--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাত সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা৷ ৮ গৰাকীকৈ স্কুলীয়া শিক্ষাৰ্থীয়ে ধাৰাবাহিক আত্মহত্যা কৰিছে৷ এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ তেলেংগনা ৰাজ্য।
 
উল্লেখ্য যে দুদিন পূৰ্বে ৰাজ্যখনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল৷ তাৰ পিছতে ছাত্ৰ-ছাত্ৰীকেইজনে আত্মহত্যা কৰিছে৷

ৰাজ্যখনত চাৰিগৰাকী ছাত্ৰীসহ মুঠ ৮ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ বিপৰীতে মঙলবাৰে আন দুগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা চলাইছে।

আত্মহত্যা কৰা ৮ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৫ গৰাকী ৰাজ্যৰ ৰাজধানী হায়দৰাবাদৰ আৰু বাকীকেইগৰাকী নিজামবাদ, ৱানাপাৰ্থী আৰু জগটিয়ালৰ। আনহাতে আত্মহত্যাৰ চেষ্টা চলোৱা ছাত্ৰী দুগৰাকী ছাংগাৰেডী আৰু ৱানাপাৰ্থীৰ।

উল্লেখ্য যে দুসপ্তাহ আগতেও অন্ধ্ৰ প্ৰদেশত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ ৪৮ ঘণ্টাৰ ভিতৰতে ৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল।

ইয়ালৈ লক্ষ্য ৰাখি চৰকাৰে আত্মহত্যা ৰোধ কৰিবলৈ একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলক মানসিক চাপ আৰু উদ্বেগ দূৰ কৰাত সহায় কৰিবলৈ ২৪ ঘণ্টাই কাম কৰা এটা কোষ তৈয়াৰ কৰিছে তেলেংগনাৰ চৰকাৰে। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দিবলৈ টোল ফ্ৰী হেল্পলাইন (১৪৪১৬)ও আছে।

তাৰপাছতো এই ঘটনা সংঘটিত হোৱাত সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু