--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসংসদৰ শীতকালীন অধিৱেশন  অহা ৭ ডিচেম্বৰৰ পৰা  আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আগন্তুক অধিৱেশনত ১৬ খন নতুন বিধেয়ক উত্থাপন কৰিবলৈ সাজু হৈছে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত লোকসভা আৰু ৰাজ্যসভা সচিবালয়লৈ এখন তালিকা প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত আছে বহু-ৰাজ্যিক সমবায় সমিতি, ৰাষ্ট্ৰীয় দন্ত আয়োগ, বন সুৰক্ষাৰ  আদি বি?সমূহৰ সৈতে জড়িত  বহু কেইখন  বিধেয়ক।

জানিব পৰা মতে নতুন বিধেয়ক কেই খনৰ ভিতৰত  ৰাষ্ট্ৰীয় দন্ত আয়োগ গঠন আৰু দন্ত চিকিৎসক আইন, ১৯৪৮ বাতিল কৰাৰ প্ৰস্তাৱ সম্পৰ্কীয় বিধেয়ক খনো আছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় নাৰ্চিং আয়োগ সম্পৰ্কীয় আন এখন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে৷ উক্ত বিধেয়ক খনে  ৰাষ্ট্ৰীয় নাৰ্চিং আয়োগ (এনএনএমচি) গঠন  আৰু ভাৰতীয় নাৰ্চিং পৰিষদ আইন ১৯৪৭ বাতিলৰ পথ প্ৰশস্ত কৰিব৷  ইয়াৰ উপৰি এখন  কেণ্টনমেণ্ট বিধেয়কো আছে। কেন্দ্ৰই কেণ্টনমেণ্ট অঞ্চলসমূহৰ নৱীকৰণৰ বাবে দুখন বিধেয়ক আনিব পাৰে। বিধেয়কখনৰ উদ্দেশ্য হৈছে সেনানিবাস অঞ্চলৰ অধিক আধুনিকীকৰণ আৰু উন্নয়ন।

কেন্দ্ৰই বহু-ৰাজ্যিক সমবায় সমিতি (সংশোধনী) বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ফলত  কোম্পানীবোৰত অধিক স্বচ্ছতা অনা সম্ভৱ হ'ব। ইয়াৰ উপৰি স্বাধীনতাৰ আগতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভূমি ব্যৱহাৰ কৰা হৈছিল। সেই ভূমিবোৰৰ উন্নত ব্যৱস্থাপনা নিশ্চিত কৰাৰ বাবে পুৰণি অনুদান (নিয়ন্ত্ৰণ) বিধেয়ক, ২০২২ উত্থাপন কৰা হ'ব। ইয়াৰ উপৰি বন সংৰক্ষণ আইনৰ সংশোধনী বিধেয়কো অনা হ'ব বুলি জানিব পৰা গৈছে৷

অধিৱেশনৰ সময়ত উত্তৰ-পূব জল ব্যৱস্থাপনা কৰ্তৃপক্ষ স্থাপনৰ বাবে এখন বিধেয়কো উত্থাপন কৰা হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে বিভিন্ন দলৰ নেতাসকলৰ এখন বৈঠক আহ্বান কৰিছে। বৈঠকত এনেবোৰ কাৰ্যসূচীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ'ব। ইয়াৰ উপৰি চৰকাৰে অনুসূচীত জনজাতিৰ সৈতে সম্পৰ্কিত চাৰিটা সংশোধনীও আনিব।  চৰকাৰে এই অধিৱেশনত জৈৱিক সংশোধনী বিধেয়ক আৰু সামুদ্ৰিক জলদস্যু বিৰোধী বিধেয়ক গৃহীত কৰাৰো চেষ্টা কৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement