--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চাহ সঞ্জীৱনী। পুৱাই টোপনিৰ পৰা উঠি চাহকাপ পান কৰিলে নতুন শক্তি পোৱা যায়। পুৱাৰ উপৰি আন সময়তো চাহে আমাৰ দেহত প্ৰাণ চঞ্চলতা আনি দিব পাৰে। চাহত থকা কেফেইনৰ বাবেই বাবেই আমি চাহপান কৰাৰ পিছতে নতুন শক্তি অনুভৱ কৰো। কিন্তু চাহ কিদৰে প্ৰস্তুত কৰা হয় তাৰ ওপৰতো চাহে কৰিব পৰা উপকাৰ-অপকাৰ আদি নিৰ্ভৰ কৰিব পাৰে।

আমাৰ বহুতেই টি-বেগ ব্যৱহাৰ কৰিও চাহ প্ৰস্তুত কৰো। বিশেষকৈ ৰে'ল আদিত ভ্ৰমণ কৰাৰ সময়তো এনে চি বেগৰ পৰা প্ৰস্তুত কৰা চাহ আমি বহুতে পান কৰো।  কিয়নো অকমান গৰম পানীত টি বেগটো ডুবাই দিলেই চাহ সাজু হৈ যায়। 

কিন্তু এনে একাপ চাহ খাই আমি হয়তো ভাবিবলৈ আহৰিয়েই নাপাও যে আমি হয়তো  চাহ কাপৰ সৈতে কিবা বিষাক্ত বস্তুও সেৱন কৰিলো।

আপোনাৰ যদি টি-বেগৰ পৰা প্ৰস্তুত কৰা চাহ পান কৰাটো  দৈনন্দিন অভ্যাসত পৰিণত হৈছে তেতিয়াহ’লে সাৱধান হওক। টি বেগৰ জৰিতে আপোনাৰ অলক্ষিতে পেটত সোমাব পাৰে  বহু প্লাষ্টিক কণা।

কানাডাৰ মন্ট্ৰিল মেকগিল বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এই বুলি  প্ৰতিবেদনত দিছিল যে গৰম পানীত টি বেগ ডুবালে তাৰ পৰা লাখ লাখ প্লাষ্টিকৰ কণা বাহিৰ হয় যিবোৰ কণা চাহ খাওতে শৰীৰত প্ৰৱেশ কৰে।

গৰম পানীৰ তাপমাত্ৰাত প্লাষ্টিক কণাবোৰ অধিক সক্ৰিয় হৈ পৰে। মেকগিল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চাৰি ধৰণৰ টি বেগ পৰীক্ষা কৰি চাইছিল। প্ৰতিটো টি বেগতেই তেওঁলোকে প্লাষ্টিকৰ উপস্থিতি বিচাৰি পাইছিল।

আমেৰিকাৰ কেমিকেল ছচাইটিৰ প্ৰকাশিত জাৰ্ণেল ‘এনভাইৰনমেন্টেল ছায়েন্স এণ্ড টেকন’লজি’ত গৱেষণাৰ সৱিশেষ প্ৰকাশিত হৈছিল।

গৱেষণাত প্ৰাপ্ত তথ্য অনুসৰি  প্ৰায় ভাগ টি বেগতে ১১০০ কোটি মাইক্ৰপ্লাষ্টিক আৰু ৩০০ কোটি নেনোপ্লাষ্টিক কণা থাকিব পাৰে । এনে প্লাষ্টিক কণা  খালী চকুৰে দেখা পোৱা নাযায়। মাইক্ৰস্কোপতো আনকি সকলোবোৰৰ অস্তিত্ব ধৰা নপৰে। 

মেকগিল বিশ্ববিদ্যালয়ৰ গৱেষণা প্ৰকাশ পোৱাৰ পাছতে এনেবোৰ কথা পোহৰলৈ আহিছে।  গতিকে চাহ পান কৰিবলগীয়া হ'লে সাধাৰণভাবে আমি যিদৰে ঘৰতে উতলাই চাহ প্ৰস্তুত কৰো তেনে চাহ খোৱাই ভাল। টি-বেগৰ চাহ পান কৰি  বিষাক্ত প্লাষ্টিকেৰে শৰীৰটোলৈ বিপদ নমাইনো আনো কিয়?




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?