--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰতিবাদৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব হৈছে  নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)। বিশ্ববিদ্যালয় খনত প্ৰতিবাদ নিষিদ্ধ কৰা হৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শেহতীয়াকৈ জাৰি কৰা  নিৰ্দেশনা অনুসৰি  বিশ্ববিদ্যালয় চৌহদৰ বহু  অঞ্চলত কোনো প্ৰদৰ্শন বা প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিব পৰা নাযাব ।

যদি শিক্ষাৰ্থীসকলে এই  নিয়ম অনুসৰণ নকৰে তেন্তে তেওঁলোকক বহিষ্কাৰ কৰা হ'ব পাৰে। জেএনইউ ছাত্ৰ সন্থাই এই আদেশৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে। অৱশ্যেৃ কৰ্তৃপক্ষই দাবী কৰে যে এই পদক্ষেপটো শিক্ষাৰ পৰিৱেশ বৰ্তাই  ৰখাৰ বাবেহে গ্ৰহণ কৰা হৈছে।

বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ কাষৰীয়া অঞ্চলসমূহত ইতিমধ্যে প্ৰতিবাদ নিষিদ্ধ কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভৱনটোৰ ১০০  মিটাৰ ভিতৰত কোনো প্ৰতিবাদী কাৰ্যসূচী  অনুষ্ঠিত কৰিব পৰা নাযাব। কিন্তু নতুন নিৰ্দেশনা অনুসৰি, শ্ৰেণীকোঠা বা পৰীক্ষাগাৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰতিবাদ কৰিব নোৱাৰিব। এই নিয়ম যিকোনো শৈক্ষিক ভৱনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

 ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয়খনৰ  শিক্ষাৰ্থীসকলে নতুন নিৰ্দেশনা অনুসৰণ নকৰিলে  শাস্তিৰ সন্মুখীন হ'ব। তেওঁলোকক বহিষ্কাৰ কৰা হ'ব পাৰে। ২০,০০০টকাৰ জৰিমনাও আৰোপ কৰা হ'ব পাৰে। চৌহদত দেশবিৰোধী কাৰ্যকলাপৰ বাবে জৰিমনা হ'ব ১০,০০০ টকা। 

বিশ্ববিদ্যালয়ৰ সূত্ৰ অনুসৰি অক্টোবৰত চৌহদৰ ভিতৰত একাংশই   দেশবিৰোধী শ্ল'গান দিছিল। ঘটনাটোৰ তদন্তৰ পিছতে এই বিষয়ত  নতুন নিৰ্দেশনা জাৰি কৰিছিল। বিশ্ববিদ্যালয়ৰ  কেইবাটাও অঞ্চল আছে য'ত শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰিব পাৰে। মন কৰিবলগীয়া যে বাওঁপন্থী দলৰ আধিপত্য থকা বিশ্ববিদ্যালয়খনত একাধিকবাৰ বৃহৎ  প্ৰতিবাদ হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক