--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীয়ে বিয়া পাতিলে ভগৱান শিৱক। এমবিএ পাছ কৰা যুৱতীগৰাকীৰ বিয়া অনুষ্ঠিত হয় ব্ৰহ্মকুমাৰী আশ্ৰমত। নিকিতা নামৰ যুৱতীগৰাকীয়ে বিয়াৰ বাবে কোনো পুৰুষক নহয় ভগৱান শিৱকহে বাচি লয়। 

আচলতে এম বি এ পাছ নিকিতা চৌৰাচিয়াই কইনাৰ সাজ-পোছাক পিন্ধি ভগৱান শিৱ শংকৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ব্ৰহ্মকুমাৰী আশ্ৰমতে বিয়াৰ হালধি, মেহেন্দি আদি ৰীতি-নীতি হৈছিল। শুভ গীত গোৱা হৈছিল। বিয়াৰ সকলো ৰীতি-নীতিৰ অন্তত নিকিতাই ভগৱান শংকৰক বৰমালা পিন্ধায়। এই ঘটনা মধ্যপ্ৰদেশৰ দতিয়াৰ।
दुल्हन निकिता चौरसिया
নিকিতাই কয় যে ''পৃথিৱীৰ প্ৰতিজন মানুহ অসুখী, গতিকে মই আধ্যাত্মিকতাৰ পথ বাছি লৈছো আৰু ভগৱান শিৱক মোৰ স্বামী বুলি গণ্য কৰি মই তেওঁৰ বাবে মোৰ জীৱন উচৰ্গা কৰিছো। নিকিতাই লগতে কয় যে ''মই যেতিয়া ভগৱান শিৱক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিলো তেতিয়া মোৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়েও মোৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰি আমাক সমৰ্থন কৰিছিল।''

নিকিতাৰ আত্মীয়ই কয় যে নিকিতাৰ ভগৱান শংকৰৰ সৈতে বিবাহ সন্দৰ্ভত সমাজৰ প্ৰতিক্ৰিয়া সঠিক নহয়, ভাল কৰিলে সমাজৰ একাংশই সদায় বিৰোধিতা কৰি আহিছে। নিকিতাক বিয়া কৰাই দিয়া ব্ৰহ্মকুমাৰী আশ্ৰমৰ লগত জড়িত লোকসকলে কয় যে ''এয়া ভগৱানৰ লগত একত্ৰিত হোৱাৰ এক উপায় আছে, আমি ইয়াকে লৈ বহু সুখী।''

ব্ৰহ্মকুমাৰী আশ্ৰমে কয় যে ''সাংসাৰিক জীৱনৰ মোহ ত্যাগ কৰাটো এক অতি কঠিন কাম আৰু পৰম্পৰাৰ ধাৰাটোৰ বিপৰীতে গৈ সমাজৰ কথা ধ্যান নিদি মীৰাবাঈৰ দৰে ভগৱানক স্বামী হিচাপে গ্ৰহণ কৰাটো আৰু অধিক কঠিন, কিন্তু নিকিতাই এম বি এ শিক্ষা লাভ কৰিও আধ্যাত্মিকতাৰ পথ বাছি লৈছে, এয়া নিশ্চয়কৈ আদৰণীয়।'' 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু