--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  কঁঠাল হৈছে এনে এবিধ ফল যিবিধ ফল বিশ্বৰ প্ৰায়ভাগ দেশতে উৎপাদন হয়। বিশেষকৈ গ্ৰীষ্মপ্ৰধান দেশত কঁঠাল বেছি পৰিমাণে উৎপাদন হয়। বিশ্বৰ কোটি কোটি মানুহৰ প্ৰিয় ফলৰ ভিতৰত কঁঠাল অন্যতম। কেৱল ফল বিধেই নহয়, কঁঠালৰ গুটিও বহুতৰে বাবে প্ৰিয় খাদ্য। ফল-মূলৰ নামত আমি বেছি সময়তেই বাচি লওঁ বাণিজ্যিকভাৱে উৎপাদিত আপেল, আঙুৰ আদি। কঁঠালকে ধৰি স্থানীয়ভাবে পোৱা ফল-মূলক আমাৰ মাজৰে বহুতেই গুৰুত্ব নিদিয়াও পৰিলক্ষিত হয়। কিন্তু বাহিৰৰ পৰা অহা ফলত কৈ কঁঠালত থকা পুষ্টিগুণ বহু বেছি।

কঁঠালগুটি বহুতৰে বাবে অৱহেলিত  যদিও কঁঠালগুটিৰ আছে বহু গুণ।এক কথা  কঁঠালগুটিক ভাৰতীয় চুপাৰফুদ (বিভিন্ন পুষ্টি উপাদানৰ অধিক পৰিমাণে থকা)বুলিও ক'ব পাৰি । স্থানীয় খাদ্য এনেয়ো সেই ঠাইৰ জলবায়ুত বাস কৰা জীৱ-অনুকূল হয়।

গৱেষণাই প্ৰমাণ কৰিছে যে কঁঠাল গুটিয়ে শৰীৰৰ বৃদ্ধিৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় এমিন’ এচিদৰ যোগান অব্যাহত ৰাখে।

তাৰোপৰি, অতি প্ৰয়োজনীয় ভিটামিনবোৰ, ফাইবাৰ (আঁহ) আৰু মিনাৰেলসমূহ (খনিজ পদাৰ্থ)ৰ যোগান পূৰামাত্ৰাই ধৰিব পাৰে কঁঠালগুটিয়ে।

কঁঠালগুটিত পলিফেনল থাকে, যি আপোনাক দিব পাৰে বয়সৰ চাপহীন ছাল আৰু শালমইনাৰ দৰে ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ। তাত মেংগানিজ আৰু মেগনেছিয়াম থাকে যি আন বহুটো দিশত উপকাৰী হোৱাৰ লগতে হাঁড় মজবুত কৰাত সহায় কৰে। 

ইয়াত জিংক আৰু আন মাইক্ৰ’ মিনাৰেলো থাকে যি উৰ্বৰতা বৃদ্ধি কৰে আৰু হৰম’নজনিত সমতা ৰক্ষাত ৰক্ষাত সহায় কৰে। ফাইবাৰ, ৰাইব’ফ্লেবিন আৰু  ভিটামিন বি প্ৰফাইল (ভিটামিন বিৰ পৃথক গোটবোৰ) সমৃদ্ধ  কঁঠালগুটিয়ে  ৰক্তচাপ আৰু তেজৰ শৰ্কৰা (চুগাৰ) নিয়ন্ত্ৰণ ৰখাৰ লগতে পেটৰ প্ৰদাহ (ইনফ্লেমে’চন) কমোৱাত সহায় কৰে। 

হৃদযন্ত্ৰ স্বাস্থ্য ৰক্ষাটো ই সহায় কৰে, কাৰণ ই  কলেষ্টেৰল কমোৱাত সহায় কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement