--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া  নীতি আয়োগৰ বৈঠক  বৰ্জন কৰাৰ মুখ্যমন্ত্ৰীসকলক তালিকা দীঘলীয়া হৈ গৈ আছে।মমতা বেনাৰ্জী, অৱবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানৰ পিছত এইবাৰ নীতিশ কুমাৰ , কে চন্দ্ৰশেখৰ ৰাও, এম.কে. ষ্টালিন, পিনাৰাই বিজয়ন, অশোক গেহলটেও বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।

 ৰাজনৈতিক বিশ্লেষক একাংশই  এই প্ৰৱণতাক মোদী চৰকাৰৰ বিতৰ্কিত সিদ্ধান্তসমূহৰ  বিৰুদ্ধে বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদৰ পৰিচায়ক বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে নতুন দিল্লীত নীতি আয়োগৰ বৈঠকত উপস্থিত নাথাকে বুলি ইতিমধ্যে ঘোষণা কৰিছে। তেওঁ ১৫ মে'ত নাবান্নাত এখন সংবাদমেলত এইকথা কৈছিল।মুখ্যমন্ত্ৰী মমতাই নীতি আয়োগৰ বৈঠকক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। অৱশ্যে প্ৰাৰম্ভিক খবৰ অনুসৰি পশ্চিমবংগ চৰকাৰৰ কোনো এজন মন্ত্ৰী বা শীৰ্ষ আমোলা ৰাজ্য প্ৰশাসনৰ প্ৰতিনিধি হিচাপে বৈঠকত উপস্থিত থাকিব পাৰে। 

ইপিনে আম আদমী পাৰ্টিয়ে  (আপ)শাসন কৰা দুখন ৰাজ্যৰ  দুজন মুখ্যমন্ত্ৰী ক্ৰমে  দিল্লীৰ অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ ভগৱন্ত মানেও নীতি আয়োগৰ বৈঠক "বৰ্জন" কৰাৰ কথা ঘোষণা কৰিছে। কেজৰিৱালে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰও লিখিছে। শনিবাৰে পুৱা বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডি(ইউ)ৰ নেতা নীতিশ কুমাৰ, তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) মুৰব্বী চন্দ্ৰশেখৰ আৰু তামিলনাডুৰ শাসনাধিষ্ঠ ডিএমকেৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনেও একে পথ অনুসৰণ কৰাৰ কথা ঘোষণা কৰে।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু ৰাজস্থান কংগ্ৰেছৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও দিল্লীত বৈঠকত উপস্থিত নাথাকিব বুলি জানিব পৰা গৈছে। অৱশ্যে বিজয়নে "আন কাৰ্য্যসূচী"থকাৰ বাবেই বৈঠকত উপস্থিত নাথাকে বুলি কাৰণ উল্লেখ কৰিছে।  গেহলটে 'শাৰীৰিক অসুস্থতা 'ৰ কাৰণ দৰ্শাইছে ।কমেও আঠখন অ-বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই কেন্দ্ৰৰ অস্বস্তি বৃদ্ধি কৰিছে বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে