--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এতিয়া কেৱল আৰ্জেণ্টিনাবাসীৰেই নয়নৰ মণি হৈ পৰা নাই, তেওঁ এতিয়া সমগ্ৰ বিশ্বৰ ফুটবলপ্ৰেমীৰ বাবে " হিৰো" ৷ হয়, তেওঁ মেছি,  লিঅ’নেল মেছি৷ দুৰন্ত্ ক্ৰীড়া প্ৰতিভাৰে বিশ্বকাপত আৰ্জেণ্টিনাক জয়ৰ সোৱাদ দিয়া মেছিক এইবাৰ ব্ৰাজিলেও দেশ খনৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰিব বিচাৰিছে৷ 

এই কথাই প্ৰমাণ কৰে যে  লিঅ’নেল  মেছিয়ে তেওঁৰ প্ৰতিভা আৰু ব্যক্তিত্বেৰে দল আৰু দেশক অতিক্ৰম কৰি সমগ্ৰ বিশ্বৰ হৃদয় জয় কৰিছে। ব্ৰাজিলে এইবাৰ তেওঁৰ সুন্দৰ প্ৰদৰ্শনক বিশেষ সন্মানেৰে  স্মৰণীয় কৰি ৰাখিব বিচাৰিছে।

আৰ্জেণ্টিনাত ভৰি দিয়াৰ পিছৰে পৰা আৰ্জেণ্টিনাৰ চুপাৰষ্টাৰ মেছিয়ে কেৱল  শুভেচ্ছা, অভ্যৰ্থনা আৰু মৰমেৰে মাজতে উটি-ভাঁহি আছে। এনে মৰমৰ মাজতে  তেওঁক এইবাৰ  ব্ৰাজিলৰ পৰা নিমন্ত্ৰণ জনোৱা হৈছে। এদিন পেলেকো দেশখনৰ বিখ্যাত মাৰাকানা ষ্টেডিয়ামত হল অফ ফেম গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল৷ এতিয়া সেই একেটা সন্মান গ্ৰহণৰ বাবে মেছিক আমন্ত্ৰণ জনাইছে ব্ৰাজিলে৷ উল্লেখ্য  মেছিৰ আৰ্জেণ্টিনাই যোৱা বছৰ এই ঐতিহাসিক ষ্টেডিয়ামখনতে  ঘৰুৱা ফেভাৰিট ব্ৰাজিলক পৰাস্ত কৰি কোপা এমেৰিকা কাপ জিকিছিল। সেই খন  ষ্টেডিয়ামলৈয়েই মেছিক  'হল অফ ফেম' সন্মান গ্ৰহণৰ বাবে  অনুৰোধ জনোৱা হৈছে৷ 

যদি মেছিয়ে ব্ৰাজিলৰ আমন্ত্ৰণ গ্ৰহণ কৰে  তেন্তে এক নতুন ইতিহাস সৃষ্টি হ'ব। ষ্টেডিয়ামখনত কিংবদন্তী পেলে, গাৰিঞ্চা, ৰোনাল্ডো, চিলিৰ ইলিয়াছ ফিগুৰোৱা, ছাৰ্বিয়াৰ ডি পেটকোভিচ, পৰ্তুগালৰ ইউচেবিঅ, উৰুগুৱেৰ চেবাষ্টিয়ান আব্ৰেউ, ফ্ৰান্সৰ বেকেনবাউয়াৰকো একে সন্মানেৰেই সন্মানিত কৰা হৈছিল৷ উল্লেখ্য ৩৬ বছৰীয়া অপেক্ষাৰ পিছত এইবাৰ  বিশ্বকাপ আৰ্জেণ্টিনাৰ হাতলৈ  আহিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক