--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এমবিবিএছৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে শীঘ্ৰে সলনি হ’ব পৰীক্ষাৰ পদ্ধতি। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (এনএমচি) অহা দুই-তিনি সপ্তাহৰ ভিতৰত বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় প্ৰস্থান পৰীক্ষা (নেক্সট) সম্পৰ্কীয় বিতং নিৰ্দেশনা প্ৰকাশ কৰিবলৈ সাজু হৈছে।  চিকিৎসা শিক্ষা নিয়ন্ত্ৰকৰ জ্যেষ্ঠ বিষয়াসকলে এই কথা প্ৰকাশ কৰিছে। 

অন্তিম বৰ্ষৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ এমবিবিএছ পৰীক্ষা, ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (এনইইটি) পিজি আৰু বিদেশী চিকিৎসা স্নাতক পৰীক্ষা (এফএমজিই)ৰ স্থান ল'ব লগীয়া এই পৰীক্ষা ২০২৪ চনৰ পৰা আৰম্ভ হ'ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে। এনএমচিয়ে এইমছক এই  পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে বুলিও প্ৰকাশ কৰে। 

এম.বি.বি.এছ.-ৰ অন্তিম বৰ্ষত সকলো শিক্ষাৰ্থী, আৰু যিসকলে ভাৰতৰ বাহিৰত এম.বি.বি.এছ. অধ্যয়ন কৰে আৰু ভাৰতত অনুশীলন কৰাৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত লাভ  কৰিব বিচাৰে, তেওঁলোকেও এই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।  এই পৰীক্ষা  দুটা ভাগত অনুষ্ঠিত হ'ব। এই পৰীক্ষাই  বিশ্ববিদ্যালয় পৰ্যায়ৰ চূড়ান্ত পৰীক্ষাৰ স্থান ল'ব আৰু এমবিবিএছৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীয়ে এই পৰীক্ষাত বহিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে