--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত কংগনা ৰাণাৱট অতি সক্ৰিয় হৈ থাকে। ইছ্যু যিয়েই নহওক কিয়, অভিনেত্ৰীগৰাকীয়ে নিজৰ মতামত প্ৰকাশ কৰিবলৈ নাপাহৰে। শেহতীয়াকৈ মন্দিৰত চুটি কাপোৰ পিন্ধি যোৱাক লৈ মুখ খুলিছে কংগনাই। মন্দিৰত পশ্চিমীয়া কাপোৰ পিন্ধাসকলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। 

হিমাচলৰ কংৰা জিলাৰ বৈজনাথৰ বিশ্ববিখ্যাত প্ৰাচীন শিৱ মন্দিৰলৈ এগৰাকী যুৱতীয়ে চুটি কাপোৰ পিন্ধি গৈছিল। কোনোবাই তেওঁৰ ফটো তুলি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল। যুৱক এজনে যুৱতীগৰাকীৰ ফটো ছ'চিয়েল মিডিয়াত দি লিখিছিল- ''এয়া হিমাচলৰ বৈজনাথৰ বিখ্যাত শিৱ মন্দিৰৰ দৃশ্য। মানুহে নাইট ক্লাব বা পাবলৈ যোৱাৰ দৰে বৈজনাথ মন্দিৰত উপস্থিত হৈছে। এনে মানুহক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া উচিত নহয়। মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো। এই সকলোবোৰ দেখি মোৰ চিন্তাধাৰাক সৰু বা হীন বুলিও যদি কোৱা হয় তেন্তে মোৰ আপত্তি নাই।''   ইয়াৰ পাছত মানুহে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। 

কংগনাই কয় যে ''এনে মূৰ্খৰ বাবে কঠোৰ নিয়ম থাকিব লাগে। মানুহে ক'ত কি পিন্ধি যাব লাগে সেয়া জ্ঞান থকাটো উচিত। এবাৰ ভেটিকান ভ্ৰমণৰ সময়ত মই চুটি কাপোৰ আৰু টি-চাৰ্ট পিন্ধিছিলো আৰু ভেটিকান চৌহদত প্ৰৱেশ কৰিবলৈও দিয়া হোৱা নাছিল। বস্ত্ৰ সলনি কৰিবলৈ মই হোটেললৈ উভতি যাব লগা হৈছিল। নাইট ড্ৰেছ আৰু কেজুৱেল ড্ৰেছ পিন্ধা এনে মানুহে ক'ত কি পিন্ধিব লাগে সেয়া সম্যক জ্ঞান ৰাখিব লাগে। এনে মানুহৰ জীৱনৰ কোনো উদ্দেশ্য নাই বুলি মই ভাবো, এই ধৰণৰ মূৰ্খৰ বাবে ধৰ্মীয়স্থানত প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ নিয়ম থাকিব লাগে।''

কংগনাৰ কথাত সমৰ্থন কৰি মানুহে কয় যে মন্দিৰত প্ৰৱেশৰ বাবে মান্য সাজ-পোছাক থাকিব লাগে। মন্দিৰ উপাসনাস্থলীহে, ফেশ্বন শ্ব নহয়। অশ্লীল বা চুটি কাপোৰ পিন্ধা কোনো মানুহকে মন্দিৰত প্ৰৱেশ কৰিবলৈ দিব নালাগে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন