--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ফেটি লিভাৰ হৈছে এক গুৰুতৰ ৰোগ। বহু লোক এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। গতিকে প্ৰতিজন ব্যক্তিয়েই এই ৰোগক লৈ সজাগ আৰু সচেতন হ’ব লাগিব। এনেক্ষেত্ৰত যদি কোনো লক্ষণ দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে।

 আচলতে ফেটি লিভাৰ ৰোগবিধ প্ৰধানতঃ দুটা ভাগত বিভক্ত। প্ৰথমে আহিছো এলকহলিক ফেটি লিভাৰ ডিজিজ (Alcoholic Fatty Liver Disease)। এইক্ষেত্ৰত যকৃতত চৰ্বি জমা হোৱাৰ কাৰণ হ’ল-মদ্যপান। এতিয়া বহুতে ভাবে যে বিয়েৰ খালে কোনো সমস্যা নহয়। কিন্তু বিয়েৰ খোৱাৰ পাছতো লিভাৰত চৰ্বি জমা হ’ব পাৰে। আনটো হ’ল ননএলকহলিক ফেটি লিভাৰ ডিজিজ (Non Alcoholic Fatty Liver Disease)। এই ৰোগৰ আঁৰত দৈনন্দিন খাদ্যাভ্যাস আৰু জীৱনশৈলৰ ওপৰতো বহুখিনি নিৰ্ভৰশীল।

 পূৰ্বতে বয়সস্থ লোকৰ ক্ষেত্ৰত এই ৰোগ দেখা গৈছিল। কিন্তু এতিয়া শিশুৰ মাজতো এই সমস্যা গঢ় লৈ উঠিছে। বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ আশীষ মিত্ৰই কয় যে এইসকল ৰোগীয়ে বেছিভাগ সময়তে নিজৰ খাদ্যাভ্যাসৰ ওপৰত চকু ৰাখিব লাগে।

 ১. তেলৰ খাদ্য নিয়্ন্ত্ৰণ কৰক-

ডাঃ মিত্ৰৰ মতে এয়া এক অতি ডাঙৰ প্ৰশ্ন। এনে ক্ষেত্ৰত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। আচলতে তেল চৰ্বিযুক্ত। এই চৰ্বিয়ে বহুক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে। তেল শৰীৰত চৰ্বি হিচাপে জমা হৈ থাকে। ফলত সেই চৰ্বি গোটেই শৰীৰত জমা হৈ পৰে। যদি আপোনাৰ Abdominal Fat আছে তেন্তে লিভাৰত চৰ্বি জমা হোৱাৰ সম্ভাৱনা অধিক।

 ২. কিমান পৰিমাণৰ তেল খাব পাৰি?

ডাঃ মিত্ৰই কয়, এইক্ষেত্ৰত দৈনিক তেলৰ ব্যৱহাৰৰ এক নিয়ন্ত্ৰিত হিচাপ থকা উচিত। বহুত কমাব পাৰিলে ভাল। কিন্তু সেয়া সম্ভৱ নহ’লেও এজন ব্যক্তিয়ে প্ৰতিদিনে মুঠ ৫ চামুচ তেল খাব পাৰে। যাৰ বাবে সমস্যাটো আংশিক নিৰ্মূল কৰিব পৰা যায়।

 ৩. কি তেল খাব?

ডাঃ মিত্ৰৰ মতে অলিভ অইল, কেনুলা, সূৰ্যমুখী আদি খাব পাৰি। কিন্তু বনস্পতি, ঘিউ, পাম তেল, পনীৰ আদিৰ পৰা আঁতৰি থাকিব লাগে। এই তেলীয়া খাদ্যই সমস্যাৰ সৃষ্টি কৰিব পাৰে।

 ৪. খাদ্য প্ৰণালী-

এনে অৱস্থাত খোৱা-বোৱা সঠিকভাৱে কৰিব লাগে। এইক্ষেত্ৰত আপুনি সাৱধান হ’ব লাগিব। আচলতে ফাষ্টফুডৰ পৰা বাচি চলাৰ লগতে Reddit এৰাই চলক আৰু সেউজীয়া শাক-পাচলি, ফলমূল আদি যথেষ্ট পৰিমাণে খাদ্য খাব লাগে। তেতিয়াহ’লেহে সমস্যাটোৰ পৰা বাচি থাকিব পাৰি।

 ডাঃ মিত্ৰৰ মতে এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট ব্যায়ামৰ প্ৰয়োজন। এনেক্ষেত্ৰত দিনটোত ৪৫ মিনিট ব্যায়াম কৰিব লাগে। তদুপৰি যদি চাইকেল চলোৱা, সাঁতোৰৰ দৰে ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ে, তেন্তে মাত্ৰ ৩০ মিনিটতে সমস্যাটো দূৰ কৰা সম্ভৱ হ’ব পাৰে। গতিকে চিন্তাৰ কোনো কাৰণ নাই। দৈনিক ব্যায়াম কৰিও আপুনিও সুস্থ আৰু সবল হৈ থাকিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ