--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) এনচিপিৰ অজিত পাৱাৰ গোটৰ নেতা ছগন ভুজবল আৰু তেওঁৰ ভতিজাক সমীৰ ভুজবলৰ বিৰুদ্ধে দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰিছে। ছগন ভুজবলে  কিছুদিন পূৰ্বে  শাৰদ পাৱাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। 

ইডিয়ে ভুজবলৰ বিৰুদ্ধে  ২০১৮ চনত প্ৰদান কৰা আদেশ বাতিল কৰিবলৈও বিচাৰিছে।  ইডিয়ে ভুজবল আৰু তেওঁৰ ভতিজাক সমীৰৰ বিৰুদ্ধে কৰা আবেদন প্ৰত্যাহাৰ কৰিছেযদিও ভুজবলৰ  পুত্ৰ পংকজ ভুজবলৰ বিৰুদ্ধে আবেদন প্ৰত্যাহাৰ কৰা নাই।  ছগন ভুজবল বৰ্তমান মহাৰাষ্ট্ৰৰ বিজেপি-শিৱসেনা-এনচিপি চৰকাৰৰ মন্ত্ৰীসভাৰ অংশ। 

চলিত বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰত যেতিয়া ২০১৮ চনত ইডিয়ে  দাখিল কৰা আবেদনখনৰ শুনানিৰ বাবে আহিছিল, ইডিয়ে আদালতক কৈছিল যে ই ভুজবল আৰু তেওঁৰ ভতিজাকৰ বিৰুদ্ধে দাখিল কৰা  আবেদন প্ত্যাহাৰ কৰিব বিচাৰিছে।

২০২৩ চনৰ ২৯ নৱেম্বৰত ইডিৰ হৈ অধিবক্তা হৰ্ষ ডেধিয়াই উচ্চ ন্যায়ালয়ত উপস্থিত আছিল  আৰু আবেদনসমূহ প্ৰত্যাহাৰ কৰিবলৈ তেওঁ  আবেদন জনাইছিল। কিন্তু কি কাৰণত ইডিয়ে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰিব বিচাৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক