--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ফেটি লিভাৰ হৈছে এক গুৰুতৰ ৰোগ। বহু লোক এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। গতিকে প্ৰতিজন ব্যক্তিয়েই এই ৰোগক লৈ সজাগ আৰু সচেতন হব লাগিব। এনেক্ষেত্ৰত যদি কোনো লক্ষণ দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লব পাৰে।

 আচলতে ফেটি লিভাৰ ৰোগবিধ প্ৰধানতঃ দুটা ভাগত বিভক্ত। প্ৰথমে আহিছো এলকহলিক ফেটি লিভাৰ ডিজিজ (Alcoholic Fatty Liver Disease)। এইক্ষেত্ৰত যকৃতত চৰ্বি জমা হোৱাৰ কাৰণ হ’ল-মদ্যপান। এতিয়া বহুতে ভাবে যে বিয়েৰ খালে কোনো সমস্যা নহয়। কিন্তু বিয়েৰ খোৱাৰ পাছতো লিভাৰত চৰ্বি জমা হ’ব পাৰে। আনটো হ’ল ননএলকহলিক ফেটি লিভাৰ ডিজিজ (Non Alcoholic Fatty Liver Disease)। এই ৰোগৰ আঁৰত দৈনন্দিন খাদ্যাভ্যাস আৰু জীৱনশৈলৰ ওপৰতো বহুখিনি নিৰ্ভৰশীল।

 পূৰ্বতে বয়সস্থ লোকৰ ক্ষেত্ৰত এই ৰোগ দেখা গৈছিল। কিন্তু এতিয়া শিশুৰ মাজতো এই সমস্যা গঢ় লৈ উঠিছে। বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ আশীষ মিত্ৰই কয় যে এইসকল ৰোগীয়ে বেছিভাগ সময়তে নিজৰ খাদ্যাভ্যাসৰ ওপৰত চকু ৰাখিব লাগে।

 ১. তেলৰ খাদ্য নিয়্ন্ত্ৰণ কৰক-

ডাঃ মিত্ৰৰ মতে এয়া এক অতি ডাঙৰ প্ৰশ্ন। এনে ক্ষেত্ৰত বহুতো সমস্যাৰ সৃষ্টি হব পাৰে। আচলতে তেল চৰ্বিযুক্ত। এই চৰ্বিয়ে বহুক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে। তেল শৰীৰত চৰ্বি হিচাপে জমা হৈ থাকে। ফলত সেই চৰ্বি গোটেই শৰীৰত জমা হৈ পৰে। যদি আপোনাৰ Abdominal Fat আছে তেন্তে লিভাৰত চৰ্বি জমা হোৱাৰ সম্ভাৱনা অধিক।

 ২. কিমান পৰিমাণৰ তেল খাব পাৰি?

ডাঃ মিত্ৰই কয়, এইক্ষেত্ৰত দৈনিক তেলৰ ব্যৱহাৰৰ এক নিয়ন্ত্ৰিত হিচাপ থকা উচিত। বহুত কমাব পাৰিলে ভাল। কিন্তু সেয়া সম্ভৱ নহলেও এজন ব্যক্তিয়ে প্ৰতিদিনে মুঠ ৫ চামুচ তেল খাব পাৰে। যাৰ বাবে সমস্যাটো আংশিক নিৰ্মূল কৰিব পৰা যায়।

 ৩. কি তেল খাব?

ডাঃ মিত্ৰৰ মতে অলিভ অইল, কেনুলা, সূৰ্যমুখী আদি খাব পাৰি। কিন্তু বনস্পতি, ঘিউ, পাম তেল, পনীৰ আদিৰ পৰা আঁতৰি থাকিব লাগে। এই তেলীয়া খাদ্যই সমস্যাৰ সৃষ্টি কৰিব পাৰে।

 ৪. খাদ্য প্ৰণালী-

এনে অৱস্থাত খোৱা-বোৱা সঠিকভাৱে কৰিব লাগে। এইক্ষেত্ৰত আপুনি সাৱধান হব লাগিব। আচলতে ফাষ্টফুডৰ পৰা বাচি চলাৰ লগতে Reddit এৰাই চলক আৰু সেউজীয়া শাক-পাচলি, ফলমূল আদি যথেষ্ট পৰিমাণে খাদ্য খাব লাগে। তেতিয়াহ’লেহে সমস্যাটোৰ পৰা বাচি থাকিব পাৰি।

 ডাঃ মিত্ৰৰ মতে এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট ব্যায়ামৰ প্ৰয়োজন। এনেক্ষেত্ৰত দিনটোত ৪৫ মিনিট ব্যায়াম কৰিব লাগে। তদুপৰি যদি চাইকেল চলোৱা, সাঁতোৰৰ দৰে ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ে, তেন্তে মাত্ৰ ৩০ মিনিটতে সমস্যাটো দূৰ কৰা সম্ভৱ হ’ব পাৰে। গতিকে চিন্তাৰ কোনো কাৰণ নাই। দৈনিক ব্যায়াম কৰিও আপুনিও সুস্থ আৰু সবল হৈ থাকিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক