--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাজিয়াৰ বাবে , মাৰপিটৰ বাবে কিবা এটা চেলুহে লাগে৷ কেতিয়াবা অতি সাধাৰণ কথাটো মহাযুদ্ধৰ সূচনা হয়৷ তেনে এক ঘটনাই ঘটিছে উত্তৰ প্ৰদেশৰ বাগপটত৷ কইনাঘৰে পৰিবেশন কৰা পনীৰৰ তৰকাৰীত পনীৰ বিচাৰি নোপোৱাৰ পিছতে আৰম্ভ হয় হুলস্থূল৷ সাধাৰণ কথা কটা-কটিয়েই শেষত যুঁজৰ ৰূপ ল’লে৷ 

নিমিষৰ ভিতৰতে  বিবাহ অনুষ্ঠানটো যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ল! কইনা আৰু দৰাৰ পৰিয়ালৰ সদস্যসকল এই মাৰপিটত  জড়িত হৈ পৰিল৷  ঘটনাটো উত্তৰ প্ৰদেশৰ বাগপটত সংঘটিত হৈছে যদিও ঘটনাটোৱে সমগ্ৰ দেশতে আলোড়ণৰ সৃষ্টি কৰিছে৷ বহুতে ঘটনাটোকলৈ চিন্তিত হৈ পৰাৰ লগতে বহুতে আকৌ আমোদো পাইছে৷


মাৰপিটৰ এটা ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷  বিবাহস্থলীত উপস্থিত থকা  অতিথিসকলক ইজনে সিজনক ঘোঁচা মৰা ভিডিঅ’টোত দেখা গৈছে৷  কেইজনমান আত্মীয়ক হাতত লাঠি আৰু বেল্ট লৈ মাৰপিটত লিপ্ত হোৱা  দেখা গৈছে। ঘোঁচা খাই এজন লোক অজ্ঞান  হৈ ঢলি পৰাও দেখা গৈছে।কেৱল সেয়াই নহয়, কাজিয়াৰ বাবেই বিবাহস্থলীৰ কাষেৰে যোৱা এটা ব্যস্ত পথ ৭০ মিনিটৰ বাবে বন্ধ হৈ পৰে৷  ভাইৰেল ভিডিঅ'টো ইতিমধ্যে ১৪০,০০ বাৰ মানুহে চাইছে। বহুলোকে টুইটাৰত এই ভিডিঅ'টো শ্বেয়াৰো কৰিছে৷  যোৱা বছৰৰ ১৯ ফেব্ৰুৱাৰীতো বিহাৰৰ পূৰ্ণিয়াত একে ধৰণৰ ঘটনা সংঘটিত হৈছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন