--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া  নীতি আয়োগৰ বৈঠক  বৰ্জন কৰাৰ মুখ্যমন্ত্ৰীসকলক তালিকা দীঘলীয়া হৈ গৈ আছে।মমতা বেনাৰ্জী, অৱবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানৰ পিছত এইবাৰ নীতিশ কুমাৰ , কে চন্দ্ৰশেখৰ ৰাও, এম.কে. ষ্টালিন, পিনাৰাই বিজয়ন, অশোক গেহলটেও বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।

 ৰাজনৈতিক বিশ্লেষক একাংশই  এই প্ৰৱণতাক মোদী চৰকাৰৰ বিতৰ্কিত সিদ্ধান্তসমূহৰ  বিৰুদ্ধে বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদৰ পৰিচায়ক বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে নতুন দিল্লীত নীতি আয়োগৰ বৈঠকত উপস্থিত নাথাকে বুলি ইতিমধ্যে ঘোষণা কৰিছে। তেওঁ ১৫ মে'ত নাবান্নাত এখন সংবাদমেলত এইকথা কৈছিল।মুখ্যমন্ত্ৰী মমতাই নীতি আয়োগৰ বৈঠকক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। অৱশ্যে প্ৰাৰম্ভিক খবৰ অনুসৰি পশ্চিমবংগ চৰকাৰৰ কোনো এজন মন্ত্ৰী বা শীৰ্ষ আমোলা ৰাজ্য প্ৰশাসনৰ প্ৰতিনিধি হিচাপে বৈঠকত উপস্থিত থাকিব পাৰে। 

ইপিনে আম আদমী পাৰ্টিয়ে  (আপ)শাসন কৰা দুখন ৰাজ্যৰ  দুজন মুখ্যমন্ত্ৰী ক্ৰমে  দিল্লীৰ অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ ভগৱন্ত মানেও নীতি আয়োগৰ বৈঠক "বৰ্জন" কৰাৰ কথা ঘোষণা কৰিছে। কেজৰিৱালে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰও লিখিছে। শনিবাৰে পুৱা বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডি(ইউ)ৰ নেতা নীতিশ কুমাৰ, তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) মুৰব্বী চন্দ্ৰশেখৰ আৰু তামিলনাডুৰ শাসনাধিষ্ঠ ডিএমকেৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনেও একে পথ অনুসৰণ কৰাৰ কথা ঘোষণা কৰে।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু ৰাজস্থান কংগ্ৰেছৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও দিল্লীত বৈঠকত উপস্থিত নাথাকিব বুলি জানিব পৰা গৈছে। অৱশ্যে বিজয়নে "আন কাৰ্য্যসূচী"থকাৰ বাবেই বৈঠকত উপস্থিত নাথাকে বুলি কাৰণ উল্লেখ কৰিছে।  গেহলটে 'শাৰীৰিক অসুস্থতা 'ৰ কাৰণ দৰ্শাইছে ।কমেও আঠখন অ-বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই কেন্দ্ৰৰ অস্বস্তি বৃদ্ধি কৰিছে বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস