--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন নিৰ্বাচিত চৰকাৰ অবিহনেই জম্মু-কাশ্মীৰে পাৰ কৰিলে পাঁচটা বছৰ।  সোমবাৰে নিৰ্বাচিত চৰকাৰ অবিহনেই কাশ্মীৰে পাঁচ বছৰ সম্পূৰ্ণ কৰিলে।কেন্দ্ৰীয় শাসিত অঞ্চলটোত  গণতন্ত্ৰ স্থাপনত  পলম হোৱাৰ বাবে উপত্যকাটোৰ ৰাজনৈতিক দল নেচনেল কনফাৰেন্স আৰু পিপলছ ডেমক্ৰেটিক পাৰ্টিয়ে কেন্দ্ৰক  তীব্ৰ সমালোচনা কৰে।  

৫ আগষ্ট, ২০১৯ত  কেন্দ্ৰই জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০  প্ৰত্যাহাৰ কৰিছিল।সেইমৰ্মে ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল - জম্মু আৰু কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰা হৈছিল।মিত্ৰজোঁটৰ অংশীদাৰ বিজেপিয়ে পিডিপিৰ  মিত্ৰজোঁটৰ চৰকাৰৰ পৰা  সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতে পিডিপিৰ সভানেত্ৰী  মেহবুবা মুফতী ১৯  জুন, ২০১৮ত  মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল।  এক টুইটত নেচনেল কনফাৰেন্সৰ (এনচি) উপ-সভাপতি ওমৰ আব্দুল্লাই সোমবাৰে কয় যে জম্মু-কাশ্মীৰত  গণতন্ত্ৰৰ সমাপ্তি ঘটিছে।

তেওঁ কয় "গণতন্ত্ৰ আমাৰ শিৰাত আছে, ই আমাৰ সংস্কৃতিত আছে'; ? ভাৰত গণতন্ত্ৰৰ মাতৃ'; ? ভাৰত হৈছে গণতন্ত্ৰৰ মন্দিৰ'।  আজি কেন্দ্ৰীয় শাসনৰ অধীনত কাশ্মীৰে ৫ বছৰ সম্পূৰ্ণ কৰিলে। কাশ্মীৰত  আৰম্ভ হৈছে গণতন্ত্ৰৰ সমাপ্তি ," । 

পিডিপিৰ মুখপাত্ৰ মোহিত ভানে কয় যে সমগ্ৰ দেশে লাজত মূৰটো ওলোমাই দোৱাই  ৰখা উচিত। "সমগ্ৰ ৰাষ্ট্ৰ আৰু ইয়াৰ নেতৃত্বই নিজকে 'গণতন্ত্ৰৰ মাতৃ' বুলি কোৱাৰ বাবে লাজত মূৰ দোৱাই ৰাখিব লাগিব। " তেওঁ এটা টুইটত কয়।

ইফালে, জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)কে ধৰি সকলো ৰাজনৈতিক দলে দাবী শক্তিশালী হৈ পৰিছে। জম্মু আৰু কাশ্মীৰৰ অন্তিম বাৰৰ বাবে বিধানসভা নিৰ্বাচন ২০১৪ চনত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু