--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্দীপ ৰেড্ডী বংগাৰ পৰিচালনাত নিৰ্মিত ‘এনিমেল’ ছবিখন ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। মুক্তিৰ প্ৰথম দিনাই কেৱল ভাৰতীয় বক্স অফিচত ৬১ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে। মুক্তিৰ তিনিদিন পিছত ২০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰে ‘এনিমেল’। পাঁচ দিনৰ অন্তত ‘এনিমেল’ই সংগ্ৰহ কৰিছে প্ৰায় ৩০০ কোটি টকা।

ছবিখনত মুখ্য চৰিত্ৰত ৰণবীৰ কাপুৰৰ অভিনয় প্ৰশংসিত হোৱাৰ লগতে খলনায়ক চৰিত্ৰতো প্ৰশংসিত হৈছে ববি দেউল। কিন্তু ববিৰ মাক আৰু ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নী প্ৰকাশ কৌৰ পুত্ৰৰ এই কামত সুখী নহয়। বৰং ছবিখন চাই পুত্ৰক ধমকিহে দিছিল।

শেহতীয়া এক সাক্ষাৎকাৰত ববিয়ে কয় যে ছবিখনত তেওঁৰ চৰিত্ৰৰ এটা বিশেষ দৃশ্য মাক প্ৰকাশে ভাল নাপালে। ববিয়ে কয় - ''মায়ে মোৰ মৃত্যু হোৱাটো চাব পৰা নাছিল। কিন্তু মাই ছবিখন দেখি বৰ ভাল পাইছিল।"

কিন্তু ববীৰ পিতৃ বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু ভাতৃ ছানী দেউলে এতিয়ালৈকে তেওঁৰ ছবিখন চোৱা নাই। ববিৰ ভাষাত ক'বলৈ গ'লে "দেউতা আৰু দাদাৰ বাহিৰে মোৰ পৰিয়ালৰ সকলোৱে 'এনিমেল' দেখিছে, আৰু মোৰ কাম দেখি সকলোৱে বৰ সুখী। মই বিশ্বাস কৰিছিলোঁ যে মই এজন ভাল অভিনেতা। কিন্তু ‘এনিমেল’ৰ পিছত তেওঁলোক অধিক সুখী। মোৰ পত্নী আৰু সন্তান সুখী! মোৰ বাবে তেওঁলোকৰ চকুত থকা গৌৰৱ দেখি মই অধিক সুখী হৈছিলো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান