--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাত সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা৷ ৮ গৰাকীকৈ স্কুলীয়া শিক্ষাৰ্থীয়ে ধাৰাবাহিক আত্মহত্যা কৰিছে৷ এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ তেলেংগনা ৰাজ্য।
 
উল্লেখ্য যে দুদিন পূৰ্বে ৰাজ্যখনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল৷ তাৰ পিছতে ছাত্ৰ-ছাত্ৰীকেইজনে আত্মহত্যা কৰিছে৷

ৰাজ্যখনত চাৰিগৰাকী ছাত্ৰীসহ মুঠ ৮ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ বিপৰীতে মঙলবাৰে আন দুগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা চলাইছে।

আত্মহত্যা কৰা ৮ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৫ গৰাকী ৰাজ্যৰ ৰাজধানী হায়দৰাবাদৰ আৰু বাকীকেইগৰাকী নিজামবাদ, ৱানাপাৰ্থী আৰু জগটিয়ালৰ। আনহাতে আত্মহত্যাৰ চেষ্টা চলোৱা ছাত্ৰী দুগৰাকী ছাংগাৰেডী আৰু ৱানাপাৰ্থীৰ।

উল্লেখ্য যে দুসপ্তাহ আগতেও অন্ধ্ৰ প্ৰদেশত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ ৪৮ ঘণ্টাৰ ভিতৰতে ৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল।

ইয়ালৈ লক্ষ্য ৰাখি চৰকাৰে আত্মহত্যা ৰোধ কৰিবলৈ একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলক মানসিক চাপ আৰু উদ্বেগ দূৰ কৰাত সহায় কৰিবলৈ ২৪ ঘণ্টাই কাম কৰা এটা কোষ তৈয়াৰ কৰিছে তেলেংগনাৰ চৰকাৰে। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দিবলৈ টোল ফ্ৰী হেল্পলাইন (১৪৪১৬)ও আছে।

তাৰপাছতো এই ঘটনা সংঘটিত হোৱাত সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে