--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে সকিয়নী প্ৰেৰণ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহক৷ কৰ্ণাটকৰ নিৰ্বাচনত শ্বাহে কৰা এটা মন্তব্যক সমালোচনা কৰিছে ন্যায়ালয়ে৷

উল্লেখ্য যে কৰ্ণাটক নিৰ্বাচনৰ প্ৰচাৰত ৰাজ্যখনত মুছলমানসকলৰ বাবে থকা সংবিধানস্বীকৃত সংৰক্ষণ ব্যৱস্থা উঠাই লোৱা হ’ব বুলি অমিত শ্বাহে মন্তব্য কৰিছিল৷ ইয়াৰ বিৰোধিতা কৰি এনে বক্তব্য নিদিবলৈ সকীয়াই দিলে উচ্চতম ন্যায়ালয়ে।

ন্যায়ালয়ে কয় যে কৰ্ণাটকত ৪% মুছলমানৰ সংৰক্ষণ আঁতৰোৱাৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক মন্তব্য কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিলে যে এই মুহূৰ্তত সমগ্ৰ বিষয়টোৰ বিচাৰ চলি আছে। এই প্ৰেক্ষাপটত কোনো ৰাজনৈতিক মন্তব্য কৰাটো উপযুক্ত নহয়।

ন্যায়াধীশ কে এম জোচেফ বি ভি নাগাৰত্ন আৰু আছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে কয় যে সমগ্ৰ বিষয়টো আদালতৰ বিচাৰাধীন হৈ আছে। তদুপৰি কৰ্ণাটকত মুছলমানৰ সংৰক্ষণৰ সন্দৰ্ভত আদালতৰ নিৰ্দেশ আছে। তেনে ক্ষেত্ৰত কোনো ৰাজনৈতিক মন্তব্য কৰাটো সঠিক নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ