--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো বস্তুৰেই ভাল-বেয়া দুটা দিশ থাকেই৷ সঠিক ভাবে ব্যৱহাৰ নকৰিলে অমৃতো কেতিয়াবা গৰল হৈ পৰিব পাৰে৷ সাধাৰণতে গৰমৰ দিনত পিয়াহ পলুৱাবলৈ অথবা দেহত পানীৰ পৰিমাণে সঠিক ৰাখিবলৈ আমি আন শীতল পানীয়ৰ লগতে ডাব নাৰিকলৰ পানীও পান কৰো। ডাব নাৰিকলৰ প্ৰাকৃতিক। নাৰিকল পানীৰ যথেষ্ট গুণ  আছে। কিন্তু সকলো ধৰণৰ  উপকাৰ স্বত্বেও অত্যাধিক নাৰিকল পানী খোৱাটো স্বাস্থ্যৰ  বাবে ক্ষতিকৰ হ'ব পাৰে।

সেয়ে ডাব নাৰিকলৰ পানী যিকোনো লোকেই যিমান ইচ্ছা সিমান পান কৰিব পাৰি বুলি আমি বহুতেই ধাৰণা কৰো। কিন্তু কথা বোৰ তেনে নহয়। কেতিয়াবা ডাব নাৰিকলৰ পানীয়েও বহুতৰ বাবে অপকাৰী হৈ উঠিব পাৰে।

যদি আপুনি অত্যাধিক নাৰিকল পানী খায় তেন্তে কি হ'ব?ডাব নাৰিকলৰ পানীয়ে শৰীৰত খনিজ পদাৰ্থৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে। কিন্তু ইমান বোৰ স্বাস্থ্যজনিত গুণ থকা স্বত্বেও, অত্যাধিক নাৰিকল পানী খোৱাটো এনেবোৰ কাৰণত ক্ষতিকাৰক হ'ব পাৰে।

১. যদি বৃক্কৰ ৰোগ আছে

ডাব নাৰিকলৰ পানীত বিভিন্ন প্ৰকাৰৰ খনিজ লৱণ থাকে, যেনে  কেলচিয়াম, পটাছিয়াম। বৃক্কৰ সমস্যাত ভুগি থকা সকলে   অত্যাধিক ডাব নাৰিকলৰ পানী খাই থাকিলে  খনিজ নিমখৰ ভাৰসাম্য নষ্ট হ'ব পাৰে। অত্যাধিক নাৰিকলৰ পানী খালে 'হাইপাৰকেলেমিয়া' হ'ব পাৰে। দেহত পটাছিয়াম বিশুদ্ধকৰণৰ ক্ষেত্ৰতো সমস্যা হ'ব পাৰে। সেয়েহে, বৃক্কৰোগীসকলে ডাব নাৰিকলৰ পানী খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

২. যদি  ৰক্তচাপত 
ডাব নাৰিকলৰ পানীত যথেষ্ট পৰিমাণে ছডিয়াম থাকে। অতিৰিক্ত ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। ছডিয়ামৰ উপৰি নাৰিকলৰ পানীত পটাছিয়ামো থাকে। যি ৰক্তচাপ হ্ৰাস কৰিব পাৰে। ফলস্বৰূপে, যিসকলে ৰক্তচাপৰ সমস্যাত ভুগি আছে, তেওঁলোকৰ বাবে অত্যাধিক নাৰিকল পানীয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৩. ডায়েবেটিচত

ডায়েবেটিচত ভুগি থকা সকলে ডাব নাৰিকলৰ পানী খাব লাগে নে নাই সেই বিষয়ে বিশেষজ্ঞসকলৰ মতভেদ আছে। কিছুমানে কয় যে যেতিয়া শৰীৰত ডিহাইড্ৰেচন হয় তেতিয়া ডাব নাৰিকলৰ পানীয়ে চেনিৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰিব পাৰে। কিছুমানে কয় যে এক কাপ ডাব নাৰিকলৰ পানীত প্ৰায় ৬.২৬ গ্ৰাম কাৰ্বোহাইড্ৰেট থাকিব পাৰে। যি ৰক্তৰ শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ