--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু কেতিয়া আহে কোনেও নাজানে। যাত্ৰাপথত কেতিয়াবা ৰৈ থাকে মৃত্যুৰ দূত। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰে’লত যাত্ৰা কৰি প্ৰাণ গ’ল এজন ৩৫ বছৰীয়া যুৱকৰ। ঘটনাটো আলিগড়ত সংঘটিত হৈছে। জানিব পৰা মতে যুৱক জনে নীলাঞ্চল এক্সপ্ৰেছত যাত্ৰা কৰি আছিল। নীলাঞ্চল এক্সপ্ৰেছখন নিশা প্ৰায় ৯.৩০ বজাত আলিগড় ষ্টেচনৰ প্লেটফৰ্ম নম্বৰ-৩ত উপস্থিত হয়।

সোমনা আৰু ডাম্বৰ ৰে’ল ষ্টেচনৰ মাজত ডিঙিত লোহাৰ ৰ’ড সোমাই যুৱকজনৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ পাছত ৰেলখনত আতংকৰ সৃষ্টি হয়। ৰে’লখন ৰখাবলৈ পোৱাৰ আগতেই যাত্ৰীজনৰ মৃত্যু হয়। মৃত যাত্ৰীগৰাকী গোপীনাথপুৰ চুলতানপুৰৰ বুলি জানিব পৰা গৈছে। মৃত যুৱকজনৰ নাম হৰিকেশ ডুবে।

তেওঁ দিল্লীৰ পৰা আহি আছিল। ঘটনাৰ পাছতে ৰে’লৱেৰ বিষয়াসকল উপস্থিত হয় সেই স্থানত। ৰে’লপথৰ পৰা সেই স্থানতে নিৰ্মাণৰ কাম চলি থকা বুলি জানিব পৰা গৈছে। লোহাৰ ৰ’ডডালে ৰে’লৰ ডবাখনৰ গ্লাছ ভাঙি খিৰিকীৰ কাষৰ ছিটত বহি থকা হৰিকেশ ডুবেৰ ডিঙিত সোমাই ইপাৰ সিপাৰ হৈ যায়। যাৰ বাবে যুৱকজনৰ ততালিকে মৃত্যু হয়।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনাটোৰ ফলত বহু সময়ৰ বাবে সেই পথত ৰে’লৰ চলাচল বন্ধ কৰি দিয়া হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক