--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত কংগনা ৰাণাৱট অতি সক্ৰিয় হৈ থাকে। ইছ্যু যিয়েই নহওক কিয়, অভিনেত্ৰীগৰাকীয়ে নিজৰ মতামত প্ৰকাশ কৰিবলৈ নাপাহৰে। শেহতীয়াকৈ মন্দিৰত চুটি কাপোৰ পিন্ধি যোৱাক লৈ মুখ খুলিছে কংগনাই। মন্দিৰত পশ্চিমীয়া কাপোৰ পিন্ধাসকলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। 

হিমাচলৰ কংৰা জিলাৰ বৈজনাথৰ বিশ্ববিখ্যাত প্ৰাচীন শিৱ মন্দিৰলৈ এগৰাকী যুৱতীয়ে চুটি কাপোৰ পিন্ধি গৈছিল। কোনোবাই তেওঁৰ ফটো তুলি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল। যুৱক এজনে যুৱতীগৰাকীৰ ফটো ছ'চিয়েল মিডিয়াত দি লিখিছিল- ''এয়া হিমাচলৰ বৈজনাথৰ বিখ্যাত শিৱ মন্দিৰৰ দৃশ্য। মানুহে নাইট ক্লাব বা পাবলৈ যোৱাৰ দৰে বৈজনাথ মন্দিৰত উপস্থিত হৈছে। এনে মানুহক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া উচিত নহয়। মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো। এই সকলোবোৰ দেখি মোৰ চিন্তাধাৰাক সৰু বা হীন বুলিও যদি কোৱা হয় তেন্তে মোৰ আপত্তি নাই।''   ইয়াৰ পাছত মানুহে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। 

কংগনাই কয় যে ''এনে মূৰ্খৰ বাবে কঠোৰ নিয়ম থাকিব লাগে। মানুহে ক'ত কি পিন্ধি যাব লাগে সেয়া জ্ঞান থকাটো উচিত। এবাৰ ভেটিকান ভ্ৰমণৰ সময়ত মই চুটি কাপোৰ আৰু টি-চাৰ্ট পিন্ধিছিলো আৰু ভেটিকান চৌহদত প্ৰৱেশ কৰিবলৈও দিয়া হোৱা নাছিল। বস্ত্ৰ সলনি কৰিবলৈ মই হোটেললৈ উভতি যাব লগা হৈছিল। নাইট ড্ৰেছ আৰু কেজুৱেল ড্ৰেছ পিন্ধা এনে মানুহে ক'ত কি পিন্ধিব লাগে সেয়া সম্যক জ্ঞান ৰাখিব লাগে। এনে মানুহৰ জীৱনৰ কোনো উদ্দেশ্য নাই বুলি মই ভাবো, এই ধৰণৰ মূৰ্খৰ বাবে ধৰ্মীয়স্থানত প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ নিয়ম থাকিব লাগে।''

কংগনাৰ কথাত সমৰ্থন কৰি মানুহে কয় যে মন্দিৰত প্ৰৱেশৰ বাবে মান্য সাজ-পোছাক থাকিব লাগে। মন্দিৰ উপাসনাস্থলীহে, ফেশ্বন শ্ব নহয়। অশ্লীল বা চুটি কাপোৰ পিন্ধা কোনো মানুহকে মন্দিৰত প্ৰৱেশ কৰিবলৈ দিব নালাগে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস