--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু কেতিয়া আহে কোনেও নাজানে। যাত্ৰাপথত কেতিয়াবা ৰৈ থাকে মৃত্যুৰ দূত। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰে’লত যাত্ৰা কৰি প্ৰাণ গ’ল এজন ৩৫ বছৰীয়া যুৱকৰ। ঘটনাটো আলিগড়ত সংঘটিত হৈছে। জানিব পৰা মতে যুৱক জনে নীলাঞ্চল এক্সপ্ৰেছত যাত্ৰা কৰি আছিল। নীলাঞ্চল এক্সপ্ৰেছখন নিশা প্ৰায় ৯.৩০ বজাত আলিগড় ষ্টেচনৰ প্লেটফৰ্ম নম্বৰ-৩ত উপস্থিত হয়।

সোমনা আৰু ডাম্বৰ ৰে’ল ষ্টেচনৰ মাজত ডিঙিত লোহাৰ ৰ’ড সোমাই যুৱকজনৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ পাছত ৰেলখনত আতংকৰ সৃষ্টি হয়। ৰে’লখন ৰখাবলৈ পোৱাৰ আগতেই যাত্ৰীজনৰ মৃত্যু হয়। মৃত যাত্ৰীগৰাকী গোপীনাথপুৰ চুলতানপুৰৰ বুলি জানিব পৰা গৈছে। মৃত যুৱকজনৰ নাম হৰিকেশ ডুবে।

তেওঁ দিল্লীৰ পৰা আহি আছিল। ঘটনাৰ পাছতে ৰে’লৱেৰ বিষয়াসকল উপস্থিত হয় সেই স্থানত। ৰে’লপথৰ পৰা সেই স্থানতে নিৰ্মাণৰ কাম চলি থকা বুলি জানিব পৰা গৈছে। লোহাৰ ৰ’ডডালে ৰে’লৰ ডবাখনৰ গ্লাছ ভাঙি খিৰিকীৰ কাষৰ ছিটত বহি থকা হৰিকেশ ডুবেৰ ডিঙিত সোমাই ইপাৰ সিপাৰ হৈ যায়। যাৰ বাবে যুৱকজনৰ ততালিকে মৃত্যু হয়।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনাটোৰ ফলত বহু সময়ৰ বাবে সেই পথত ৰে’লৰ চলাচল বন্ধ কৰি দিয়া হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু