--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জামু এবিধ অতি উত্তম ফল। এতিয়া জামুৰ বতৰ। বতৰৰ ফল বতৰতে খোৱা ভাল। ক’লা জামুত যথেষ্ট পৰিমাণে পটাচিয়াম, কেলচিয়াম, মেগনেচিয়াম, ফচফৰাছ, ভিটামিন-B1, ভিটামিন-B6, ভিটামিন-C ৰ লগতে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ জামু এবিধ সুস্বাদু ফল৷ জামুৰে জাম, জেলী, চৰ্বত তৈয়াৰ কৰা হয়।জামুৰ আছে অনেক গুণাগুণ। ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক৷
 ১] ডায়েবেটিছ ৰোগীৰ বাবে এবিধ উত্তম পথ্য হ’ল জামু৷ জামু সেৱনৰ ফলত তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয়৷ 

২] জামত যথেষ্ট পৰিমাণে ফচফৰাছ আৰু কেলচিয়াম থাকে, সেয়ে জামু খালে শিশুৰ হাড়ৰ গঠন মজবুত হয়৷ 

৩] বয়সস্থ লোকে জাম খালে অষ্টিঅ’পৰোছিছ [Osteoporosis] ৰোগ নিয়ন্ত্ৰণ হয়৷

৪] জামু খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ 

৫] ইয়াত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-চি প্ৰচুৰ পৰিমাণে থাকে বাবে কাহ, কফ, ফ্লু আদিৰ পৰা ৰক্ষা পাব পাৰি৷

৬] ভিটামিন-B1, ভিটামিন-B6, ভিটামিন-C আদি যথেষ্ট পৰিমাণে জামুত থাকে৷ সেয়ে জাম খালে ছাল সজীৱ আৰু মসৃণ হয়৷ 

৭] জামত আইৰন প্ৰচুৰ পৰিমাণে থাকে বাবে ৰক্তহীনতা দূৰ হয়।

৮] শিশুক মগজুৰ বিকাশ আৰু স্মৃতিশক্তি বঢ়াবলৈ দৈনিক জামু খাবলৈ দিলে ভাল৷

৯] দাঁত পৰিষ্কাৰ কৰি ৰখাত জামুৱে সহায় কৰে। 

১০]মুখৰ পৰা ওলোৱা দুৰ্গন্ধ নোহোৱা কৰে জামুৱে৷

১১] গৰমৰ দিনৰ প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জামু খাওক৷

১২] গ্ৰহণী ৰোগতো কলা জামুৰ ৰস খালে উপকাৰ পোৱা যায়।

১৩]উচ্চ ৰক্তচাপ হ্ৰাস হয়।

১৪]লিভাৰৰ ৰোগৰ উপশম ঘটে।

১৫]কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস হয়।

গতিকে বতৰৰ ফল জামু খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ