--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এফালে গো-মাতাৰ পূজনত ব্যস্ত যোগী আদিত্য নাথ , আনফালে ক্ৰমাৎ যোগীৰ ৰাজ্যত বৃদ্ধি পাইছে নাৰীৰ ওপৰত অত্যাচাৰ৷ অপৰাধমূলক ঘটনাৰ বাবে উত্তৰপ্ৰদেশ প্ৰায়েই শীৰ্ষত থাকে৷ ধৰ্ষণ -হত্যা উত্তৰ প্ৰদেশৰ বাবে নতুন ঘটনা নহয়৷ কিন্তু  ইয়াৰ মাজতে,এক লোমহৰ্ষক ধৰ্ষণ কাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ দেশ৷ 

বুধবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ এখন পথাৰত উদ্ধাৰ হ’ল দুগৰাকী ভগ্নীৰ মৃতদেহ৷ দুয়ো ভগ্নী দলিত সম্প্ৰদায়ৰ ৷ দুয়ো কিশোৰীক  গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষীয়৷  আৰক্ষীৰ সূত্ৰ অনুসৰি , ঘটনা সন্দৰ্ভত ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।খেৰীৰ  লালপুৰ মাজৰা তামোলী পূৰ্বা গাঁৱৰ কুঁহিয়াৰ পথাৰত গছত ওলমি আছিল দুই কিশোৰীৰ মৃতদেহ৷ বৰ্তমান 
মৃতদেহ দুটা  মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

লখিমপুৰ খেৰীৰ আৰক্ষী অধীক্ষকে  সাংবাদিকক জনোৱা মতে, জুনেইদ, চোহেল, হাফিজুৰ ৰেহমান, কৰিমুদ্দিন, আৰিফ আৰু চোট্টু নামৰ অভিযুক্ত কেইজনক  ৰাতিটোৰ ভিতৰতে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছো।ইয়াৰে জুনেইদ আৰু চোহেল নামৰ দুই অভিযুক্তৰ দুয়োগৰাকী ভগ্নীৰ সৈতে ভাল সম্পৰ্ক আছিল  বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ 

প্ৰাথমিক অনুসন্ধান অনুসৰি, জুনেইদ আৰু চোহেলৰ অনুৰোধত বুধবাৰে আবেলি দুয়োগৰাকী ভগ্নীয়ে তেওঁলোকৰ ঘৰ এৰি গৈছিল। জুনেইদ আৰু চোহেলে স্বীকাৰ কৰিছে যে তেওঁলোকে কিশোৰী দুগৰাকীক  ধৰ্ষণ কৰিছিল আৰু শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল ৷ 

আনফালে কিশোৰী দুগৰাকীৰ পৰিয়ালৰ লোকে 
আৰক্ষীৰ ভূমিকাক লৈয়ো অসন্তুষ্টি প্ৰকাশ কৰিছে৷  পৰিয়ালৰ লোকৰ অনুমতি নোলোৱাকৈয়ে কিশোৰী দুগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হৈছিল৷ 

ইফালে, সমাজবাদী পাৰ্টি , কংগ্ৰেছ আৰু বহুজন সমাজ পাৰ্টিকে ধৰি বিৰোধী দলসমূহে ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে অপৰাধ হোৱাৰ  বাবে যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে৷  

চৰকাৰৰ ভুলৰ বাবেই  উত্তৰ প্ৰদেশত অপৰাধীসকল নিৰ্ভয়ে ঘূৰি ফুৰিছে বুলিও বি এছ পি দলৰ  মায়াৱতীয়ে মন্তব্য কৰে৷ লগতে  ৰাজ্য চৰকাৰক ইয়াৰ নীতি, পদ্ধতি আৰু অগ্ৰাধিকাৰৰ ক্ষেত্ৰত  প্ৰয়োজনীয় সংস্কাৰ কৰিবলৈ আহ্বান জনাইছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক