--°C
Loading...
Listen to Article
2 min read
80%
আমাৰ কিবা হ'লে পৰিয়ালৰ যত্ন ল'ব... ইউক্ৰেইনত মৃত্যুৰ আশংকাত ভাৰতীয় ছাত্ৰ ডিজিটেল ডেস্ক : সাতদিনজোৰা যুদ্ধই জৰ্জৰিত কৰিছে ইউক্ৰেইন। দেশখনৰ প্ৰায়বোৰ প্ৰধান চহৰতে ৰুছ সৈন্যই তীব্ৰ বোমাবৰ্ষণ কৰি গৈছে। বিধ্বস্ত হৈছে ইটোৰ পাছত সিটো সুদৃশ্য অট্টালিকা। অগণিত লোকে প্ৰাণ হেৰুৱাইছে আগ্নেয়াস্ত্ৰৰ আঘাতত। বিধ্বস্ত হৈছে ঘৰ-বাৰী। ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণ আৰু প্ৰতিৰোধ সংগ্ৰামতো হানি হৈছে ধন-জনৰ। এই ৰক্তক্ষয়ী  মাজতে দেশখনত আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী। যুদ্ধৰ পৰা ৰক্ষা পাবলৈ নিৰাপদ স্থান বিচাৰি দিশহাৰা হৈ পৰিছে এইসকল ভাৰতীয়। দুজনকৈ ভাৰতীয় ছাত্ৰই প্ৰাণ হেৰুৱাবলগীয়াও হৈছে যুদ্ধজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত। সংকট অধিক ভয়াৱহ হৈ পৰাৰ আশংকা গাঢ় হৈ পৰাৰ লগে লগে এতিয়া দেশখনত থকা ভাৰতীয়সকলক তাতক্ষণিকভাৱে দেশখন এৰিবলৈ নিৰ্দেশ দিছে ভাৰতীয় দূতাবাসে। দূতাবাসে জাৰি কৰি দ্বিতীয়খন নিৰ্দেশনাত জৰুৰী নিৰ্দেশ দিয়া হৈছে সকলো ভাৰতীয় শিক্ষাৰ্থীক উদ্দেশ্যি। তেওঁলোকক উদ্দেশ্যি জাৰি কৰা এই নিৰ্দেশনাত কোৱা হৈছে যে, যিকোনো প্ৰকাৰে দেশখনৰ খাৰকিভ চহৰ পৰিত্যাগ কৰিব লাগে। খাৰকিভ এৰি পেছ’চিন, বাবায়ে আৰু বেজলয়ুডোভাকাত ইউক্ৰেইনৰ স্থানীয় সময় অনুসৰি সন্ধিয়া ছয় বজাৰ ভিতৰত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। যদি কোনো ছাত্ৰই যান-বাহনৰ যোগাৰ কৰিব নোৱাৰে তেন্তে তেওঁলোকক খোজকাঢ়ি হ’লেও কেইটামান নিৰ্দিষ্ট স্থানলৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে। দূতাবাসে নিৰ্দিষ্ট কৰি দিয়া ঠাইকেইখনৰ দূৰত্ব হৈছে ১০ৰপৰা ১৬ কিলোমিটাৰ। দূতাবাসৰ ফালৰ পৰা জাৰি কৰা নিৰ্দেশনাত কোৱা হয় যে, আমি দেশখনৰ পূব প্ৰান্তলৈ এটা উদ্ধাৰকাৰী দল প্ৰেৰণৰ ব্যৱস্থা কৰিছোঁ। ভাৰতীয়সকলক নিৰাপদে আঁতৰাই লৈ যোৱাৰ ব্যৱস্থা যাতে কৰিব পৰা যায়, তাৰ বাবে আমি সকলো সাধনৰ ব্যৱস্থা কৰিছোঁ। তাৰ ভিতৰত চি-১৭ আছে। আমি প্ৰতিগৰাকী ভাৰতীয়ৰে প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰিম। ইফালে, নিৰাপদ আশ্ৰয়ৰ সন্ধানত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। সংবাদ মাধ্যমৰ আগত এগৰাকী ছাত্ৰই বৰ্ণনা কৰা অনুসৰি তেওঁলোকৰ মূৰৰ ওপৰতে ৰুছ যুদ্ধ বিমান উৰি ফুৰিছে। কাষে-পাজৰ চলিছে আক্ৰমণ। তেওঁলোক লুকাবলৈ কোনো বাংকাৰো নাই। নিৰাপদ স্থানলৈ যাবৰ বাবে তেওঁলোকৰ সমীপতে ৰে’ল ৰৈ আছে যদিও তাত তেওঁলোকক উঠিবলৈ দিয়া হোৱা নাই। কেৱল ইউক্ৰেইনৰ নাগৰিকৰ বাবেহে ৰেল ষ্টেচনৰ এখন বা দুখন গেট খোলা ৰখা হৈছে। আনকি ভাৰতীয় ছাত্ৰক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। প্ৰগান নামৰ ছাত্ৰজন কয় যে, আমাৰ বাবে বন্দুক-গুলীহে আছে ৰে’ল নাই। আমি এইখিনিলৈ আহিবলৈ বহু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে। সহস্ৰাধিক ভাৰতীয় ৰে’ল ষ্টেচনত আবদ্ধ হৈ আছে। আমি ৰেলৰ বাবে অপেক্ষা কৰি আছোঁ। কিন্তু ইউক্ৰেইনৰ নিৰাপত্তাবাহিনীয়ে আমালৈ গুলী চলাইছে, আমাক গুৰিয়াইছে। আমাক তেওঁলোকে ৰে’ল উঠিবলৈ দিয়া নাই। মই গুলীৰ শব্দ শুনি আছোঁ। ভাৰত চৰকাৰক মই ইয়াকে ক’ব বিচাৰিছোঁ যে, যদি আমাৰ ইয়াত কিবা অঘটন ঘটে তেন্তে আমাৰ পৰিয়ালবোৰৰ যাতে তেওঁলোকে যত্ন লয়। আন একাধিক ছাত্ৰই ইউক্ৰেইনৰ নিৰাপত্তাবাহিনীয়ে তেওঁলোকক বাধা দিয়া আৰু নিৰ্যাতন কৰাৰ ভিডিঅ’ প্ৰেৰণ কৰিছে। এই পৰিস্থিতিয়ে এতিয়া ইউক্ৰেইনত যুদ্ধৰ মাজত আবদ্ধ ভাৰতীয়সকলৰ নিৰাপত্তাক লৈ আশংকা-উদ্বেগৰ সৃষ্টি হৈছে। তেওঁলোকক উদ্ধাৰৰ কাম ভাৰতে চলাই আছে যদিও ইউক্ৰেইনৰ ভূমিৰ পৰা উদ্ধাৰৰ স্থানলৈ যোৱাৰ বাটত তেওঁলোকে সন্মুখীন হোৱা এই ভয়ংকৰ পৰিস্থিতিয়ে অধিক সমস্যাৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক