--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাজিয়াৰ বাবে , মাৰপিটৰ বাবে কিবা এটা চেলুহে লাগে৷ কেতিয়াবা অতি সাধাৰণ কথাটো মহাযুদ্ধৰ সূচনা হয়৷ তেনে এক ঘটনাই ঘটিছে উত্তৰ প্ৰদেশৰ বাগপটত৷ কইনাঘৰে পৰিবেশন কৰা পনীৰৰ তৰকাৰীত পনীৰ বিচাৰি নোপোৱাৰ পিছতে আৰম্ভ হয় হুলস্থূল৷ সাধাৰণ কথা কটা-কটিয়েই শেষত যুঁজৰ ৰূপ ল’লে৷ 

নিমিষৰ ভিতৰতে  বিবাহ অনুষ্ঠানটো যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ল! কইনা আৰু দৰাৰ পৰিয়ালৰ সদস্যসকল এই মাৰপিটত  জড়িত হৈ পৰিল৷  ঘটনাটো উত্তৰ প্ৰদেশৰ বাগপটত সংঘটিত হৈছে যদিও ঘটনাটোৱে সমগ্ৰ দেশতে আলোড়ণৰ সৃষ্টি কৰিছে৷ বহুতে ঘটনাটোকলৈ চিন্তিত হৈ পৰাৰ লগতে বহুতে আকৌ আমোদো পাইছে৷


মাৰপিটৰ এটা ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷  বিবাহস্থলীত উপস্থিত থকা  অতিথিসকলক ইজনে সিজনক ঘোঁচা মৰা ভিডিঅ’টোত দেখা গৈছে৷  কেইজনমান আত্মীয়ক হাতত লাঠি আৰু বেল্ট লৈ মাৰপিটত লিপ্ত হোৱা  দেখা গৈছে। ঘোঁচা খাই এজন লোক অজ্ঞান  হৈ ঢলি পৰাও দেখা গৈছে।কেৱল সেয়াই নহয়, কাজিয়াৰ বাবেই বিবাহস্থলীৰ কাষেৰে যোৱা এটা ব্যস্ত পথ ৭০ মিনিটৰ বাবে বন্ধ হৈ পৰে৷  ভাইৰেল ভিডিঅ'টো ইতিমধ্যে ১৪০,০০ বাৰ মানুহে চাইছে। বহুলোকে টুইটাৰত এই ভিডিঅ'টো শ্বেয়াৰো কৰিছে৷  যোৱা বছৰৰ ১৯ ফেব্ৰুৱাৰীতো বিহাৰৰ পূৰ্ণিয়াত একে ধৰণৰ ঘটনা সংঘটিত হৈছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক