--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) এনচিপিৰ অজিত পাৱাৰ গোটৰ নেতা ছগন ভুজবল আৰু তেওঁৰ ভতিজাক সমীৰ ভুজবলৰ বিৰুদ্ধে দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰিছে। ছগন ভুজবলে  কিছুদিন পূৰ্বে  শাৰদ পাৱাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। 

ইডিয়ে ভুজবলৰ বিৰুদ্ধে  ২০১৮ চনত প্ৰদান কৰা আদেশ বাতিল কৰিবলৈও বিচাৰিছে।  ইডিয়ে ভুজবল আৰু তেওঁৰ ভতিজাক সমীৰৰ বিৰুদ্ধে কৰা আবেদন প্ৰত্যাহাৰ কৰিছেযদিও ভুজবলৰ  পুত্ৰ পংকজ ভুজবলৰ বিৰুদ্ধে আবেদন প্ৰত্যাহাৰ কৰা নাই।  ছগন ভুজবল বৰ্তমান মহাৰাষ্ট্ৰৰ বিজেপি-শিৱসেনা-এনচিপি চৰকাৰৰ মন্ত্ৰীসভাৰ অংশ। 

চলিত বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰত যেতিয়া ২০১৮ চনত ইডিয়ে  দাখিল কৰা আবেদনখনৰ শুনানিৰ বাবে আহিছিল, ইডিয়ে আদালতক কৈছিল যে ই ভুজবল আৰু তেওঁৰ ভতিজাকৰ বিৰুদ্ধে দাখিল কৰা  আবেদন প্ত্যাহাৰ কৰিব বিচাৰিছে।

২০২৩ চনৰ ২৯ নৱেম্বৰত ইডিৰ হৈ অধিবক্তা হৰ্ষ ডেধিয়াই উচ্চ ন্যায়ালয়ত উপস্থিত আছিল  আৰু আবেদনসমূহ প্ৰত্যাহাৰ কৰিবলৈ তেওঁ  আবেদন জনাইছিল। কিন্তু কি কাৰণত ইডিয়ে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰিব বিচাৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক