--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন নিৰ্বাচিত চৰকাৰ অবিহনেই জম্মু-কাশ্মীৰে পাৰ কৰিলে পাঁচটা বছৰ।  সোমবাৰে নিৰ্বাচিত চৰকাৰ অবিহনেই কাশ্মীৰে পাঁচ বছৰ সম্পূৰ্ণ কৰিলে।কেন্দ্ৰীয় শাসিত অঞ্চলটোত  গণতন্ত্ৰ স্থাপনত  পলম হোৱাৰ বাবে উপত্যকাটোৰ ৰাজনৈতিক দল নেচনেল কনফাৰেন্স আৰু পিপলছ ডেমক্ৰেটিক পাৰ্টিয়ে কেন্দ্ৰক  তীব্ৰ সমালোচনা কৰে।  

৫ আগষ্ট, ২০১৯ত  কেন্দ্ৰই জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০  প্ৰত্যাহাৰ কৰিছিল।সেইমৰ্মে ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল - জম্মু আৰু কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰা হৈছিল।মিত্ৰজোঁটৰ অংশীদাৰ বিজেপিয়ে পিডিপিৰ  মিত্ৰজোঁটৰ চৰকাৰৰ পৰা  সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতে পিডিপিৰ সভানেত্ৰী  মেহবুবা মুফতী ১৯  জুন, ২০১৮ত  মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল।  এক টুইটত নেচনেল কনফাৰেন্সৰ (এনচি) উপ-সভাপতি ওমৰ আব্দুল্লাই সোমবাৰে কয় যে জম্মু-কাশ্মীৰত  গণতন্ত্ৰৰ সমাপ্তি ঘটিছে।

তেওঁ কয় "গণতন্ত্ৰ আমাৰ শিৰাত আছে, ই আমাৰ সংস্কৃতিত আছে'; ? ভাৰত গণতন্ত্ৰৰ মাতৃ'; ? ভাৰত হৈছে গণতন্ত্ৰৰ মন্দিৰ'।  আজি কেন্দ্ৰীয় শাসনৰ অধীনত কাশ্মীৰে ৫ বছৰ সম্পূৰ্ণ কৰিলে। কাশ্মীৰত  আৰম্ভ হৈছে গণতন্ত্ৰৰ সমাপ্তি ," । 

পিডিপিৰ মুখপাত্ৰ মোহিত ভানে কয় যে সমগ্ৰ দেশে লাজত মূৰটো ওলোমাই দোৱাই  ৰখা উচিত। "সমগ্ৰ ৰাষ্ট্ৰ আৰু ইয়াৰ নেতৃত্বই নিজকে 'গণতন্ত্ৰৰ মাতৃ' বুলি কোৱাৰ বাবে লাজত মূৰ দোৱাই ৰাখিব লাগিব। " তেওঁ এটা টুইটত কয়।

ইফালে, জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)কে ধৰি সকলো ৰাজনৈতিক দলে দাবী শক্তিশালী হৈ পৰিছে। জম্মু আৰু কাশ্মীৰৰ অন্তিম বাৰৰ বাবে বিধানসভা নিৰ্বাচন ২০১৪ চনত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement