান যেন জ্ঞান কৰি কৃতজ্ঞতা জ্ঞাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালে। বৰ্তমান মহিলাগৰাকী আৰু শিশুটি দুয়োজনেই সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে। ছ’চিয়েল মিডিয়াত এই ঘটনা ভাইৰেল হৈ পৰিছে। ছাত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে নেটিজেনসকলে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু