--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চাহ সঞ্জীৱনী। পুৱাই টোপনিৰ পৰা উঠি চাহকাপ পান কৰিলে নতুন শক্তি পোৱা যায়। পুৱাৰ উপৰি আন সময়তো চাহে আমাৰ দেহত প্ৰাণ চঞ্চলতা আনি দিব পাৰে। চাহত থকা কেফেইনৰ বাবেই বাবেই আমি চাহপান কৰাৰ পিছতে নতুন শক্তি অনুভৱ কৰো। কিন্তু চাহ কিদৰে প্ৰস্তুত কৰা হয় তাৰ ওপৰতো চাহে কৰিব পৰা উপকাৰ-অপকাৰ আদি নিৰ্ভৰ কৰিব পাৰে।

আমাৰ বহুতেই টি-বেগ ব্যৱহাৰ কৰিও চাহ প্ৰস্তুত কৰো। বিশেষকৈ ৰে'ল আদিত ভ্ৰমণ কৰাৰ সময়তো এনে চি বেগৰ পৰা প্ৰস্তুত কৰা চাহ আমি বহুতে পান কৰো।  কিয়নো অকমান গৰম পানীত টি বেগটো ডুবাই দিলেই চাহ সাজু হৈ যায়। 

কিন্তু এনে একাপ চাহ খাই আমি হয়তো ভাবিবলৈ আহৰিয়েই নাপাও যে আমি হয়তো  চাহ কাপৰ সৈতে কিবা বিষাক্ত বস্তুও সেৱন কৰিলো।

আপোনাৰ যদি টি-বেগৰ পৰা প্ৰস্তুত কৰা চাহ পান কৰাটো  দৈনন্দিন অভ্যাসত পৰিণত হৈছে তেতিয়াহ’লে সাৱধান হওক। টি বেগৰ জৰিতে আপোনাৰ অলক্ষিতে পেটত সোমাব পাৰে  বহু প্লাষ্টিক কণা।

কানাডাৰ মন্ট্ৰিল মেকগিল বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এই বুলি  প্ৰতিবেদনত দিছিল যে গৰম পানীত টি বেগ ডুবালে তাৰ পৰা লাখ লাখ প্লাষ্টিকৰ কণা বাহিৰ হয় যিবোৰ কণা চাহ খাওতে শৰীৰত প্ৰৱেশ কৰে।

গৰম পানীৰ তাপমাত্ৰাত প্লাষ্টিক কণাবোৰ অধিক সক্ৰিয় হৈ পৰে। মেকগিল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চাৰি ধৰণৰ টি বেগ পৰীক্ষা কৰি চাইছিল। প্ৰতিটো টি বেগতেই তেওঁলোকে প্লাষ্টিকৰ উপস্থিতি বিচাৰি পাইছিল।

আমেৰিকাৰ কেমিকেল ছচাইটিৰ প্ৰকাশিত জাৰ্ণেল ‘এনভাইৰনমেন্টেল ছায়েন্স এণ্ড টেকন’লজি’ত গৱেষণাৰ সৱিশেষ প্ৰকাশিত হৈছিল।

গৱেষণাত প্ৰাপ্ত তথ্য অনুসৰি  প্ৰায় ভাগ টি বেগতে ১১০০ কোটি মাইক্ৰপ্লাষ্টিক আৰু ৩০০ কোটি নেনোপ্লাষ্টিক কণা থাকিব পাৰে । এনে প্লাষ্টিক কণা  খালী চকুৰে দেখা পোৱা নাযায়। মাইক্ৰস্কোপতো আনকি সকলোবোৰৰ অস্তিত্ব ধৰা নপৰে। 

মেকগিল বিশ্ববিদ্যালয়ৰ গৱেষণা প্ৰকাশ পোৱাৰ পাছতে এনেবোৰ কথা পোহৰলৈ আহিছে।  গতিকে চাহ পান কৰিবলগীয়া হ'লে সাধাৰণভাবে আমি যিদৰে ঘৰতে উতলাই চাহ প্ৰস্তুত কৰো তেনে চাহ খোৱাই ভাল। টি-বেগৰ চাহ পান কৰি  বিষাক্ত প্লাষ্টিকেৰে শৰীৰটোলৈ বিপদ নমাইনো আনো কিয়?




FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক