--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এফালে গো-মাতাৰ পূজনত ব্যস্ত যোগী আদিত্য নাথ , আনফালে ক্ৰমাৎ যোগীৰ ৰাজ্যত বৃদ্ধি পাইছে নাৰীৰ ওপৰত অত্যাচাৰ৷ অপৰাধমূলক ঘটনাৰ বাবে উত্তৰপ্ৰদেশ প্ৰায়েই শীৰ্ষত থাকে৷ ধৰ্ষণ -হত্যা উত্তৰ প্ৰদেশৰ বাবে নতুন ঘটনা নহয়৷ কিন্তু  ইয়াৰ মাজতে,এক লোমহৰ্ষক ধৰ্ষণ কাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ দেশ৷ 

বুধবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ এখন পথাৰত উদ্ধাৰ হ’ল দুগৰাকী ভগ্নীৰ মৃতদেহ৷ দুয়ো ভগ্নী দলিত সম্প্ৰদায়ৰ ৷ দুয়ো কিশোৰীক  গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষীয়৷  আৰক্ষীৰ সূত্ৰ অনুসৰি , ঘটনা সন্দৰ্ভত ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।খেৰীৰ  লালপুৰ মাজৰা তামোলী পূৰ্বা গাঁৱৰ কুঁহিয়াৰ পথাৰত গছত ওলমি আছিল দুই কিশোৰীৰ মৃতদেহ৷ বৰ্তমান 
মৃতদেহ দুটা  মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

লখিমপুৰ খেৰীৰ আৰক্ষী অধীক্ষকে  সাংবাদিকক জনোৱা মতে, জুনেইদ, চোহেল, হাফিজুৰ ৰেহমান, কৰিমুদ্দিন, আৰিফ আৰু চোট্টু নামৰ অভিযুক্ত কেইজনক  ৰাতিটোৰ ভিতৰতে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছো।ইয়াৰে জুনেইদ আৰু চোহেল নামৰ দুই অভিযুক্তৰ দুয়োগৰাকী ভগ্নীৰ সৈতে ভাল সম্পৰ্ক আছিল  বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ 

প্ৰাথমিক অনুসন্ধান অনুসৰি, জুনেইদ আৰু চোহেলৰ অনুৰোধত বুধবাৰে আবেলি দুয়োগৰাকী ভগ্নীয়ে তেওঁলোকৰ ঘৰ এৰি গৈছিল। জুনেইদ আৰু চোহেলে স্বীকাৰ কৰিছে যে তেওঁলোকে কিশোৰী দুগৰাকীক  ধৰ্ষণ কৰিছিল আৰু শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল ৷ 

আনফালে কিশোৰী দুগৰাকীৰ পৰিয়ালৰ লোকে 
আৰক্ষীৰ ভূমিকাক লৈয়ো অসন্তুষ্টি প্ৰকাশ কৰিছে৷  পৰিয়ালৰ লোকৰ অনুমতি নোলোৱাকৈয়ে কিশোৰী দুগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হৈছিল৷ 

ইফালে, সমাজবাদী পাৰ্টি , কংগ্ৰেছ আৰু বহুজন সমাজ পাৰ্টিকে ধৰি বিৰোধী দলসমূহে ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে অপৰাধ হোৱাৰ  বাবে যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে৷  

চৰকাৰৰ ভুলৰ বাবেই  উত্তৰ প্ৰদেশত অপৰাধীসকল নিৰ্ভয়ে ঘূৰি ফুৰিছে বুলিও বি এছ পি দলৰ  মায়াৱতীয়ে মন্তব্য কৰে৷ লগতে  ৰাজ্য চৰকাৰক ইয়াৰ নীতি, পদ্ধতি আৰু অগ্ৰাধিকাৰৰ ক্ষেত্ৰত  প্ৰয়োজনীয় সংস্কাৰ কৰিবলৈ আহ্বান জনাইছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু