--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰতিবাদৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব হৈছে  নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)। বিশ্ববিদ্যালয় খনত প্ৰতিবাদ নিষিদ্ধ কৰা হৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শেহতীয়াকৈ জাৰি কৰা  নিৰ্দেশনা অনুসৰি  বিশ্ববিদ্যালয় চৌহদৰ বহু  অঞ্চলত কোনো প্ৰদৰ্শন বা প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিব পৰা নাযাব ।

যদি শিক্ষাৰ্থীসকলে এই  নিয়ম অনুসৰণ নকৰে তেন্তে তেওঁলোকক বহিষ্কাৰ কৰা হ'ব পাৰে। জেএনইউ ছাত্ৰ সন্থাই এই আদেশৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে। অৱশ্যেৃ কৰ্তৃপক্ষই দাবী কৰে যে এই পদক্ষেপটো শিক্ষাৰ পৰিৱেশ বৰ্তাই  ৰখাৰ বাবেহে গ্ৰহণ কৰা হৈছে।

বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ কাষৰীয়া অঞ্চলসমূহত ইতিমধ্যে প্ৰতিবাদ নিষিদ্ধ কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভৱনটোৰ ১০০  মিটাৰ ভিতৰত কোনো প্ৰতিবাদী কাৰ্যসূচী  অনুষ্ঠিত কৰিব পৰা নাযাব। কিন্তু নতুন নিৰ্দেশনা অনুসৰি, শ্ৰেণীকোঠা বা পৰীক্ষাগাৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰতিবাদ কৰিব নোৱাৰিব। এই নিয়ম যিকোনো শৈক্ষিক ভৱনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

 ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয়খনৰ  শিক্ষাৰ্থীসকলে নতুন নিৰ্দেশনা অনুসৰণ নকৰিলে  শাস্তিৰ সন্মুখীন হ'ব। তেওঁলোকক বহিষ্কাৰ কৰা হ'ব পাৰে। ২০,০০০টকাৰ জৰিমনাও আৰোপ কৰা হ'ব পাৰে। চৌহদত দেশবিৰোধী কাৰ্যকলাপৰ বাবে জৰিমনা হ'ব ১০,০০০ টকা। 

বিশ্ববিদ্যালয়ৰ সূত্ৰ অনুসৰি অক্টোবৰত চৌহদৰ ভিতৰত একাংশই   দেশবিৰোধী শ্ল'গান দিছিল। ঘটনাটোৰ তদন্তৰ পিছতে এই বিষয়ত  নতুন নিৰ্দেশনা জাৰি কৰিছিল। বিশ্ববিদ্যালয়ৰ  কেইবাটাও অঞ্চল আছে য'ত শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰিব পাৰে। মন কৰিবলগীয়া যে বাওঁপন্থী দলৰ আধিপত্য থকা বিশ্ববিদ্যালয়খনত একাধিকবাৰ বৃহৎ  প্ৰতিবাদ হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক