--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীয়ে বিয়া পাতিলে ভগৱান শিৱক। এমবিএ পাছ কৰা যুৱতীগৰাকীৰ বিয়া অনুষ্ঠিত হয় ব্ৰহ্মকুমাৰী আশ্ৰমত। নিকিতা নামৰ যুৱতীগৰাকীয়ে বিয়াৰ বাবে কোনো পুৰুষক নহয় ভগৱান শিৱকহে বাচি লয়। 

আচলতে এম বি এ পাছ নিকিতা চৌৰাচিয়াই কইনাৰ সাজ-পোছাক পিন্ধি ভগৱান শিৱ শংকৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ব্ৰহ্মকুমাৰী আশ্ৰমতে বিয়াৰ হালধি, মেহেন্দি আদি ৰীতি-নীতি হৈছিল। শুভ গীত গোৱা হৈছিল। বিয়াৰ সকলো ৰীতি-নীতিৰ অন্তত নিকিতাই ভগৱান শংকৰক বৰমালা পিন্ধায়। এই ঘটনা মধ্যপ্ৰদেশৰ দতিয়াৰ।
दुल्हन निकिता चौरसिया
নিকিতাই কয় যে ''পৃথিৱীৰ প্ৰতিজন মানুহ অসুখী, গতিকে মই আধ্যাত্মিকতাৰ পথ বাছি লৈছো আৰু ভগৱান শিৱক মোৰ স্বামী বুলি গণ্য কৰি মই তেওঁৰ বাবে মোৰ জীৱন উচৰ্গা কৰিছো। নিকিতাই লগতে কয় যে ''মই যেতিয়া ভগৱান শিৱক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিলো তেতিয়া মোৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়েও মোৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰি আমাক সমৰ্থন কৰিছিল।''

নিকিতাৰ আত্মীয়ই কয় যে নিকিতাৰ ভগৱান শংকৰৰ সৈতে বিবাহ সন্দৰ্ভত সমাজৰ প্ৰতিক্ৰিয়া সঠিক নহয়, ভাল কৰিলে সমাজৰ একাংশই সদায় বিৰোধিতা কৰি আহিছে। নিকিতাক বিয়া কৰাই দিয়া ব্ৰহ্মকুমাৰী আশ্ৰমৰ লগত জড়িত লোকসকলে কয় যে ''এয়া ভগৱানৰ লগত একত্ৰিত হোৱাৰ এক উপায় আছে, আমি ইয়াকে লৈ বহু সুখী।''

ব্ৰহ্মকুমাৰী আশ্ৰমে কয় যে ''সাংসাৰিক জীৱনৰ মোহ ত্যাগ কৰাটো এক অতি কঠিন কাম আৰু পৰম্পৰাৰ ধাৰাটোৰ বিপৰীতে গৈ সমাজৰ কথা ধ্যান নিদি মীৰাবাঈৰ দৰে ভগৱানক স্বামী হিচাপে গ্ৰহণ কৰাটো আৰু অধিক কঠিন, কিন্তু নিকিতাই এম বি এ শিক্ষা লাভ কৰিও আধ্যাত্মিকতাৰ পথ বাছি লৈছে, এয়া নিশ্চয়কৈ আদৰণীয়।'' 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক