--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্দীপ ৰেড্ডী বংগাৰ পৰিচালনাত নিৰ্মিত ‘এনিমেল’ ছবিখন ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। মুক্তিৰ প্ৰথম দিনাই কেৱল ভাৰতীয় বক্স অফিচত ৬১ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে। মুক্তিৰ তিনিদিন পিছত ২০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰে ‘এনিমেল’। পাঁচ দিনৰ অন্তত ‘এনিমেল’ই সংগ্ৰহ কৰিছে প্ৰায় ৩০০ কোটি টকা।

ছবিখনত মুখ্য চৰিত্ৰত ৰণবীৰ কাপুৰৰ অভিনয় প্ৰশংসিত হোৱাৰ লগতে খলনায়ক চৰিত্ৰতো প্ৰশংসিত হৈছে ববি দেউল। কিন্তু ববিৰ মাক আৰু ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নী প্ৰকাশ কৌৰ পুত্ৰৰ এই কামত সুখী নহয়। বৰং ছবিখন চাই পুত্ৰক ধমকিহে দিছিল।

শেহতীয়া এক সাক্ষাৎকাৰত ববিয়ে কয় যে ছবিখনত তেওঁৰ চৰিত্ৰৰ এটা বিশেষ দৃশ্য মাক প্ৰকাশে ভাল নাপালে। ববিয়ে কয় - ''মায়ে মোৰ মৃত্যু হোৱাটো চাব পৰা নাছিল। কিন্তু মাই ছবিখন দেখি বৰ ভাল পাইছিল।"

কিন্তু ববীৰ পিতৃ বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু ভাতৃ ছানী দেউলে এতিয়ালৈকে তেওঁৰ ছবিখন চোৱা নাই। ববিৰ ভাষাত ক'বলৈ গ'লে "দেউতা আৰু দাদাৰ বাহিৰে মোৰ পৰিয়ালৰ সকলোৱে 'এনিমেল' দেখিছে, আৰু মোৰ কাম দেখি সকলোৱে বৰ সুখী। মই বিশ্বাস কৰিছিলোঁ যে মই এজন ভাল অভিনেতা। কিন্তু ‘এনিমেল’ৰ পিছত তেওঁলোক অধিক সুখী। মোৰ পত্নী আৰু সন্তান সুখী! মোৰ বাবে তেওঁলোকৰ চকুত থকা গৌৰৱ দেখি মই অধিক সুখী হৈছিলো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক