--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এতিয়া কেৱল আৰ্জেণ্টিনাবাসীৰেই নয়নৰ মণি হৈ পৰা নাই, তেওঁ এতিয়া সমগ্ৰ বিশ্বৰ ফুটবলপ্ৰেমীৰ বাবে " হিৰো" ৷ হয়, তেওঁ মেছি,  লিঅ’নেল মেছি৷ দুৰন্ত্ ক্ৰীড়া প্ৰতিভাৰে বিশ্বকাপত আৰ্জেণ্টিনাক জয়ৰ সোৱাদ দিয়া মেছিক এইবাৰ ব্ৰাজিলেও দেশ খনৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰিব বিচাৰিছে৷ 

এই কথাই প্ৰমাণ কৰে যে  লিঅ’নেল  মেছিয়ে তেওঁৰ প্ৰতিভা আৰু ব্যক্তিত্বেৰে দল আৰু দেশক অতিক্ৰম কৰি সমগ্ৰ বিশ্বৰ হৃদয় জয় কৰিছে। ব্ৰাজিলে এইবাৰ তেওঁৰ সুন্দৰ প্ৰদৰ্শনক বিশেষ সন্মানেৰে  স্মৰণীয় কৰি ৰাখিব বিচাৰিছে।

আৰ্জেণ্টিনাত ভৰি দিয়াৰ পিছৰে পৰা আৰ্জেণ্টিনাৰ চুপাৰষ্টাৰ মেছিয়ে কেৱল  শুভেচ্ছা, অভ্যৰ্থনা আৰু মৰমেৰে মাজতে উটি-ভাঁহি আছে। এনে মৰমৰ মাজতে  তেওঁক এইবাৰ  ব্ৰাজিলৰ পৰা নিমন্ত্ৰণ জনোৱা হৈছে। এদিন পেলেকো দেশখনৰ বিখ্যাত মাৰাকানা ষ্টেডিয়ামত হল অফ ফেম গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল৷ এতিয়া সেই একেটা সন্মান গ্ৰহণৰ বাবে মেছিক আমন্ত্ৰণ জনাইছে ব্ৰাজিলে৷ উল্লেখ্য  মেছিৰ আৰ্জেণ্টিনাই যোৱা বছৰ এই ঐতিহাসিক ষ্টেডিয়ামখনতে  ঘৰুৱা ফেভাৰিট ব্ৰাজিলক পৰাস্ত কৰি কোপা এমেৰিকা কাপ জিকিছিল। সেই খন  ষ্টেডিয়ামলৈয়েই মেছিক  'হল অফ ফেম' সন্মান গ্ৰহণৰ বাবে  অনুৰোধ জনোৱা হৈছে৷ 

যদি মেছিয়ে ব্ৰাজিলৰ আমন্ত্ৰণ গ্ৰহণ কৰে  তেন্তে এক নতুন ইতিহাস সৃষ্টি হ'ব। ষ্টেডিয়ামখনত কিংবদন্তী পেলে, গাৰিঞ্চা, ৰোনাল্ডো, চিলিৰ ইলিয়াছ ফিগুৰোৱা, ছাৰ্বিয়াৰ ডি পেটকোভিচ, পৰ্তুগালৰ ইউচেবিঅ, উৰুগুৱেৰ চেবাষ্টিয়ান আব্ৰেউ, ফ্ৰান্সৰ বেকেনবাউয়াৰকো একে সন্মানেৰেই সন্মানিত কৰা হৈছিল৷ উল্লেখ্য ৩৬ বছৰীয়া অপেক্ষাৰ পিছত এইবাৰ  বিশ্বকাপ আৰ্জেণ্টিনাৰ হাতলৈ  আহিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু